ETV Bharat / sports

স্নেহ ৰাণাই ৰচিলে ইতিহাস : ভাৰতৰ হাতত ১০ উইকেটত পৰাভূত দক্ষিণ আফ্ৰিকা - INDW vs SAW

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 6:15 PM IST

Indian Women Cricket Team : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা স্পীনাৰ স্নেহ ৰাণাই দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই এখন মেচত ১০ উইকেট দখল কৰে। এই উজ্জ্বল প্ৰদৰ্শনেৰে তেওঁ এক ডাঙৰ অভিলেখো গঢ়ি তুলিছে । একমাত্ৰ টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰে ৷ সম্পূৰ্ণ খবৰ পঢ়ক..

INDW VS SAW TEST
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয়লাভ (IANS PHOTO)

স্পৰ্টছ ডেস্ক, 1 জুলাই : চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্টত ভাৰতীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাক বৃহৎ ব্যৱধানত পৰাভূত কৰে ৷ স্নেহ ৰাণাৰ বলিং পৰাক্ৰম, শ্বেফালী বাৰ্মা, স্মৃতি মন্ধানা, ৰিছা ঘোষ, হৰমনপ্ৰীত কৌৰৰ বেটিং বিক্ৰমৰ সহায়ত ভাৰতে দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰে ৷

ভাৰতীয় দলটোৱে বলিং আৰু বেটিং অলৰাউণ্ড প্ৰদৰ্শনেৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই চমৎকাৰ বিজয় সাব্যস্ত কৰে ৷ দক্ষিণ আফ্ৰিকাৰ দলটোৱে এই মেচখনত ফলো-অন খেলি মাত্ৰ 37 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়, যি লক্ষ্যত ভাৰতে এটাও উইকেট নেহেৰুৱাকৈ উপনীত হয় ৷

এই মেচত ভাৰতীয় বলাৰ স্নেহ ৰাণাই বিধ্বংসী বলিঙেৰে ইতিহাস সৃষ্টি কৰে ৷ এই মেচত তেওঁ দুৰ্দান্ত প্ৰদৰ্শনেৰে 10 টা উইকেট দখল কৰি অভিলেখ সৃষ্টি কৰে ৷ উৎকৃষ্ট প্ৰদৰ্শনেৰে তেওঁ 10 টা উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় স্পীনাৰত পৰিণত হয় ৷ অফ স্পীনাৰগৰাকীয়ে প্ৰথম ইনিংছত 8 টা উইকেট দখল কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত 2 টা উইকেট দখল কৰে ৷

ইফালে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত অপেনাৰ শ্বেফালী বাৰ্মাৰ দুৰ্দান্ত দ্বি-শতক আৰু স্মৃতি মন্ধানাৰ শতকৰ সহায়ত 6 উইকেট হেৰুৱাই 603 ৰাণৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে ৷ শ্বেফালী বাৰ্মাই 197 টা বল খেলি 205 ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে ৷ 23 টা চাৰি আৰু 8 টা ছয়ৰে 205 ৰাণৰ ইনিংছ সজাই তেওঁ ৰাণ আউটৰ চিকাৰ হয় ৷ ইফালে শ্বেফালী বাৰ্মাৰ সৈতে যুটী বান্ধি স্মৃতি মন্ধানায়ো প্ৰথম ইনিংছৰ অপেনিঙত 149 ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলে ৷ 161 টা বলৰ সন্মুখীন হৈ বেটছমেনগৰাকীয়ে 27 টা চাৰি আৰু 1 টা ছয়ৰে 149 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷

লগতে পঢ়ক : ২০২৫ ৰ চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলত থাকিব নে বিৰাট-ৰোহিত ? - Champions trophy 2025

শ্বেফালি বাৰ্মা আৰু স্মৃতি মন্ধানাই শক্তিশালী আৰম্ভণি দি যোৱাৰ পিচত ভাৰতীয় দলৰ বাকী বেটছমেন কেইগৰাকীয়েও দক্ষিণ আফ্ৰিকাৰ বলিং আক্ৰমণক ওফৰাই এক বিশাল দলীয় স্ক’ৰ সংগ্ৰহ কৰাত যোগ্য অৰিহণা যোগায় ৷ শ্বেফালি আৰু স্মৃতিৰ উইকেট পতনৰ পিচত ব্যক্তিগত 15 ৰাণত শোভা সতীশৰ উইকেট হেৰুৱাইছিল যদিও জেমিমাহ ৰড্ৰিগ’জ (55) আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰে (69) খেললৈ ছন্দ ঘূৰাই আনে ৷ ইয়াৰ পিচতে উইকেট কীপাৰ বেটছমেন ৰিছা ঘোষেও 90 টা বলৰ সন্মুখীন হৈ 86 ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে ৷

আনহাতে প্ৰথম ইনিংছ আৰম্ভ কৰি ফলো-অনৰ সন্মুখীন হয় দক্ষিণ আফ্ৰিকাৰ দল ৷ ভাৰতৰ 603 ৰাণৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 266 ৰাণ সংগ্ৰহ কৰে ৷ প্ৰথম ইনিংছত ভাৰতৰ হৈ স্নেহ ৰাণাই বলিং আক্ৰমণৰ নেতৃত্ব দি 8 টা উইকেট দখল কৰে আৰু দিপ্তী শৰ্মাই দখল কৰে 2 টা উইকেট ৷ ইফালে দ্বিতীয় ইনিংছতো বিপৰ্যয়ৰ সন্মুখীন হয় দক্ষিণ আফ্ৰিকা ৷ দ্বিতীয় ইনিংছত দলটোৱে 10 উইকেট হেৰুৱাই 373 ৰাণ সংগ্ৰহ কৰি মাত্ৰ 36 ৰাণৰ অগ্ৰগতি লাভ কৰে ৷ ইয়াৰ পিচতে ভাৰতে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি এটাও উইকেট নেহেৰুৱাকৈ 9.2 অভাৰতে বিজয় সাব্যস্ত কৰে ৷ স্নেহ ৰাণা প্লেয়াৰ অৱ দ্য মেচ বিবেচিত হয় ৷

লগতে পঢ়ক : টি-২০ বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ বাবে ১২৫ কোটি টকা পুৰস্কাৰ ঘোষণা বিচিচিআইৰ - T20 WC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.