ETV Bharat / sports

প্ৰথম এদিনীয়াত ক'লা আৰ্মবেণ্ডৰ সৈতে খেলপথাৰত নামিছে টীম ইণ্ডিয়া : আঁৰৰ কাৰণ কি ? - INDIA VS SRI LANKA - INDIA VS SRI LANKA

IND vs SL 1st ODI : কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ক’লা বেণ্ড পিন্ধি খেলপথাৰত নামিছে টিম ইণ্ডিয়া । কিন্তু কিয় ? পঢ়ক সম্পূৰ্ণ খবৰ...

IND vs SL 1st ODI
ক'লা আৰ্মবেণ্ডৰ সৈতে খেলপথাৰত নামিছে টীম ইণ্ডিয়া (AP Photo)
author img

By ETV Bharat Sports Team

Published : Aug 2, 2024, 5:18 PM IST

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : শুকুৰবাৰে আৰ প্ৰেমদাচা ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে অংশুমান গায়কোৱাডৰ স্মৃতিত ক'লা আৰ্মবেণ্ড পিন্ধি খেলপথাৰত নামে ৷ বুধবাৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় অংশুমান গায়কোৱাড়ৰ ৷

ক'লা আৰ্মবেণ্ড পিন্ধি খেলিছে টীম ইণ্ডিয়াই :

প্ৰথম খন এদিনীয়াত টছৰ পিচত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) এক আনুষ্ঠানিক বিবৃতিত কয়, "বুধবাৰে মৃত্যু হোৱা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাডৰ স্মৃতিত টীম ইণ্ডিয়াই আজি ক'লা আৰ্মবেণ্ড পিন্ধিব ৷"

বুধবাৰে মৃত্যু হয় :

1975 চনৰ পৰা 1987 চনলৈকে ভাৰতৰ হৈ 40 খন টেষ্ট আৰু 15 খন এদিনীয়া খেলা গাইকোৱাড দলৰ নিৰ্বাচক হোৱাৰ লগতে 1997 চনৰ অক্টোবৰৰ পৰা 1999 চনৰ ছেপ্টেম্বৰ মাহলৈকে দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ পিচত বি চি চি আইৰ অনুৰোধত তেওঁ 2000 চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ প্ৰশিক্ষক হিচাপে পুনৰ দললৈ ঘূৰি আহে, য’ত দলটোৱে ফাইনেলত নিউজীলেণ্ডৰ হাতত পৰাস্ত হৈছিল ৷ তেজৰ কৰ্কট ৰোগত আক্ৰান্ত 71 বছৰীয়া গায়কোৱাডৰ বুধবাৰে নিশা প্ৰায় 10 বজাত মৃত্যু হয় ৷

অধিনায়কগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে :

ভাৰতৰ এদিনীয়া আৰু টেষ্টৰ অধিনায়ক ৰোহিত শৰ্মাই শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলৰ পূৰ্বে গায়কোৱাডক শ্ৰদ্ধাঞ্জলি জনাই কয় যে, ‘সেই খবৰটো শুনি মই দুখত ভাগি পৰিছিলো ৷ বি চি চি আইৰ বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত তেওঁৰ সৈতে ব্যক্তিগতভাৱে মত বিনিময় কৰাৰ মোৰ সৌভাগ্য হৈছিল ৷ মই যেতিয়া ৰঞ্জী ট্ৰফী খেলি আছিলো তেতিয়া তেওঁ তাত আছিল আৰু তেওঁ মোৰ খেলৰ বিষয়ে কিছু কথা কওঁতে তেওঁৰ লগত কথা পতাৰ সুযোগ পাইছিলোঁ, যিটো মোৰ বাবে এটা ডাঙৰ কথা আছিল কাৰণ তেওঁ আমাৰ বাবে এজন ডাঙৰ ক্ৰিকেটাৰ আছিল ৷"

চি কে নাইডু লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত :

বহু প্ৰাক্তন ক্ৰিকেটাৰৰ আবেদনৰ পিচতে বি চি চি আয়ে গাইকোৱাডৰ চিকিৎসাৰ বাবে 1 কোটি টকা মুকলি কৰি দিছিল ৷ গাইকোৱাডে 2018 চনত চি কে নাইডু লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰাৰ লগতে ক্ৰিকেট এডভাইজাৰী কমিটি (চি এ চি)ৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

লগতে পঢ়ক : ভাৰতীয় মিক্সড আৰ্চাৰী দলৰ বিস্ফোৰক প্ৰদৰ্শন : কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.