ETV Bharat / sports

হাৰাৰেত জয়ছোৱালৰ ধুমুহা, জিম্বাব’ৱেক 10 উইকেট পৰাস্ত ভাৰতৰ - IND VS ZIM

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 5:10 PM IST

Updated : Jul 13, 2024, 8:12 PM IST

IND VS ZIM T20I : চতুৰ্থখন মেচত জয়ী হৈ জিম্বাব’ৱেৰ বিৰুদ্ধে পাঁচনীয়া মেচৰ শৃংখলা দখল ভাৰতীয় যুৱ দলৰ ৷ যশস্বী জয়ছোৱালৰ বেটিং বিক্ৰমৰ সহায়ত জিম্বাব’ৱেক দহ উইকেটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ভাৰতে ৷

IND VS ZIM T20I
ভাৰত-জিম্বাব’ৱেৰ চতুৰ্থখন T-20 (ETV BHARAT ASSAM)

স্পৰ্টছ ডেস্ক, 13 জুলাই : হাৰাৰে স্প’ৰ্টছ ক্লাবত যশস্বী জয়ছোৱাল আৰু অধিনায়ক শুভমন গীলৰ বেটিং বিক্ৰমৰ সহায়ত ভাৰতে জিম্বাব’ৱেক চতুৰ্থ T-২০ত ১০ উইকেটত পৰাস্ত কৰে। ভাৰতৰ হৈ অ’পেনিং বেটছমেন শুভমন গীল আৰু যশস্বী জয়ছোৱালে অপৰাজিত অৰ্ধশতক অৰ্জন কৰে।

153 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে শুভমন গীল আৰু যশস্বী জয়ছোৱালৰ অৰ্ধ শতকৰ সহায়ত 15.2 অভাৰত এটাও উইকেট নেহেৰুৱাকৈ বিজয় সাব্যস্ত কৰে ৷ যশস্বী জয়ছোৱালে মাত্ৰ 53 টা বলতে 93 ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে ৷ তেওঁ 13 টা চিৰা আৰু দুটা ছয়ৰে নিজৰ ইনিংছ সজায় ৷ মাত্ৰ 7 ৰাণৰ বাবে শতক বঞ্চিত হয় যুৱ খেলুৱৈজন ৷ ইফালে জয়ছোৱালক সংগ দি অধিনায়ক শুভমন গীলে 39 টা বলত 58 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ গীলে 2 টা ছয় আৰু 6 টা চাৰিৰে ব্যক্তিগত 58 ৰাণত অপৰাজিত হৈ থাকে ৷ এই জয়েৰে পাঁচখনীয়া মেচৰ শৃংখলাটোত ভাৰতে 3-1 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ৷ যশস্বী জয়ছোৱাল প্লেৱাৰ অব দ্য মেচ বিবেচিত হয় ৷

উল্লেখ্য যে, প্ৰথমখন মেচত জিম্বাব'ৱেৰ বিৰুদ্ধে পৰাজয়ৰ পিচত ভাৰতীয় দলটোৱে শৃংখলাত বৃহৎ প্ৰত্যাৱৰ্তন ঘটাই অগ্ৰগতি লাভ কৰিছে ৷ দ্বিতীয় আৰু তৃতীয় T-২০ মেচত টিম ইণ্ডিয়াই সহজেই জয়লাভ কৰে ৷

ইফালে হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত হোৱা আজিৰ মেচখনত টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় ভাৰতে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি জিম্বাব’ৱে দলটোৱে নিজৰ ইনিংছ আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেটৰ বিনিময়ত 152 ৰাণ সংগ্ৰহ কৰিছে ৷ দলটোৱে শক্তিশালী আৰম্ভণিৰে ভাৰতৰ সন্মুখত 153 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ জিম্বাব’ৱেৰ হৈ অধিনায়ক তথা জ্যষ্ঠ খেলুৱৈ ছিকন্দৰ ৰাজাই 46 ৰাণৰ এক ইনিংছ খেলে ৷ 28 টা বলতে প্ৰবীণ খেলুৱৈজনে এই স্ক’ৰ সংগ্ৰহ কৰি তুষাৰ দেশপাণ্ডেৰ বলত পেভিলিয়নমুখী হয় ৷ অ’পেনাৰ ৱেছলী মাধেভেৰে (25) আৰু টাদিৱানাশে মাৰুমণি (32) এ দলক এক শক্তিশালী আৰম্ভণি দিয়ে ৷

ভাৰতৰ হৈ খলিল আহমেদে সাৰ্বাধিক 2 টা উইকেট দখল কৰে ৷ আনহাতে ৱাশ্বিংটন সুন্দৰ, শিভম ডুবে আৰু অভিষেক শৰ্মাই 1 টাকৈ উইকেট লাভ কৰে ৷ ইফালে আজিৰ মেচত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় T-20ত অভিষেক ঘটোৱা তুষাৰ দেশপাণ্ডেই 1 টা উইকেট দখল কৰে ৷

উল্লেখ্য যে, আজিৰ মেচখনত আন্তঃৰাষ্ট্ৰীয় T-২০ত ভাৰতীয় দলৰ হৈ অভিষেক ঘটাইছে সোঁহাতৰ বেগী বলাৰ তুষাৰ দেশপাণ্ডেই ৷ 2024 চনৰ আই পি এলত তেওঁৰ ফ্ৰেঞ্চাইজি চেন্নাই ছুপাৰ কিংছৰ হৈ উজ্জ্বল প্ৰদৰ্শনৰ বাবে পুৰস্কৃত হৈছে তুষাৰ ৷ যুৱ ক্ৰিকেটাৰগৰাকীয়ে ঘৰুৱা T-২০ খেলাৰ সময়ত 80 খন মেচত 116 টা উইকেট দখল কৰিছে ৷ বেগী বলাৰ আভেশ খানৰ সলনি দলত স্থান লাভ কৰিছে তুষাৰ দেশপাণ্ডেই ৷ আনহাতে এই শৃংখলাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় T-20ত অভিষেক ঘটোৱা ৰিয়ান পৰাগ প্ৰথমখন মেচত ব্যৰ্থ হোৱাৰ পিচত মূল একাদশলৈ প্ৰত্যাৱৰ্তন কৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ তৃতীয়খন মেচৰ পৰা বাহিৰ হোৱা ৰিয়ান পৰাগ আজিৰ মেচখনৰো মূল একাদশত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল ৷

ভাৰতৰ মূল একাদশ-

যশস্বী জয়ছোৱাল, শুভমন গিল (অধিনায়ক), অভিষেক শৰ্মা, ৰুতুৰাজ গায়কোৱাড়, সঞ্জু চেমচন (উইকেট কীপাৰ), ৰিংকু সিং, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণোই, তুষাৰ দেশপাণ্ডে, খলিল আহমেদ ৷

লগতে পঢ়ক : বেটিং প্ৰশিক্ষকৰ পদ বিলোপ কৰাৰ সম্ভাৱনা বি চি চি আইৰ; বলিং প্ৰশিক্ষকৰ দৌৰত মৰ্নে মৰ্কেল - Indian Cricket Team

Last Updated : Jul 13, 2024, 8:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.