ETV Bharat / sports

ভাৰতৰ টি-২০ বিশ্বকাপৰ পথ পৰিক্ৰমা - T20 World Cup 2024

author img

By ETV Bharat Sports Team

Published : Jun 1, 2024, 1:32 PM IST

India Campaign in T20 World Cup : ৰোমাঞ্চ, উত্তেজনা আৰু শিহৰণ- এয়াই হৈছে টি-২০ ক্ৰিকেটৰ মাদকতা । তাতে যদি বিশ্বকাপ হয়, ইয়াৰ উত্তাপ আৰু অধিক হয় । আৰু এই টি-২০ বিশ্বকাপৰ উত্তাপে এতিয়া দহিছে ক্ৰিকেট অনুৰাগীক । মাজত মাথোঁ এটা দিন বাকী । দেওবাৰে আমেৰিকাৰ ভূমিত ৰণশিঙা বাজিব টি-২০ বিশ্বযুঁজৰ । ২০১৩ চনত ক্ৰিকেটৰ এই নৱতম সংস্কৰণৰ বিশ্বকাপৰ বিজয় মুকুট পিন্ধিছিল 'মেন ইন ব্লু'ৱে । তেতিয়াৰে পৰা সুদীৰ্ঘ দিনৰ অপেক্ষা । এইবাৰ অন্ত পৰিবনে এই প্ৰতীক্ষাৰ ? টি-২০ বিশ্বকাপত ভাৰতৰ পথ পৰিক্ৰমাৰ ওপৰত এক বিশেষ প্ৰতিবেদন ।

India Campaign in T20 World Cup
প্ৰথম টি-২০ বিশ্বকাপ জয় কৰা ভাৰতীয় দলটো (ETV Bharat)

বিশেষ প্ৰতিবেদন, ১ জুন : ক্ৰিকেটক ধৰ্ম হিচাপে গণ্য কৰা ভাৰতত যেনেদৰে অভাৱ নাই ক্ৰিকেট প্ৰতিভাৰ, তেনেদৰে অভাৱ নাই অনুৰাগীৰো । আনহাতে, বিশ্ব ক্ৰিকেটৰ শেহতীয়া সংস্কৰণ টি-২০ ক্ৰিকেটৰ আগমনে ক্ৰিকেট অনুৰাগীৰ উৎসাহ দুগুণে বৃদ্ধি কৰিছে । ইয়াৰ লগত ভাৰতত সোণত সুৱগা চৰাইছে আই পি এলে ।

মুঠতে প্ৰতিটো বলতে ৰুদ্ধশ্বাস শিহৰণৰ এই খেলবিধত মতলীয়া হৈ পৰে দৰ্শক । তাতে যদি সেয়া বিশ্বকাপ হয়, তেতিয়াহ'লেতো কথাই নাই- 'এনেই বুঢ়ী নাচনী, তাতে নাতিয়েকৰ বিয়া' । এই বিশ্বকাপ ক্ৰিকেটৰ জ্বৰত এতিয়া আক্ৰান্ত সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগী ।

কিন্তু টি-২০ বিশ্বকাপত এতিয়ালৈকে ভাৰতৰ প্ৰদৰ্শন কেনেধৰণৰ ? আগন্তুক বিশ্বকাপৰ পূৰ্বে নিশ্চয় স্মৃতিৰ পাত লুটিয়াই ভাৰতৰ বিশ্বকাপ ইতিহাস এবাৰ ৰোমন্থন কৰাৰ ইচ্ছা জাগিব । তেনেহ'লে পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ।

২ জুন অৰ্থাৎ দেওবাৰৰ পৰা আৰম্ভ হ'ব টি-২০ ক্ৰিকেট বিশ্বকাপ । ভাৰতে এই বিশ্বকাপত ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব । নিশ্চিতভাৱে ৰোহিত বাহিনীয়ে এক সহজ জয়েৰে এই অভিযানৰ সুন্দৰ আৰম্ভণিৰ লক্ষ্য ৰাখিব । কিন্তু ইয়াৰ মাজতে এটা হতাশাজনক কথাও আছে । সেয়া হৈছে মেন ইন ব্লুৱে ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয়ৰ পিচত আইচিচি ট্ৰফী জয়ৰ এক দীঘলীয়া খৰাঙৰ মাজেৰে সময় অতিবাহিত কৰিবলগা হৈছে ।

আনহাতে, এতিয়ালৈকে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ আঠটা সংস্কৰণৰ ভিতৰত ভাৰতৰ শিৰত মাত্ৰ এবাৰহে এই মুকুটে শোভাবৰ্ধন কৰিছে । সেয়া আছিল 2007 চন, টি-২০ বিশ্বকাপৰ অভিষেক বৰ্ষ । মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতীয় যুৱ বাহিনীয়ে প্ৰথমবাৰতেই টি-২০ বিশ্বকাপৰ ট্ৰফীত চুম্বন কৰিছিল ।

কিন্তু তাৰ পিচৰ পৰা এতিয়াও আধৰুৱা স্বপ্ন লৈ ঢপলিয়াই ফুৰিছে ব্লু আৰ্মীয়ে । কিন্তু এইবাৰ এই খৰাঙত আনন্দৰ বন্যাই জোৱাৰ আনিবনে কোটি কোটি ভাৰতীয়ৰ মনত ? সকলোৱে কিন্তু তাৰবাবে অপেক্ষাৰত । অৱশ্যে ইয়াৰ বাবে ভাৰতীয় বাহিনী সম্পূৰ্ণ দাবীদাৰ হৈ আছে । এইবাৰ তাৰকা বেটাৰ ৰোহিত শৰ্মাই 'মেন ইন ব্লু'ৰ নেতৃত্ব কান্ধ পাতি লৈছে ।

আনহাতে, অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই তেওঁক সহযোগ কৰিব । ভাৰতে এক শক্তিশালী বেটিং লাইনআপেৰে প্ৰতিযোগিতাখনত অৱতীৰ্ণ হৈছে । কিন্তু নিম্ন ক্ৰমত হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাদেজাৰ বৰ্তমানৰ বেটিং ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি ফিনিশ্বাৰৰ ভূমিকাৰ ক্ষেত্ৰত দলটোৰ বাবে চিন্তাৰ বিষয় হ'ব পাৰে ।

ইফালে পেচ বিভাগক নেতৃত্ব দিয়াৰ দায়িত্বভাৰ থাকিব যশপ্ৰীত বুমৰাহৰ ওপৰত । কিয়নো সদ্যসমাপ্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) অৰ্শদীপ সিং আৰু মহম্মদ চিৰাজৰ প্ৰদৰ্শন সন্তোষজনক নাছিল ।

টি-২০ বিশ্বকাপ, ২০২৪ৰ পূৰ্বে বিগত সংস্কৰণবোৰত ভাৰতৰ পথ পৰিক্ৰমাত এবাৰ ভুমুকি মাৰি চাওঁ আহক -

  • উদ্বোধনী সংস্কৰণ ভাৰতৰ দখলত

২০০৭ চনত টি-২০ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণে একপ্ৰকাৰ উত্তেজনাৰ সৃষ্টি কৰিছিল । কিয়নো টি-২০ ক্ৰিকেট বিশ্ব ক্ৰিকেটৰ বাবে এক নতুন ফৰ্মেট আছিল । আনহাতে, জ্যেষ্ঠ খেলুৱৈ অবিহনে প্ৰতিযোগিতাখনত অৱতীৰ্ণ হোৱা বাবে ভাৰতীয় দলটোক কোনেও বিশেষ গুৰুত্ব দিয়া নাছিল ।

ইফালে ভাৰতীয় দলটোৱে অতি আকাংক্ষিত এই টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ পূৰ্বে মাত্ৰ এখন টি-২০ মেচহে খেলিছিল । এইটো এটা সম্পূৰ্ণ যুৱ দল আছিল আৰু দলটোক নেতৃত্ব দিছিল মহেন্দ্ৰ সিং ধোনীয়ে । অৱশ্যে যদিও দলটো সন্দৰ্ভত উচ্চ মূল্যাঙ্কন কৰা হোৱা নাছিল, কিন্তু মেন ইন ব্লুৱে তেওঁলোকৰ নিজৰ প্ৰত্যাশাতকৈ অধিক ওপৰৰ খেল প্ৰদৰ্শন কৰিছিল আৰু ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ৰূপালী ট্ৰফীত চুমা আঁকিছিল ।

ফাইনেলৰ কথা ক'বলৈ গ'লে, ভাৰত-পাকিস্তানৰ মেচ বুলিলেই এক স্নায়ু যুঁজ, মন আৰু মগজুৰ তীব্ৰ আলোড়ন । তাতে যদি ফাইনেল হয়, কথা আৰু বেলেগ । কিন্তু ডাঙৰ মেচত ভাৰতৰ বিৰুদ্ধে সদায়ে চাপত থকাৰ দৰে এই মেচখনতো গ্ৰীণ আৰ্মীক ধৰাশায়ী কৰিছিল ব্লু আৰ্মীয়ে । অৱশ্যে টি-২০ ক্ৰিকেটৰ অন্তিম অভাৰ তথা অন্তম বলটোলৈকে যি মাদকতা, সেয়া দৰ্শকে সম্পূৰ্ণ উপভোগ কৰিছিল এই মেচখনতো । অন্তিম অভাৰত জয়ৰ বাবে পাকিস্তানক ১৩ ৰাণৰ প্ৰয়োজন আছিল ।

২০ নম্বৰ অভাৰৰ দ্বিতীয়টো বলত মিছবা-উল-হকে এটা ছয় কোবায় । লগে লগে জয়ৰ সমীকৰণ চাৰিটা বলত ছয় ৰাণলৈ হ্ৰাস পায় । কিন্তু এইখিনিতে পুনৰ নাৰ্ভ টেষ্টত পৰাস্ত হয় পাকিস্তান । মিছবাহে এটা স্কুপ খেলিবলৈ চেষ্টা কৰাৰ সময়ত শ্বৰ্ট ফাইন-লেগত থকা এছ শ্ৰীশান্তৰ হাতত এটা কেছ তুলি দিয়ে আৰু শ্ৰীশান্ত এই সুযোগ এৰি দিয়া ভকত নাছিল । ইয়াৰ পিচৰখিনি ইতিহাস ।

  • নক-আউটত বিফল হোৱাৰ ধাৰাবাহিকতা

২০১৪ চনত ভাৰতে আন এক চমকপ্ৰদ প্ৰদৰ্শনেৰে প্ৰজ্জ্বলিত হৈ উঠিছিল । কিন্তু ফাইনেলত জয়লাভৰ যি গতি তাত গতিৰোধক আহি পৰে । দেশৰ হৈ ১০৬.৩৩ গড়েৰে ৩১৯ ৰাণ সংগ্ৰহ কৰি এই অভিযানত জিলিকি উঠিছিল বিৰাট কোহলী । তেওঁৰ সুন্দৰ প্ৰদৰ্শনে ভাৰতৰ সুদৃঢ় ৰাণৰ ভেটি গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু সোঁহতীয়া বেটাৰগৰাকীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে ফাইনেলত ৭৭ ৰাণৰ এক অনবদ্য উপহাৰ দিছিল ।

কিন্তু শ্ৰীলংকাৰ পেচ যুটি লাচিথ মালিংগা আৰু নুৱান কুলাচেকাৰাই ভাৰতীয় বেটছমেনসকলক অন্তিম তিনি অভাৰত মাত্ৰ ১৫ ৰাণতে বান্ধি ৰাখে । ফলত দলটোৰ স্ক'ৰবোৰ্ডত ৪ উইকেটত মাত্ৰ ১৩০ ৰাণহে জিলিকি থাকে । আনহাতে, এই বিজয় লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাই ১৮ অভাৰত ছয়টা উইকেট হাতত থকা অৱস্থাত ঈপ্সিত লক্ষ্যত উপনীত হয় ।

ভাৰতে ২০১৬-ৰ সংস্কৰণতো ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । কিন্তু দলটো ৱেষ্ট ইণ্ডিজৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগা হয় । লেণ্ডল চিমন্সে তেওঁৰ আক্ৰমণাত্মক ভংগীৰে বিপক্ষৰ বলাৰসকলক ধৰাশায়ী কৰিছিল । অৱশ্যে ক্ৰীজত থকাৰ সময়ত সোঁহতীয়া বেটাৰজনে কেইবাটাও জীৱনদান পায় আৰু ইয়াৰ সুযোগ সম্পূৰ্ণ ব্যৱহাৰ কৰি ৫১ টা বলত অপৰাজিত ৮২ ৰাণৰ ইনিংছেৰে কেৰিবিয়ান দলটোৰ ভেটি মজবুত কৰে ।

তেওঁৰ আক্ৰমণৰ পৰা কোনো এজন বলাৰে ৰেহাই পোৱা নাছিল । ছেমি ফাইনেলত সহজে ১৯৩ ৰাণৰ লক্ষ্যত উপনীত হোৱাৰ পিচত প্ৰথম ইনিংছত বিৰাট কোহলীৰ দুৰ্দান্ত অৰ্ধশতক ম্লান পৰি যায় । ভাৰতে 2022 সংস্কৰণৰ ফাইনেলত উপনীত হোৱাৰ সময়ত এনে অনুভৱ হৈছিল যেন ভাৰতীয় দলৰ দীঘলীয়া অপেক্ষাৰ অন্ত পৰিব আৰু আইচিচি ইভেণ্টত পুনৰ জয়লাভ কৰিব ।

কিন্তু দলটোৱে ৰূপালী ৰঙৰ ট্ৰফীটো জয়ৰ অন্তিম পৰ্যায়ত মুখথেকেচা খাবলগা হয় আৰু 169 ৰাণৰ অতি কম লক্ষ্য প্ৰতিদ্বন্দ্বীক আগবঢ়ায় । কিয়নো পিটচৰ কথা বিবেচনা কৰি এই ৰাণ সংখ্যা ইমান কম আছিল যে ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ এই লক্ষ্যত উপনীত হয় । জছ বাটলাৰ আৰু এলেক্স হেলছে অৰ্ধশতক অৰ্জন কৰে । ভাৰতীয় বেটিং লাইনৰ পৰা আক্ৰমণাত্মক দৃষ্টিভংগীৰ অভাৱৰ বাবে দলটোৱে পৰাজয়ৰ মূল্য ভৰিবলগা হয় ।

  • গ্ৰুপ পৰ্যায়ৰ পৰা প্ৰস্থান

2009 সংস্কৰণৰ কথা যদি ক'বলৈ যোৱা যায়, ডিফেণ্ডিং চেম্পিয়ন দলটোৰ পৰা যথেষ্ট প্ৰত্যাশা আছিল । কিন্তু তেওঁলোকে সেই প্ৰত্যাশা পূৰণ কৰাত ব্যৰ্থ হৈছিল আৰু প্ৰতিযোগিতাখন আয়াৰলেণ্ডৰ বিৰুদ্ধে মাত্ৰ এটা বিজয়েৰে সামৰণি সামৰিছিল । ভাৰতে সেই বৰ্ষত ছুপাৰ এইট পৰ্যায়ৰ পৰায়ে প্ৰস্থান কৰিছিল । ধোনীয়ে পুনৰ এবাৰ ভাৰতীয় দলটোৰ নেতৃত্ব দিছিল যদিও সেইবাৰৰ অভিযান এক হতাশাজনকভাৱে সমাপ্ত হৈছিল ।

২০১০ সংস্কৰণ ধোনী এণ্ড কোম্পানীৰ বাবে আন এক দুৰ্বল সংস্কৰণ আছিল । কিয়নো দলটো গ্ৰুপৰ অন্তিম স্থানত থকাৰ পিচত ছুপাৰ এইটৰ পৰাই বাহিৰ হৈছিল । ভাৰতে ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত প্ৰতিযোগিতাখন দুটা জয়েৰে আৰম্ভ কৰিছিল । কিন্তু একেৰাহে তিনিখন মেচ হেৰুৱাই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল । সুৰেশ ৰাইনা দলটোৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল । তেওঁ 219 ৰাণ সংগ্ৰহ কৰিছিল । আনহাতে, আশিস নেহৰা ভাৰতীয় দলৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল (১০) ।

আনহাতে, ২০১২ চনতো একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতে নকআউটৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছিল । কিয়নো দলটো নেট ৰাণ ৰেটত পিচপৰি আছিল । অৱশ্যে সামগ্ৰিকভাৱে মেন ইন ব্লুৰ বাবে এইটো এক ভাল অভিযান আছিল । কিয়নো দলটোৱে পাঁচখন মেচৰ ভিতৰত চাৰিখনত জয়লাভ কৰিছিল । কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯ উইকেটত হোৱা বৃহৎ পৰাজয়ে তেওঁলোকৰ নেট ৰাণৰেট ব্যাপকভাৱে প্ৰভাৱিত কৰিছিল ।

২০২১ চনটোও ভাৰতীয় দলৰ বাবে এক হতাশাজনক বছৰ আছিল । কিয়নো দলটোৱে পাকিস্তান আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱাৰ পিচত প্ৰতিযোগিতাখনৰ আৰম্ভণিতে বাহিৰ হৈছিল । ভাৰতক প্ৰথমে পাকিস্তানে ১০ উইকেটত পৰাস্ত কৰিছিল আৰু তাৰ পিছত ব্লেক কেপছে আঠ উইকেটৰ ব্যৱধানত প্ৰতিযোগিতাখনত একপ্ৰকাৰ নিঃশেষ কৰিছিল ।

যি কি নহওক, ব্যৰ্থতাৰ ইতিহাস মচি ৰোহিতৰ কান্ধত ভৰ দি এইবাৰ মেন ইন ব্লুৱে বিজয়ৰ নতুন ধাৰাৰ আৰম্ভণি ঘটাব বুলি কোটি কোটি ভাৰতীয়ই এতিয়া শুভেচ্ছা জনাইছে । হয়তো এয়াই টি-২০ বিশ্বকাপত অন্তিম বেটিং শৈলী প্ৰদৰ্শন হ'ব পাৰে ৰোহিত-বিৰাটৰ । তাৰ পূৰ্বে আন এক যুৱ ভাৰতীয় দলক জয়েৰে উদ্ভাসিত কৰিবলৈ কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি নকৰিব বুলিয়েই বিশ্বাস ৰোহিত ব্ৰিগেডৰ ওপৰত । তাৰেই অপেক্ষাত এতিয়া ক্ৰিকেট বলিয়া ভাৰতীয় দৰ্শক তথা অনুৰাগী । আমিও জনালোঁ শুভেচ্ছা- জয়ী হওক দেশৰ ক্ৰিকেট ।

লগতে পঢ়ক :টি-২০ বিশ্বকাপ ২০২৪; অনুশীলন মেচৰ পূৰ্বে ভাৰতীয় দলত যোগদান মেচ বিৰাট কোহলীৰ - T20 World Cup 2024

লগতে পঢ়ক :ভাৰতৰ জাৰ্চি পিন্ধাৰ অনুভৱটো বেলেগ; ভাৰতীয় দললৈ ঘূৰি অহা ঋষভ পণ্টে ক’লে - Rishabh Pant Return To Indian Team

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.