ETV Bharat / sports

ভাৰত বনাম বাংলাদেশ টি-20: জিৰণি দিয়া হ’ব পাৰে গিল, বুমৰাহ আৰু চিৰাজক - INDIA VS BANGLADESH - INDIA VS BANGLADESH

T20 I series: বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-20 শৃংখলাৰ সময়ত জিৰণি দিয়া হ’ব পাৰে শুভমন গিল, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজক ৷ অৱশ্যে টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব খেলুৱৈ কেইগৰাকীয়ে ৷

INDIA VS BANGLADESH
শুভমন গিল (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Sep 15, 2024, 4:43 PM IST

স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: বি চি চি আইৰ ৱৰ্কলোড মেনেজমেণ্ট নীতিৰ অংশ হিচাপে 7 অক্টোবৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ টি-20 শৃংখলাৰ সময়ত দলৰ পৰা বাদ পৰিব পাৰে তিনিগৰাকী খেলুৱৈ ৷ অৱশ্যে খেলুৱৈসকলক জিৰণি দিয়াৰ উদ্দেশ্যৰে গ্ৰহণ কৰা হ’ব পাৰে এই সিদ্ধান্ত ৷

বাদ পৰাৰ সম্ভাৱনা থকা অন্যতম খেলুৱৈগৰাকী হৈছে ভাৰতৰ সহ-অধিনায়ক শুভমন গিল ৷ টেষ্ট মেচত ভাৰতৰ 3 নং স্থানত থকা গিল ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু যশস্বী জয়ছোৱালৰ সৈতে এই ছিজনত কমেও 10 খন টেষ্টৰ আটাইকেইখনতে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

গিলৰ উপৰিও নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তিনিখন টেষ্ট শৃংখলাৰ কথা মনত ৰাখি আৰু কেইজনমান গুৰুত্বপূৰ্ণ খেলুৱৈকো জিৰণি দিয়া হ’ব । 19 ছেপ্টেম্বৰৰ পৰা চেন্নাইত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন টেষ্ট শৃংখলাৰ জৰিয়তে ভাৰতে আগন্তুক আন্তঃৰাষ্ট্ৰীয় ছিজনৰ আৰম্ভণি কৰিব ৷

"হয়, শুভমনক বাংলাদেশ টি-20 শৃংখলাৰ বাবে জিৰণি দিয়া হ'ব । কাৰ্যসূচীলৈ লক্ষ্য কৰিলে 7 অক্টোবৰত গোৱালিয়ৰ, 10 অক্টোবৰত দিল্লী আৰু 13 অক্টোবৰত হায়দৰাবাদত অনুষ্ঠিত হ'ব তিনিখন টি-20 মেচ । তাৰপিছতে 16 অক্টোবৰৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট অনুষ্ঠিত হ’ব" ৷

বি চি চি আইৰ এক সূত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, "তিনিদিনৰ টাৰ্ণআউটৰ সৈতে গিলক বিৰতি দিয়াটো গুৰুত্বপূৰ্ণ" ।

গিলে এতিয়ালৈকে 21 খন টি-20 খেলি প্ৰায় 140 ষ্ট্ৰাইক ৰেটৰ উপৰিও 103 টা অৰ্ধশতক অৰ্জন কৰিছে ৷

লগতে এদিনীয়া খেলসমূহো হ’ব গুৰুত্বপূৰ্ণ ৷ কাৰণ সেইটো ফৰ্মেটত আগন্তুক বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ৷ সেয়ে অনুমান কৰিব পাৰি যে, টেষ্ট দলৰ অধিকাংশ খেলুৱৈয়ে টি-20 ত বাংলাদেশৰ বিৰুদ্ধে খেলাৰ সম্ভাৱনা কম ।

ৰোহিত, বিৰাট আৰু ৰবীন্দ্ৰ জাদেজাই আটাইতকৈ চুটি ফৰ্মেটৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ বিপৰীতে পেচাৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজকো ৱৰ্কলোড মেনেজমেণ্টৰ প্ৰয়োজনীয়তা অনুসৰি জিৰণি দিয়া হ’ব ।

অৱশ্যে ঋষভ পন্তে টি-20 মেচত অংশগ্ৰহণ কৰে নে নকৰে, সেয়া চাবলৈ আকৰ্ষণীয় হ’ব ৷ মেনেজমেণ্টে পন্তক জিৰণি দিলে চলিত বছৰত 9 মাহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰত থকা ঈশান কিষাণক দলত স্থান দিয়াৰ সম্ভাৱনা থাকিব ৷

লগতে পঢ়ক: দললৈ প্ৰত্যাৱৰ্তন সন্দৰ্ভত মহম্মদ ছামীৰ বৃহৎ ঘোষণা: কেতিয়ালৈ অনুৰাগীয়ে দলত দেখিবলৈ পাব বলাৰগৰাকীক - MOHAMMED SHAMI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.