ETV Bharat / sports

অশ্ৰুসিক্ত নয়নেৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ সুনীল ছেত্ৰীৰ - Sunil Chhetri Farewell Match

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 11:33 AM IST

Sunil Chhetri retires from international football : ভাৰতীয় কিংবদন্তি ফুটবলাৰ সুনীল ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰে । ফিফা বিশ্বকাপ ২০২৬ ৰ কোৱালিফায়াৰ মেচত কুৱেইটৰ বিৰুদ্ধে ড্ৰ’ খেলি ভাৰতে নিজৰ কাৰিজমাটিক ষ্ট্ৰাইকাৰ সুনীল ছেত্ৰীক বিদায় দিয়ে ।

Sunil Chhetri retires from international football
অশ্ৰুসিক্ত নয়নেৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ল’লে সুনীল ছেত্ৰীয়ে (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, ৭ জুন : বৃহস্পতিবাৰে ছল্টলেক ষ্টেডিয়ামত ভাৰত আৰু কুৱেইটৰ মাজত ফিফা বিশ্বকাপৰ কোৱালিফায়াৰ মেচ অনুষ্ঠিত হয় ৷ কিন্তু গ’লবিহীনভাৱে খেলখন সমাপ্ত হোৱাত ভাৰতৰ বিশ্বকাপ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জনৰ আশাত বৃহৎ আঘাত পৰে ।

এই দলটোৱে কেইদিনমানৰ ভিতৰতে কাটাৰক পৰাস্ত কৰিব লাগিব, যিখন এখন গুৰুত্বপূৰ্ণ মেচ । এইখন আছিল অধিনায়ক তথা ভাৰতীয় তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীৰ কেৰিয়াৰৰ শেষৰখন মেচ । সুনীল ছেত্ৰীৰ শেষৰখন মেচ উপভোগ কৰিবলৈ ছল্টলেক ষ্টেডিয়ামত উপস্থিত হৈছিল 58,291 গৰাকী দৰ্শক ।

প্ৰথমাৰ্ধত দুয়োটা দলে সমান প্ৰদৰ্শন দাঙি ধৰিছিল ৷ কুৱেইটে সন্তোষজনক আৰম্ভণি কৰে যদিও গুৰপ্ৰীত সিঙৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবেই দলটোৱে প্ৰতিপক্ষৰ সৈতে সমতা স্থাপন কৰিবলৈ সক্ষম হয় । খেলৰ আৰম্ভণিতে ভাৰতে কিছু চাপৰ সন্মুখীন অনুভৱ কৰে । পিছলৈ ভাৰতীয় দলটোৱে হেৰুওৱা ছন্দ ঘূৰাই পায় যদিও বিশেষ কোনো ফলাফল লাভ নকৰিলে ৷

ইগ’ৰ ষ্টিমেকে প্ৰথমাৰ্ধৰ পিছত অনিৰুদ্ধ থাপা আৰু ছাহাল আব্দুল ছামাদৰ ঠাইত ব্ৰেণ্ডন ফাৰ্ণাণ্ডেছ আৰু ৰহিম আলীক স্থান এৰি দি পৰিস্থিতি সলনি কৰাৰ সিদ্ধান্ত লয় । গ’লৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত আলী প্ৰায় হিৰ’ হৈ পৰিছিল ৷ কিন্তু চুলমান আব্দুল ঘাফুৰে খেলুৱৈগৰাকীক বাধা প্ৰদান কৰে ৷

খেলখনৰ প্ৰথম ৭৫ মিনিটত আনোৱাৰ আলীয়ে আলছুমাইনীক বক্সত নমাই যদিও কুৱেইটক পেনাল্টি দিয়া নহ’ল । ২২ বছৰীয়া জয় গুপ্তাই অতি সুন্দৰকৈ খেলৰ আৰম্ভণি কৰে ৷ তেওঁৰ লেফ্ট ৱেকৰ পজিশ্যনত কিছু শক্তিশালী হৈ থকাৰ বাবে খেলখনৰ বেছিভাগ সময় ঈদ আলৰাশিদীক নিয়ন্ত্ৰণত ৰাখিছিল ।

খেলৰ শেষত হুইচেল বজাৰ লগে লগে ছেত্ৰীয়ে অনুৰাগীসকলক তেওঁলোকৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে ৩৯ বছৰীয়া ছেত্ৰীয়ে শেষবাৰৰ বাবে ষ্টেডিয়ামত নমা দেখা যায় ৷ ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৱে ব্লু টাইগাৰছৰ হৈ খেলা অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীক ষ্টেণ্ডিং অভেচন দি সন্মান প্ৰদৰ্শন কৰে ।

তাৰ পাচতে তেওঁক প্ৰদান কৰা হয় গাৰ্ড অৱ অনাৰ সন্মান ৷ এই সময়ত খেলুৱৈগৰাকীৰো দুচকুৰে আবেগভৰা চকুলো সৰা দেখা যায় ৷ উল্লেখ্য যে, পৰৱৰ্তী ১১ জুনত কোৱালিফায়াৰৰ দ্বিতীয় ৰাউণ্ডৰ অন্তিমখন খেলত ভাৰতে কাটাৰৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ’ব ।

লগতে পঢ়ক : দৰ্শকে আৰু খেলপথাৰত দেখিবলৈ নাপাব সুনীল ছেত্ৰীৰ দুভৰিৰ যাদু - Sunil Chhetri Announces Retirement

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.