ETV Bharat / sports

টি 20 এছিয়া কাপত ভাৰত-পাকিস্তান মেচৰ সময়সূচী সলনি, 19 জুলাইত হ’ব আৰম্ভ - T20 Asia Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 2:00 PM IST

Ind vs Pak Womens Cricket : এছিয়ান ক্ৰিকেট পৰিষদে ১৯ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া এছিয়া কাপৰ সময়সূচীত কিছু সালসলনি ঘটাইছে । পৰিৱৰ্তিত সূচীত ভাৰত-পাকিস্তানৰ মেচৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ।

Ind vs Pak Womens Cricket
ভাৰতীয় মহিলা দল (ANI Photo)

স্প’ৰ্টছ ডেস্ক, ২৬ জুন : চলিত বৰ্ষৰ ১৯ জুলাইৰ পৰা আৰম্ভ হ'ব মহিলা টি-২০ এছিয়া কাপ । কিন্তু প্ৰতিযোগিতাখনৰ পূৰ্বে এছিয়ান ক্ৰিকেট পৰিষদে ইয়াৰ সময়সূচী সলনি কৰিছে । ভাৰত আৰু পাকিস্তানৰ মহিলা ক্ৰিকেট দল দুটাৰ মাজৰ মেচখনৰো সূচী সলনি কৰা হৈছে । নতুন সময়সূচী অনুসৰি এই মেচখন প্ৰতিযোগিতাখনৰ প্ৰথমদিনা, ১৯ জুলাইত অনুষ্ঠিত হ'ব ।

এতিয়া মহিলা টি-২০ এছিয়া কাপ ১৯ জুলাইত প্ৰাইম টাইম সূচীত ভাৰত আৰু পাকিস্তানৰ মাজৰ বহু অপেক্ষাৰত আৰু ৰোমাঞ্চকৰ মেচখনেৰে আৰম্ভ হ'ব । অৱশ্যে দুয়োটা দলৰ মাজত এইখন হ'ব দিনটোৰ দ্বিতীয়খন মেচ । দিনটোৰ আৰম্ভণিতে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ সংযুক্ত আৰব আমিৰেটছ (ইউ এ ই) আৰু নেপালৰ মাজত অনুষ্ঠিত হ'ব ।

আঠটা দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে পাকিস্তান, ইউ এ ই আৰু নেপালৰ সৈতে গ্ৰুপ এত স্থান লাভ কৰিছে । গ্ৰুপ বিত আয়োজক শ্ৰীলংকাৰ সৈতে আছে বাংলাদেশ, মালয়েছিয়া আৰু থাইলেণ্ড । এছিয়ান ক্ৰিকেট কাউন্সিলে প্ৰস্তুত কৰা নতুন সূচী অনুসৰি, প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । দুয়োখন ছেমি ফাইনেল 26 জুলাইত অনুষ্ঠিত হ'ব । আনহাতে, ফাইনেল মেচখন অনুষ্ঠিত হ'ব 28 জুলাইত । ভাৰতৰ আন মেচসমূহৰ ভিতৰত 21 জুলাইত ইউ এ ই আৰু 23 জুলাইত নেপালৰ বিৰুদ্ধে খেলিব ।

মহিলা টি-20 এছিয়া কাপ, 2024 সম্পূৰ্ণ সূচী :

তাৰিখসময়দলসময়দল
19 জুলাই2 বজাইউ এ ই বনাম নেপাল7 বজাভাৰত বনাম পাকিস্তান
20 জুলাই2 বজামালয়েছিয়া বনাম থাইলেণ্ড7 বজাশ্ৰীলংকা বনাম বাংলাদেশ
21 জুলাই2 বজাভাৰত বনাম ইউ এ ই7 বজাপাকিস্তান বনাম নেপাল
22 জুলাই2 বজাশ্ৰীলংকা বনাম মালয়েছিয়া7 বজাবাংলাদেশ বনাম থাইলেণ্ড
23 জুলাই2 বজাপাকিস্তান বনাম ইউ এ ই7 বজাভাৰত বনাম নেপাল
24 জুলাই2 বজাবাংলাদেশ বনাম মালয়েছিয়া7 বজাশ্ৰীলংকা বনাম থাইলেণ্ড
25 জুলাই2 বজাপ্ৰথম ছেমি ফাইনেল7 বজাদ্বিতীয় ছেমি ফাইনেল
28 জুলাই2 বজাফাইনেল

লগতে পঢ়ক :দক্ষিণ আফ্ৰিকাক ক্লিন ছুইপ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ: অন্তিমখন এদিনীয়াত ৬ উইকেটত জয় ভাৰতৰ - INDW vs SAW

লগতে পঢ়ক :ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ ৰিয়ান পৰাগৰ: পুত্ৰৰ সাফল্যত গৌৰৱান্বিত পিতৃ-মাতৃ - Riyan Parag

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.