স্পৰ্টছ ডেস্ক, ২৭ জুলাই : ভাৰত আৰু শ্ৰীলংকাৰ মাজত তিনিখনীয়া মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ শনিবাৰে অনুষ্ঠিত হ'ব । ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় সময়মতে সন্ধিয়া ৭ বজাত শ্ৰীলংকাৰ পাল্লেকেল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ঘৰুৱা দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।
টি-২০ মেচখনত ভাৰতীয় ক্ৰিকেট দলটোক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে । আনহাতে, শ্ৰীলংকান ক্ৰিকেট দলৰ নেতৃত্ব দিব চাৰিথ আছালংকাই । মেচখনৰ পূৰ্বে পিটছ ৰিপ'ৰ্ট, দুয়োটা দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈসকল আৰু পৰিসংখ্যাৰ ওপৰত এক অৱলোকন ।
ভাৰত-শ্ৰীলংকা টি-২০ পৰিসংখ্যা
ভাৰত আৰু শ্ৰীলংকাৰ মাজত মুঠ ২৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছে । ইয়াৰে ভিতৰত ভাৰতীয় দলটোৱে 19 খন মেচত জয়লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাই মাত্ৰ 9 খন মেচত ভাৰতক পৰাস্ত কৰিছে । ইয়াৰ উপৰি এখন মেচ ফলাফল শূন্য হিচাপে সমাপ্ত হৈছে । আনহাতে, দুয়োটা দলৰ মাজত অনুষ্ঠিত অন্তিম 5 টি-২০ মেচৰ ভিতৰত ভাৰতে ৩ খন মেচত জয়লাভ কৰিছে । এনে পৰিস্থিতিত শ্ৰীলংকাৰ ওপৰত ভাৰতে প্ৰাধান্য বিস্তাৰ কৰি আহিছে ।
পিটছ ৰিপ'ৰ্ট
কেণ্ডিৰ পাল্লেকেল ষ্টেডিয়ামৰ পিটছ ফাষ্ট বলাৰসকলৰ বাবে সহায়ক হিচাপে গণ্য কৰা হয় । ফাষ্ট বলাৰসকল এই পিটছত নতুন বলেৰে অতি কাৰ্যকৰী প্ৰমাণিত হয় । কিন্তু যদি পিটছত বেটছমেনসকলে এবাৰ থিতাপি লয়, তেন্তে সহজে ৰাণ সংগ্ৰহ কৰিব পাৰে । এই পিটছত স্পিন বলাৰসকলেও পুৰণি বলেৰে সহায় লাভ কৰে । ইয়াত অনুষ্ঠিত ২৩ খন মেচৰ ভিতৰত প্ৰথমে বেটিং কৰা দলটোৱে ১২ খনত জয়লাভ কৰিছে । আনহাতে, দ্বিতীয় ইনিংছত বেটিং কৰা দলটোৱে লক্ষ্য অনুসৰণ কৰি ৯ খন মেচ নিজৰ দখললৈ নিছে ।
ভাৰতৰ এইসকল খেলুৱৈৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব
মেচখনত ভাৰতীয় দলৰ শুভমন গিল আৰু যশস্বী জয়ছোৱালৰ ওপৰত দৃষ্টি থাকিব । দুয়োৰে পৰা ভাৰতে এটা দৃঢ়তাপূৰ্ণ আৰম্ভণি আশা কৰিব । সূৰ্যকুমাৰ যাদৱ, ৰিংকু সিং আৰু হাৰ্দিক পাণ্ডিয়াৰ পৰা দলে এক ভাল সমাপ্তি বিচাৰিব । আনহাতে, বলিঙত ভাৰতৰ হৈ অৰ্শদীপ সিং, মহম্মদ চিৰাজে আৰম্ভণিতে উইকেট দখল কৰিব বুলি আশা কৰিব পাৰি । একেদৰে অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰেও শ্ৰীলংকান বেটছমেনসকলক স্পিন ফান্দত পেলোৱাৰ সম্ভাৱনা আছে ।
শ্ৰীলংকান দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈ
মেচখনত শ্ৰীলংকাই পাথুম নিশাংকা, কুশল পেৰেৰা, দীনেশ চান্দিমাল আৰু অধিনায়ক চাৰিথ আছালংকাই ভাৰতীয় বলাৰসকলৰ বিপৰীতে ৰাণ সংগ্ৰহ কৰিব বুলি আশা কৰিব পাৰি । এই বেটছমেনকেইগৰাকীয়ে নিজৰ বেটিং পৰাক্ৰম প্ৰদৰ্শন কৰিবলৈ প্ৰস্তুত । বলৰ সৈতে ৱানিন্দু হাচাৰাংগা, দুনীশ ভেল্লাগা, মাহীশ দিকছানা আৰু মথিশা পাথিৰানাই ভাৰতীয় বেটছমেনক বিপদত পেলাব পাৰে ।
ভাৰত আৰু শ্ৰীলংকাৰ সম্ভাৱ্য মূল একাদশ
ভাৰত : শুভমন গিল, যশস্বী জয়ছোৱাল, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু চেমচন, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ঋষভ পণ্ট (উইকেটৰক্ষক), মহম্মদ চিৰাজ, অৰ্শদীপ সিং ।
শ্ৰীলংকা : চাৰিথ আছালংকা (অধিনায়ক), পাথুম নিছাল পেৰেৰা, কুশল পেৰেৰা, কুশল মেণ্ডিছ, দীনেশ চান্দিমাল, কামিন্দু মেণ্ডিছ, দাচুন শানাকা, ৱানিন্দু হাচাৰাংগা, দুনীশ ভেল্লালাগা, মাহীশ দিকশানা, মথিশা পাথিৰানা ।