ETV Bharat / sports

ভাৰত বনাম জিম্বাব'ৱে : এইসকল ভাৰতীয় বলাৰৰ ওপৰত থাকিব সকলোৰে দৃষ্টি - IND vs ZIM T20

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 6:26 PM IST

IND vs ZIM T20: ভাৰত আৰু জিম্বাব'ৱেৰ মাজত শনিবাৰৰ পৰা টি-২০ শৃংখলা আৰম্ভ হ'ব । তাৰকা বা অভিজ্ঞ খেলুৱৈ অবিহনে ভাৰতীয় দলে কি ধৰণৰ প্ৰদৰ্শন কৰিব ? জিম্বাব'ৱেৰ বেটছমেনৰ সন্মুখত কোন কোন বলাৰে ভাবুকিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে ।

IND vs ZIM T20
ভাৰত বনাম জিম্বাব'ৱে; এইসকল ভাৰতীয় বলাৰৰ ওপৰত থাকিব সকলোৰে দৃষ্টি (IANS PHOTOS)

স্পৰ্টছ ডেস্ক,৫ জুলাই : শুভমন গিলৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে ৬ জুলাইৰ পৰা জিম্বাব'ৱেৰ বিৰুদ্ধে ৫ খনীয়া টি-২০ শৃংখলা খেলিব । এই টি-২০ শৃংখলাত ভাৰতীয় দলটোৱে যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, মহম্মদ চিৰাজ আৰু মহম্মদ ছামীৰ দৰে তাৰকা আৰু অভিজ্ঞ বলাৰৰ অবিহনে জিম্বাব'ৱেৰ বিৰুদ্ধে খেলপথাৰত অৱতৰণ কৰিব । এনে পৰিস্থিতিত ভাৰতীয় বলিং গোটক কোনে নেতৃত্ব দিব আৰু জিম্বাব'ৱেৰ বেটছমেনসকলক প্ৰত্যাহ্বান জনোৱাৰ বাবে কোন বলাৰে নেতৃত্ব ল'ব ।

ভাৰতৰ ফাষ্ট বলিঙৰ নেতৃত্ব দিব আবেশ খান আৰু মুকেশ কুমাৰে । তেওঁলোক সোঁহাতৰ ফাষ্ট বলাৰ খলিল আহমেদ আৰু তুষাৰ দেশপাণ্ডেয়ে সমৰ্থন কৰিব । ইয়াৰ লগতে,ৰবি বিষ্ণই আৰু ৱাশ্বিংটন সুন্দৰক স্পিন গোটৰ দায়িত্ব লোৱা দেখা যাব । সেয়ে এই বলাৰসকলৰ চমৎকাৰী পৰিসংখ্যাবোৰ চাওঁ আহক ।

  1. আবেশ খান : ভাৰতীয় দলৰ যুৱ সোঁহাতৰ ফাষ্ট বলাৰ আবেশ খান তেওঁৰ সঠিক লাইন আৰু লেন্থৰ বাবে জনাজাত । আবেশে এতিয়ালৈকে ভাৰতৰ হৈ ২০ খন টি-২০ আন্তৰ্জাতিক ১৯ টা ইনিংছত ১৯ টা উইকেট লাভ কৰিছে । এই সময়ছোৱাত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ১৮ ৰাণত ৪ টা উইকেট ।
    IND vs ZIM T20
    আবেশ খান (ANI PHOTOS)
  2. মুকেশ কুমাৰ : মুকেশ কুমাৰ ভাৰতীয় দলৰ বাবে যদিও নতুন মুখ কিন্তু তেওঁ ঘৰুৱা ক্ৰিকেটত তেওঁৰ বলিঙত যথেষ্ট কাম কৰিছে । যাৰ বাবে তেওঁ এই ভ্ৰমণত দলটোৰ আগশাৰীৰ বলাৰ হিচাপে পৰিগণিত হ'ব । মুকেশে এতিয়ালৈকে ভাৰতৰ হৈ ১৪ খন টি-২০ আন্তৰ্জাতিক খেলত ১২ টা উইকেট দখল কৰিছে । এই সময়ছোৱাত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৩২ ৰাণত ৩ টা উইকেট ।
  3. খলিল আহমেদ : ভাৰতীয় ক্ৰিকেট দলৰ বাওঁহাতৰ ফাষ্ট বলাৰ খলিল আহমেদ টি-২০ বিশ্বকাপ ২০২৪ৰ ৰিজাৰ্ভ খেলুৱৈসকলৰ ভিতৰত আছিল আৰু তেওঁ বিশ্বকাপৰ সময়ত দলটোৰ সৈতে ভ্ৰমণ কৰিছিল । তেওঁ এতিয়ালৈকে ভাৰতৰ হৈ ১৪ খন টি-২০ আন্তৰ্জাতিক মেচত ১৩ টা উইকেট দখল কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ২৭ ৰাণত ২ টা উইকেট ।
    IND vs ZIM T20
    খলিল আহমেদ (ANI PHOTOS)
  4. ৰবি বিষ্ণই : ভাৰতীয় দলৰ স্পিন গোটৰ কমাণ্ড ৰবি বিষ্ণইৰ হাতত আছে । ৰবিয়ে এতিয়ালৈকে ভাৰতৰ হৈ ২৪ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ৩৬ টা উইকেট দখল কৰিছে । এই সময়ছোৱাত তেওঁৰ ইক'ন'মি আছিল ৭.৫০ । বিষ্ণইৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ১৬ ৰাণত ৪ টা উইকেট । এই ভ্ৰমণত, ভাৰতে ৰবি বিষ্ণইৰ পৰা সৰ্বাধিক প্ৰদৰ্শনৰ আশা কৰিছে ।
    IND vs ZIM T20
    ৰবি বিষ্ণই (IANS PHOTOS)
  5. ৱাশ্বিংটন সুন্দৰ : ভাৰতীয় দলৰ অফ স্পিনাৰ আৰু বাওঁহাতৰ বেটছমেন ৱাশ্বিংটন সুন্দৰ এই ভ্ৰমণত বল আৰু বেটিং দুয়োটা ক্ষেত্ৰতে উপযোগী প্ৰমাণিত হ'ব পাৰে । সুন্দৰে ৪৩ খন খেলৰ ৪১ টা ইনিংছত ৩৪ টা উইকেট দখল কৰিছে । এই সময়ছোৱাত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ১৮ ৰাণত ৩ টা উইকেট । একে সময়তে সুন্দৰে ১৫ টা ইনিংছত ১ টা অৰ্ধ-শতকৰ সৈতে ১০৭ ৰাণ সংগ্ৰহ কৰিছে ।

ভাৰতীয় দলত অন্তৰ্ভুক্ত তুষাৰ দেশপাণ্ডে এতিয়ালৈকে কোনো আন্তঃৰাষ্ট্ৰীয় মেচ খেলা নাই । যদি তেওঁ এই ভ্ৰমণত আত্মপ্ৰকাশ কৰাৰ সুযোগ পায়, তেন্তে তেওঁ বলিঙেৰে আশ্চৰ্যজনক প্ৰদৰ্শন কৰিব পাৰে । তেওঁ আইপিএলৰ ৩৬ খন খেলত ৪২ টা উইকেট দখল কৰিছে ।

লগতে পঢ়ক :টি-২০ শৃংখলাৰ বাবে হাৰাৰেত উপস্থিত শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দল - Zimbabwe Tour Of Indian Team

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.