ETV Bharat / sports

পেৰিছ পেৰালিম্পিক ২০২৪: ইতিহাস ৰচিবলৈ সাজু ৮৪ জনীয়া ভাৰতীয় দল - Paris Paralympics 2024

author img

By ANI

Published : Aug 18, 2024, 11:13 AM IST

Paris Paralympics 2024: পেৰিছ পেৰালিম্পিকৰ বাবে ভাৰতে ইতিমধ্যে ৮৪ জনীয়া খেলুৱৈৰ দল ঘোষণা কৰিছে । প্ৰথমবাৰৰ বাবে তিনিটা নতুন ক্ৰীড়াত ভাৰতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । শ্বুটাৰ অৱনী লেখাৰাৰ ওপৰত থাকিব সকলোৰে দৃষ্টি ।

Paris Paralympics 2024
পেৰিছ পেৰালিম্পিকৰ বাবে সাজু ৮৪ জনীয়া ভাৰতীয় দল (ANI)

স্পৰ্টছ ডেস্ক, ১৮ আগষ্ট : অহা ২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব পেৰিছ পেৰালিম্পিক ২০২৪ । পেৰালিম্পিকৰ বাবে সাজু হৈছে ভাৰতীয় খেলুৱৈসকল । প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিবলৈ ভাৰতে ইতিমধ্যে ৮৪ জনীয়া খেলুৱৈৰ নাম উল্লেখ কৰিছে । পেৰালিম্পিক গেমছলৈ প্ৰেৰণ কৰা ভাৰতৰ এইটো সৰ্ববৃহৎ দল হ'ব । টকিঅ' পেৰালিম্পিক ২০২০ত ভাৰতে ৫৪ জনীয়া খেলুৱৈ এটা দল প্ৰেৰণ কৰিছিল । য'ত ১৪ গৰাকী মহিলা অন্তৰ্ভুক্ত আছিল । Olympics.comৰ তথ্য অনুসৰি পেৰিছ পেৰালিম্পিকত সেই সংখ্যা সামগ্ৰিকভাৱে ৮৪ লৈ বৃদ্ধি পাইছে আৰু ভাৰতীয় দলত ৩২ গৰাকী মহিলা অন্তৰ্ভুক্ত হৈছে ।

৩ টা নতুন ক্ৰীড়াত প্ৰতিদ্বন্দ্বিতা ভাৰতৰ :

ভাৰতে পেৰিছ পেৰালিম্পিকত তিনিটা নতুন ক্ৰীড়া ক্ৰমে পেৰা চাইক্লিং, পেৰা ৰোয়িং আৰু দৃষ্টিহীন বা ব্লাইণ্ড জুডোত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব । যাৰ ফলত দেশৰ অংশগ্ৰহণ ১২ টা ক্ৰীড়ালৈ বৃদ্ধি হ'ব । সামগ্ৰিকভাৱে পেৰিছ ২০২৪ত ২২ টা ক্ৰীড়া অনুষ্ঠিত হ'ব । আৰ্শ্বাদ শাইকে পুৰুষৰ চি-২ পেৰা চাইক্লিং ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে জ্যোতি গাডেৰিয়াই মহিলাৰ চি-২ ইভেণ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । কপিল পাৰমাৰে দৃষ্টিহীন জুডোত পুৰুষৰ ৬০ কিলোগ্ৰাম জে-১ ইভেণ্টত অংশগ্ৰহণ কৰিব আৰু মহিলাৰ ৪৮ কিলোগ্ৰাম জে-২ ইভেণ্টত কোকিলাই প্ৰতিদ্বন্দিতা কৰিব । অনিতা আৰু কে. নাৰায়ণে পেৰা ৰোয়িঙত পিআৰ-৩ মিক্সড ডাবলছ স্কালত ভাৰতক প্ৰতিনিধিত্ব কৰিব ।

সফল আছিল টকিঅ' পেৰালিম্পিক ২০২০ :

টকিঅ' পেৰালিম্পিক ২০২০ত ভাৰতৰ আটাইতকৈ সফল পেৰালিম্পিক গেমছ আছিল য'ত দেশখনে ৫ টা সোণ, ৮ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জসহ ১৯ টা পদক লাভ কৰিছিল ।

এইসকলৰ খেলুৱৈৰ ওপৰত থাকিব সকলোৰে দৃষ্টি :

টকিঅ' ২০২০ত বিশ্ব অভিলেখ গঢ়ি মহিলাৰ আৰ-২ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ ১ ইভেণ্টত স্বৰ্ণ জয় কৰা অৱনী লেখাৰাই পেৰিছ পেৰালিম্পিক ২০২৪ত পুনৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব । Olympics.comৰ তথ্য অনুসৰি পেৰালিম্পিকত স্বৰ্ণ পদক জয় কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা আছিল ।

ইফালে ট্ৰেকলৈ উভতি আহিছে পুৰুষৰ এফ ৬৪ জেভলিন থ্ৰ'ৱাৰ সুমিত এণ্টিল । তেওঁ ২০২০ চনৰ টকিঅ'ত অনুষ্ঠিত এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল আৰু দুবাৰকৈ বিশ্ব চেম্পিয়নো হৈছিল । ২৬ বছৰীয়া যুৱকজনে যোৱা বছৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ৭৩.২৯ মিটাৰ থ্ৰ' অৰ্জন কৰি বিশ্ব অভিলেখ গঢ়িছিল ।

ইফালে ভাৰতৰ প্ৰথমটো পেৰালিম্পিক পদক অৰ্জন কৰা টেবুল টেনিছ খেলুৱৈ ভবিনা পেটেলে মহিলাৰ ছিংগল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু লগতে পেৰিছ ২০২৪ ত মহিলাৰ দ্বৈত খেলত সোনালবেন পেটেলৰ সৈতে খেলিব । টকিঅ' পেৰালিম্পিকত আৰ্চাৰীত পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় হৰবিন্দৰ সিঙে পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেন আৰু মিক্সড দলৰ ৰিকাৰ্ভত এছ টি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

লগতে পঢ়ক :পেৰিছ পেৰালিম্পিক 2024: উদ্বোধনী অনুষ্ঠানত ভাগ্যশ্ৰী যাদৱ আৰু সুমিত এণ্টিল ভাৰতৰ ধ্বজাবাহক - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.