ETV Bharat / sports

দ্বিতীয় এদিনীয়াত জয়লাভ; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ - indw vs saw ODI series 2024

IndW vs SAW 2nd ODI : ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন ৰোমাঞ্চকৰ এদিনীয়াত 4 ৰাণত জয়লাভ কৰে । এই জয়ৰ জৰিয়তে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে শৃংখলা হস্তগত কৰে । দক্ষিণ আফ্ৰিকাৰ অধিনায়ক লৌৰা ৱলভাৰ্ডট আৰু মাৰিজানৰ শতকেও মেচখনত জয়লাভৰ সোৱাদ দিব নোৱাৰিলে আলহী দলটোক ।

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 8:44 AM IST

IndW vs SAW 2nd ODI
জয়ৰ পিচত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উল্লাস (IANS Photo)

স্পৰ্টছ ডেস্ক, 20 জুন : দক্ষিণ আফ্ৰিকা আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতে এক ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে । টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ভাৰতে স্মৃতি মন্ধানা আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰৰ শতকৰ জৰিয়তে 325 ৰাণৰ পৰ্বতসদৃশ স্ক'ৰ অৰ্জন কৰে । আনহাতে, এই ৰাণৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাৰ দলটোৱে নিৰ্ধাৰিত অভাৰত 6 টা উইকেট হেৰুৱাই 321 ৰাণত থমকি ৰ'বলগা হয় । কেপ্টেইন হৰমনপ্ৰীতক তেওঁৰ চিত্তাকৰ্ষক ইনিংছটোৰ বাবে প্লেয়াৰ অব দ্য মেচ হিচাপে সন্মানিত কৰা হয় ।

দুয়োটা দলৰ মাজত অনুষ্ঠিত এই মেচখন অতি উত্তেজনাপূৰ্ণ আছিল । ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু স্মৃতি মন্ধানাই শতক অৰ্জন কৰে । স্মৃতি মন্ধানাৰ এইটো হৈছে একেৰাহে দ্বিতীয়টো শতক । ইয়াৰ পূৰ্বৰ মেচখনতো তেওঁ 117 ৰাণ সংগ্ৰহ কৰিছিল । এইখন মেচত তেওঁ 125 টা বলত 136 ৰাণ সংগ্ৰহ কৰে । আনহাতে, অধিনায়ক হৰমনপ্ৰীতে 88 টা বলত 103 ৰাণ সংগ্ৰহ কৰে । এই দুগৰাকী বেটাৰৰ উপৰি শেফালী বাৰ্মাই 20, দয়ালান হেমলতাই 24 আৰু ৰিচা ঘোষে 25 ৰাণ সংগ্ৰহ কৰে ।

আনহাতে, আলহী দলটোৰ হৈ লৌৰা আৰু মাৰিজানেও শতক অৰ্জন কৰে । ভাৰতৰ 325 ৰাণৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই অতি সুন্দৰ খেল প্ৰদৰ্শন কৰে আৰু অন্তিম বলটোলৈকে লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হয় । অধিনায়ক লৌৰা ৱ'লভাৰ্ডে ১৩৫ টা বলত ১৩৫ ৰাণ সংগ্ৰহ কৰি অন্তিম বলটোলৈকে লক্ষ্য অনুসৰণ কৰে । ইয়াৰ উপৰি মাৰিজান কেপে 94 টা বলত 114 ৰাণ সংগ্ৰহ কৰে । তেওঁৰ ইনিংছটোত 3 টা ছয় আৰু 11 টা চাৰি আছিল ।

অন্তিম অভাৰত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 11 ৰাণৰ প্ৰয়োজন আছিল । সেই সময়ত পূজা বস্ত্ৰকাৰৰ হাতত বল আছিল । বস্ত্ৰকাৰে এক সুন্দৰ স্পেলেৰে দুগৰাকী বেটাৰক পেভিলিয়নলৈ ওভতাই পঠায় । দক্ষিণ আফ্ৰিকাক অন্তিম বলটোত 5 ৰাণৰ প্ৰয়োজন আছিল । কিন্তু বস্ত্ৰকাৰে এই বলটোত বিপক্ষৰ বেটাৰক এটাও ৰাণ সংগ্ৰহ কৰাৰ সুযোগ নিদিলে আৰু দলটোক 4 ৰাণত জয়ৰ সোৱাদ প্ৰদান কৰে । এই জয়ৰ সৈতে ভাৰতে 3 খন মেচৰ এদিনীয়া শৃংখলা ২-০ ব্যৱধানত দখল কৰে ।

ভাৰতীয় বলিং বিভাগত পূজা বস্ত্ৰকাৰ আৰু দীপ্তি শৰ্মাই 2 টাকৈ উইকেট দখল কৰে । আনহাতে, অৰুন্ধতী ৰেড্ডী আৰু স্মৃতি মন্ধানাই এটাকৈ উইকেট দখল কৰে । পৰৱৰ্তী মেচখন অহা ২৩ জুনত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :একেৰাহে দুটা শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা স্মৃতি মন্ধানা - INDIA VS SOUTH AFRICA ODIS

লগতে পঢ়ক :ছুপাৰ ৮ ত আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন আগবঢ়াব পাৰিবনে ভাৰতে ? - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.