ETV Bharat / sports

চানৰাইজাৰ্ছ হায়দৰাবাদৰ সমুখত 166 ৰাণৰ বিজয় লক্ষ্য - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 9:14 PM IST

Today IPL Match : আই পি এল 2024ৰ 18 সংখ্যক মেচখনত চানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হৈছে চেন্নাই চুপাৰ কিংছ ৷ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন ৷

Today IPL Match
হায়দৰাবাদৰ মুখামুখি হৈছে চেন্নাই চুপাৰ কিংছ

স্পৰ্টছ ডেস্ক, 5 এপ্ৰিল : হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত হোৱা আই পি এল 2024ৰ 18 সংখ্যক মেচখনত চানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হৈছে চেন্নাই চুপাৰ কিংছ ৷ প্ৰথমে বেটিং কৰি চেন্নাই চুপাৰ কিংছে চানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ বাবে বান্ধি দিছে 166 ৰাণৰ লক্ষ্য ৷

  • " class="align-text-top noRightClick twitterSection" data="">

টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় ছানৰাইজাৰ্ছ হায়দৰাবাদে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই চুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 165 ৰাণ ৷ দলৰ হৈ শিৱম ডুবেই বিস্ফোৰক বেটিঙেৰে 24 টা বলত 45 ৰাণ সংগ্ৰহ কৰি পেট কামিনছৰ বলত পেভিলিয়নমুখী হয় ৷ দলৰ জ্যেষ্ঠ খেলুৱৈ আজিংক্য ৰাহানেই 35 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক ৰুতুৰাজ গাইকোৱাডে সংগ্ৰহ কৰে 26 ৰাণ ৷ ৰবীন্দ্ৰ জাডেজাই অপৰাজিত 31 ৰাণ সংগৰ্হ কৰে ৷ হায়দৰাবাদ দলৰ হৈ ভুৱনেশ্বৰ কুমাৰ, অধিনায়ক পেট কামিনছ, শ্বাহবাজ আহমেদ আৰু জয়দেৱ উনাদকাটে দখল কৰে এটাকৈ উইকেট ৷

উল্লখ্য যে, আই পি এলৰ চলিত সংস্কৰণত এতিয়ালৈকে খেলা 3 খন মেচত চেন্নাই চুপাৰ কিংছে 2 খনত জয়লাভ কৰি 4 পইন্টেৰে তালিকাৰ তৃতীয় স্থানত অৱস্থান কৰিছে ৷ ইফালে ছানৰাইজাৰ্ছ হায়দৰাবাদে এতিয়ালৈকে খেলা 3 খন মেচৰ 1খনত জয়লাভ কৰি 2 পইন্টেৰে সপ্তম স্থানত অৱস্থান কৰিছে ৷ আজি ঘৰুৱা খেলপথাৰত ছান ৰাইজাৰ্ছ দলটোৱে জয়লাভেৰে পইন্ট তালিকাত স্থান উন্নত কৰিব বিচাৰিব ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ-

অভিষেক শৰ্মা, এইডেন মাৰ্কৰাম, হেনৰিচ ক্লাচেন (উইকেট কীপাৰ), আব্দুল ছামাদ, নীতিশ ৰেড্ডী, শ্বাহবাজ আহমেদ, পেট কামিন্স (অধিনায়ক), জয়দেৱ উনাদকাট, ভুৱনেশ্বৰ কুমাৰ, মায়ংক মাৰ্কাণ্ডে, টি নটৰাজন ৷

চেন্নাই চুপাৰ কিংছৰ মূল একাদশ-

ৰুতুৰাজ গাইকোৱাদ (অধিনায়ক), ৰাচিন ৰবীন্দ্ৰ, অজিংক্য ৰাহানে, ময়ন আলী, ডেৰিল মিচেল, শিৱম ডুবে, ৰবীন্দ্ৰ জাডেজা, এম এছ ধোনি (উইকেট কীপাৰ), দীপক চাহৰ, তুষাৰ দেশপাণ্ডে, মহীশ তীক্ষণা ৷

লগতে পঢ়ক : গুজৰাটত টাইটানছৰ বিৰুদ্ধে 3 উইকেটত ৰোমাঞ্চকৰ জয় পঞ্জাব কিংছৰ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.