স্পৰ্টছ ডেস্ক, 7 আগষ্ট : শ্ৰীলংকাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত আজি অভিষেক ঘটা অসমসন্তান ৰিয়ান পৰাগে দেখুৱালে পৰাক্ৰম ৷ অভিষেক মেচতে নিজৰ বলিং আক্ৰমণেৰে সিংহল বাহিনীক দিশহাৰা কৰি তুলে ৰিয়ান পৰাগে ৷ দুৰ্দান্ত প্ৰদৰ্শনেৰে আজিৰ মেচখনত শ্ৰীলংকাৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ৰিয়ানে ৷
Innings Break! #TeamIndia restrict Sri Lanka to 248/7.
— BCCI (@BCCI) August 7, 2024
3⃣ wickets on ODI debut for @ParagRiyan
1⃣ wicket each for @Sundarwashi5, @imkuldeep18, @akshar2026 & @mdsirajofficial
Stay Tuned for our chase! ⌛️
Scorecard ▶️ https://t.co/Lu9YkAmnek #SLvIND pic.twitter.com/zrooQ0vaTO
উল্লেখ্য যে, ভাৰতীয় দলৰ হৈ এদিনীয়া ক্ৰিকেটৰ মূল একাদশত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ হিচাবে পৰগণিত হৈছে ৰিয়ান পৰাগ ৷ ইয়াৰ পূৰ্বে জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় T-20 ত ভাৰতীয় জাতীয় দলৰ হৈ অভিষেক ঘটাইছিল প্ৰতিভাৱান যুৱ কেৰিকেটাৰগৰাকীয়ে ৷ জিম্বাব’ৱেৰ বিৰুদ্ধে হোৱা T-20 শৃংখলাৰ পিচতে শ্ৰীলংকাৰ বিৰুদ্ধে ঘোষিত হোৱা এদিনীয়া আৰু T-20 শৃংখলাত স্থান লাভ কৰিছিল ক্ৰিকেটাৰজনে ৷
ইয়াৰ পিচতে আজি শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তিনিখনীয়া মেচৰ অন্তিমখন এদিনীয়াত অভিষেক ঘটাই ৰিয়ান পৰাগে ৷ আজিৰ অভিষেক মেচতে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰে খেলুৱৈজনে ৷ ৰিয়ানে মেচখনত 9 অভাৰ বলিং কৰাৰ সুযোগ পায় ৷ 9 অভাৰত তেওঁ 54 ৰাণ কৰি দলৰ হৈ মেচখনত সৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ মাৰমুখী বেটিঙেৰে দলক বৃহৎ স্ক’ৰৰ দিশে লৈ যোৱা শ্ৰীলংকাৰ বেটছমেন আবিষ্কা ফাৰ্নাণ্ডোক ব্যক্তিগত 96 ৰাণত পেভিলিয়নৰ বাট দেখুৱাই ৰিয়ানে ৷ বেটিং আক্ৰমণেৰে ভাৰতৰ আন অভিজ্ঞ বলাৰসকলক ব্যতিব্যস্ত কৰি তোলা ফাৰ্ণাণ্ডোৰ উইকেট দখল কৰি ৰিয়ানে অভিষেক মেচতে নিজৰ প্ৰতিভা তথা দক্ষতাৰ উমান দিয়ে ৷
ইয়াৰ পিচতে 37.6 নম্বৰ অভাৰটোত শ্ৰীলংকাৰ অধিনায়ক চাৰিথ আচালাংকাক ব্যক্তিগত 10 ৰাণত এল বি ডব্লিউ কৰি পেোভিলিয়নৰ বাট দেখুৱাই ৰিয়ান পৰাগে ৷ আনহাতে দলটোৰ আন এজন বেটছমেন দুনীথ ৱালালাগেক 43.3 অভাৰত বেটছমেনজনৰ ব্যক্তিগত 2 ৰাণত বল্ড কৰি মেচখনত নিজৰ তৃতীয়টো উইকেট দখল কৰে ৰিয়ানে ৷ উল্লেখ্য যে, আজিৰ মেচখনত বাৰতৰ হৈ এদিনীয়াত অভিষেক ঘটোৱা ৰিয়ান পৰাগে প্ৰাক্তন অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ পৰা কেপ গ্ৰহণ কৰে ৷ ৰিয়ানৰ এই সাফল্যৰ বাবে সতীৰ্থৰ লগতে অনুৰাগীসকলে অভিনন্দন জনাইছে ৷
লগতে পঢ়ক : পাল্লেকেলত প্ৰথমখন T-20ত 43 ৰাণত জয়লাভ ভাৰতৰ, ৰিয়ান পৰাগৰ 3 উইকেট - IND vs SL T20 Series 2024