ETV Bharat / sports

প্ৰাক্তন অলিম্পিয়ানক দিয়া হ'ব পেঞ্চন আৰু স্বাস্থ্য বীমা - Pension to Indian Olympian

author img

By ETV Bharat Sports Team

Published : Jun 24, 2024, 10:03 AM IST

Pension to Indian Olympian : ভাৰতীয় অলিম্পিক সন্থা সভাপতি পিটি ঊষাই জনোৱা মতে প্ৰাক্তন অলিম্পিয়ানসকলৰ সহায়ৰ বাবে পেঞ্চন আৰু স্বাস্থ্য বীমা আঁচনিৰ দৰে কিছুমান সুবিধাৰ বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে । এই সন্দৰ্ভত সন্থাৰ কাৰ্যকৰী সমিতিক এক প্ৰস্তাৱো দিয়া হৈছে ।

Pension to Indian Olympian
প্ৰাক্তন অলিম্পিয়ানক দিয়া হ'ব পেঞ্চন আৰু স্বাস্থ্য বীমা (IANS PHOTO)

স্পৰ্টছ ডেস্ক, ২৪ জুন : প্ৰাক্তন অলিম্পিয়ানৰ বাবে ভাল খবৰ । ভাৰতীয় অলিম্পিক সন্থাই সকলো প্ৰাক্তন অলিম্পিয়ানৰ বাবে ব্যাপক চিকিৎসা, স্বাস্থ্য বীমা আৰু পেঞ্চন আঁচনি আৰম্ভ কৰিব । সন্থাৰ সভাপতি তথা প্ৰবীণ খেলুৱৈ পিটি ঊষাই দেওবাৰে এই কথা ঘোষণা কৰে । ইয়াক সংগঠনটোৰ ভিতৰত খেলুৱৈকেন্দ্ৰিক সংস্কাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে তেওঁ চিহ্নিত কৰিছে ।

আন্তৰ্জাতিক অলিম্পিক দিৱস উপলক্ষে গুৰবচন সিং ৰন্ধাৱাক সম্বৰ্ধনা জনোৱা এক অনুষ্ঠানত ভাষণ দি ঊষাই প্ৰকাশ কৰে যে তেওঁ এই পৰামৰ্শৰ ওপৰত ভাৰতীয় অলিম্পিক সন্থাৰ কাৰ্যকৰী সমিতিক এক প্ৰস্তাৱ দিছে । এই বিষয়ে সমিতিয়ে শীঘ্ৰেই চিন্তা-চৰ্চা কৰিব । দেশলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন খেলুৱৈসকলৰ কল্যাণৰ প্ৰতি তথা প্ৰতিশ্ৰুতি উল্লেখ কৰি অলিম্পিক সন্থাই এই ব্যয়বোৰ স্বতন্ত্ৰভাৱে পুঁজি যোগান ধৰাৰ পৰিকল্পনা কৰিছে ।

পিটি ঊষাই কয় যে ভাৰতীয় অলিম্পিক সন্থাই খেলুৱৈ কেন্দ্ৰিক ব্যৱস্থা ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু তাৰ ভিতৰত অন্যতম হৈছে সকলো প্ৰাক্তন অলিম্পিয়ানৰ বাবে চিকিৎসা বীমা আৰু পেঞ্চন প্ৰদান কৰা । তেওঁৰ মতে সকলো প্ৰাক্তন অলিম্পিয়ানক মনত ৰাখিব লাগিব আৰু তেওঁলোকক সমৰ্থন কৰিব লাগিব ।

গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা প্ৰাক্তন ভাৰতীয় ধনুৰ্ধৰ লিম্বা ৰামৰ সংগ্ৰামৰ কথা পোহৰলৈ অহাৰ পিচতে এই প্ৰস্তাৱ দিয়া হৈছে । এসময়ত ভাৰতীয় ধনুৰ্বিদ্যাত আশাৰ ৰশ্মি হৈ থকা লিম্বাই এতিয়া গুৰুতৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । যাৰ বাবে সন্থাই অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ বাবে এক শক্তিশালী সমৰ্থন প্ৰণালীৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে ।

ঊষাৰ প্ৰস্তাৱৰ উদ্দেশ্য হৈছে যাতে কোনো প্ৰাক্তন অলিম্পিয়ানে তেওঁলোকৰ অৱসৰৰ পিচৰ সময়বোৰত চিকিৎসাজনিত জৰুৰীকালীন বা আৰ্থিক দুৰ্দশাৰ সন্মুখীন হ'ব নালাগে । এই পদক্ষেপটো হৈছে অলিম্পিক গেমছৰ দৰে আটাইতকৈ ডাঙৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ ত্যাগ আৰু অৱদানৰ ভাৰতীয় অলিম্পিক সন্থাৰ স্বীকৃতিৰ প্ৰমাণ ।

প্ৰস্তাৱিত স্বাস্থ্য বীমা আঁচনিখনে বিভিন্ন ধৰণৰ চিকিৎসা ব্যয় সামৰি ল'ব, যাতে প্ৰাক্তন অলিম্পিয়ানসকলে বিত্তীয় চাপৰ বোজা অবিহনে সৰ্বশ্ৰেষ্ঠ সম্ভৱ সুবিধা লাভ কৰে । আনহাতে পেঞ্চন আঁচনিয়ে উপাৰ্জনৰ এক স্থিৰ উৎস প্ৰদান কৰিব আৰু প্ৰতিযোগিতামূলক ক্ৰীড়াৰ পৰা অৱসৰৰ পিচত খেলুৱৈসকলক এক সন্মানীয় জীৱনধাৰণ বজাই ৰখাত সহায় কৰিব ।

লগতে পঢ়ক :আৰ্চাৰী বিশ্বকাপত ভাৰতীয় ৰিকাৰ্ভ মিক্সড দলৰ ব্ৰঞ্জৰ পদক অৰ্জন - Archery World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.