ETV Bharat / sports

নামৰূপত এদিনীয়াকৈ অনুষ্ঠিত আন্তঃক্লাৱ সাঁতোৰ প্ৰতিযোগিতাৰ সামৰণি - SWIMMING COMPETITION AT NAMRUP

author img

By ETV Bharat Sports Team

Published : Sep 8, 2024, 7:19 PM IST

Swimming competition: খেলুৱৈসকলক উপযুক্ত মঞ্চ দিয়াৰ লক্ষ্যৰে নামৰূপত অনুষ্ঠিত আন্তঃক্লাৱ সাঁতোৰ প্ৰতিযোগিতা ৷ এদিনীয়াকৈ অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ৷ পঢ়ক সবিশেষ খবৰ...

SWIMMING COMPETITION AT NAMRUP
নামৰূপত সাঁতোৰ প্ৰতিযোগিতা (ETV Bharat Assam)

মৰাণ, 8 ছেপ্টেম্বৰ: ক্ৰীড়াক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে দেশৰ নাম উজলাবলৈ সক্ষম হৈছে সমগ্ৰ বিশ্বত । বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাৱান খেলুৱৈসকলে । কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত এতিয়া ক্ৰীড়াৰ এটা অতি সুন্দৰ পৰিৱেশ আৰম্ভ হৈছে । প্ৰতিভাৱান খেলুৱৈসকলে প্ৰতিভা বিকাশৰ বাবে উপযুক্ত মঞ্চ লাভ কৰিছে । ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰ খেলুৱৈসকল ।

ডিব্ৰুগড় জিলাখনতো ক্ৰিয়া সংগঠনসমূহৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰৰ সহযোগত বিভিন্ন জিলাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে । দেওবাৰে নামৰূপৰ চুইমিং ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক আন্তঃক্লাৱ সাঁতোৰ প্ৰতিযোগিতা ।

অসমৰ চাৰি জিলাৰ চুইমিং ক্লাৱসমূহৰ ভিত্তিত নামৰূপত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে প্ৰথম ইণ্টাৰ ক্লাৱ চুইমিং প্ৰতিযোগিতা ৷ ডিব্ৰুগড় জিলাৰ লগতে চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়াৰ প্ৰায় তিনি শতাধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । 18 বছৰ অনুৰ্ধ এই প্ৰতিযোগিতাখনি মুঠ 6 টা শাখাত অনুষ্ঠিত হৈছে ।

অসম চুইমিং এছ’চিয়েনৰ যুটীয়া সম্পাদক চন্দনজ্যোতি ফুকন প্ৰতিযোগিতাখনিত উপস্থিত হৈ খেলুৱৈসকলক উৎসাহ প্ৰদান কৰে ৷ অসম চুইমিং এছ’চিয়েনৰ যুটীয়া সম্পাদক চন্দনজ্যোতি ফুকনে কয়, "আজি ডিব্ৰুগড়ৰ বাবে এটা ঐতিহাসিক দিন । ডিব্ৰুগড় জিলাৰ লগতে চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়া সামৰি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । এই প্ৰতিযোগিতাক লৈ অসম সাঁতোৰ সন্থাৰ পৰা শুভেচ্ছা জনাইছো । এই প্ৰতিযোগিতাত যিধৰণে কেইবা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে, ই কেৱল ডিব্ৰুগড়ৰ সাঁতোৰ সন্থাৰ বাবেই নহয়, অসম সাঁতোৰ সন্থাৰ বাবে ঐতিহাসিক দিন হিচাপে বিবেচিত হৈছে" ৷

আনহাতে, ডিব্ৰুগড় জিলা সাঁতোৰ সন্থাৰ সভাপতি যদুনাথ গগৈয়ে কয়, "আজি এই প্ৰতিযোগিতাত 250 ৰ পৰা 300 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে । ডিব্ৰুগড় জিলাৰ লগতে চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়া সামৰি এই আন্তঃক্লাৱ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । এই প্ৰতিযোগিতাত জড়িত প্ৰতিযোগীসকলে এখন মঞ্চ লাভ কৰিছে ৷ ইয়াৰ পাছতে তেওঁলোকে বিভিন্ন পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিব পাৰিব" ৷

লগতে পঢ়ক: এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024: ভাৰতৰ বিৰুদ্ধে 4-0 ত পৰাস্ত আয়োজক চীন - ASIAN HOCKEY CHAMPIONS TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.