স্প’ৰ্টছ ডেস্ক: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা দ্বিতীয়খন এদিনীয়াত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে । হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন দলটোৱে 3 খন মেচৰ এদিনীয়া শৃংখলাত পৰাস্ত হয় ।
দুখনকৈ মেচ শেষ হোৱাৰ পিছত অষ্ট্ৰেলিয়াই শৃংখলা দখল কৰি লাভ কৰিছে 2-0 ৰ অগ্ৰগতি ৷ সম্প্ৰতি অষ্ট্ৰেলিয়াৰ সন্মুখত আছে ঘৰুৱা দলটোক ক্লীন ছুইপ কৰাৰ সুযোগ ৷
Win for Australia in the 2nd #AUSvIND ODI!
— BCCI Women (@BCCIWomen) December 8, 2024
The third & final match of the series to be played on December 11 in Perth.
Scorecard ▶️ https://t.co/gRsQoSo5LR #TeamIndia pic.twitter.com/Q9KDFjbSFH
এদিনীয়া শৃংখলাত ভাৰতক পৰাস্ত অষ্ট্ৰেলিয়াৰ
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দল দুটাৰ মাজত দ্বিতীয়খন খেল দেওবাৰে ব্ৰীছবেনৰ এলান বৰ্ডাৰ ফিল্ডত অনুষ্ঠিত হৈছিল । এই খেলখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি 50 অভাৰত 8 টা উইকেট হেৰুৱাই 371 ৰাণৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতে 44.5 অভাৰত 249 ৰাণতে হেৰুৱাই আটাইকেইটা উইকেট ৷ যাৰ বাবে 122 ৰাণত দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয় ভাৰত ৷
জৰ্জিয়া ৱ'ল আৰু এলিজ পেৰীৰ শতক অৰ্জন
এই খেলখনত জৰ্জিয়া ৱ'ল আৰু এলিজ পেৰীয়ে অষ্ট্ৰেলিয়াৰ হৈ শতক অৰ্জন কৰে । ৱ'লে 87 টা বলত 12 টা চাৰিৰে সংগ্ৰহ কৰে 101 ৰাণ ৷ আনহাতে, পেৰীয়ে 75 টা বলত 7 টা চাৰি আৰু 6 টা ছয়েৰে 105 ৰাণ সংগ্ৰহ কৰে । মেচখনত ফবী লিচফিল্ডে 60 ৰাণ সংগ্ৰহ কৰাৰ লগতে বেথ মুনিয়ে 56 ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ চাইমা ঠাকুৰে 3 টা আৰু মিন্নু মণিয়ে দুটা উইকেট দখল কৰে ।
FIFTY!
— BCCI Women (@BCCIWomen) December 8, 2024
Richa Ghosh gets to her 4th ODI half-century 👌👌
💯 up for #TeamIndia in the chase 👏👏
Live ▶️ https://t.co/gRsQoSo5LR#AUSvIND | @13richaghosh pic.twitter.com/GgMARKyUZU
এনাবেল চাদাৰলেণ্ডৰ চাৰি উইকেট দখল
অষ্ট্ৰেলিয়াৰ দ্বাৰা নিৰ্ধাৰিত 372 ৰাণৰ বিশাল লক্ষ্য আগত লৈ ক্ৰিজত নমা ভাৰতে তীব্ৰ চাপৰ সন্মুখীন হোৱা দেখা যায় ৷ দলৰ হৈ ৰিচা ঘোষৰ সৈতে ইনিংছ মুকলি কৰা স্মৃতি মন্ধানা আছিল অৰ্ধশতক অৰ্জনকাৰী একমাত্ৰ বেটছমেন ।
ভাৰতৰ হৈ ৰিচাই 45 ৰাণ, হৰমনপ্ৰীত কৌৰে 34, জেমিমা ৰড্ৰিগছে 43 ৰাণ আৰু মিন্নু মণিয়ে অপৰাজিত 46 ৰাণ সংগ্ৰহ কৰে ৷ অৱশ্যে এই বেটছমেনসকলে নিজৰ দলক বিজয়ৰ দিশে লৈ যোৱাত ব্যৰ্থ হয় । এনাবেল চাদাৰলেণ্ডে অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক 4 টা উইকেট দখল কৰে ৷
লগতে পঢ়ক: 16 বছৰৰ মূৰত নিউজিলেণ্ডৰ মাটিত টেষ্ট শৃংখলা দখল ইংলেণ্ডৰ