চিটাৰা ডেস্ক, ১০ জুন : চলিত টি-২০ বিশ্বকাপৰ হাই ভল্টেজ মেচখনত ভাৰতে ৬ ৰাণৰ ব্যৱধানত পাকিস্তানক পৰাস্ত কৰে । এই খেলখন বিশ্বৰ কোটি কোটি লোকে উপভোগ কৰিছে । নিউয়ৰ্কৰ নাছাউ কাউণ্টি ষ্টেডিয়ামো দৰ্শকেৰে ভৰি আছিল । পাকিস্তানে টছত জয়ী হৈ প্ৰথমে বলিং কৰে আৰু ১৯ অভাৰত ভাৰতক অলআউট কৰে ।
ভাৰতে পাকিস্তানক ১২০ ৰাণৰ লক্ষ্য দিয়ে । আকৰ্ষণীয় আৰম্ভণি স্বত্বেও কিন্তু পাকিস্তান ভাৰতীয় দলৰ হাতত পৰাজিত হয় । পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত ভাৰতৰ এয়া সপ্তমটো বিজয়ী আছিল ।
ইফালে খেলৰ অন্তিম বলটোৰ পিচতে ভাৰতৰ অনুৰাগীসকলৰ চিঞৰত ষ্টেডিয়াম কঁপি উঠিছিল । ষ্টেডিয়ামত খেল উপভোগ কৰি থকা বিৰাট কোহলীৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাইও আনন্দত আত্মহাৰা হৈ পৰে । অভিনেত্ৰীগৰাকীৰ বহুতো ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
ভিডিঅ'টোত, তেওঁক ভাৰতৰ বিজয় উপভোগ কৰা দেখা গৈছে । ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলখনত জয়ী হোৱাৰ লগে লগে ষ্টেণ্ডত থিয় হৈ থকা অনুষ্কাই উত্তেজনাত আনন্দেৰে জঁপিয়াই পৰে ।
একেদৰে ৰোহিত শৰ্মাৰ পত্মী ৰিতিকাৰো এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ পাইছে । ভাৰতৰ বিজয়ৰ পিচত ষ্টেণ্ডত থিয় হৈ ৰিতিকাক দলটোৰ ষ্টেণ্ডিং অভেশন দিয়া দেখা যায় । তেওঁ কন্যাৰ সৈতে খেলখন উপভোগ কৰি আছিল ।
উল্লেখ্য যে, খেলখনত ভাৰতে ১৯ অভাৰত ১১৯ ৰাণ সংগ্ৰহ কৰিছিল । শীৰ্ষ বেটছমেনসকলৰ দুৰ্বল প্ৰদৰ্শনৰ মাজতে ঋষভ পন্তৰ বেটিঙে দলটোক কিছু সমৰ্থন কৰিছিল । পন্তে ৩১ টা বলত ৪২ ৰাণ সংগ্ৰহ কৰিছিল । পাকিস্তানে খেলখন নিয়ন্ত্ৰণত ৰাখিছিল ।
টি-২০ বিশ্বকাপত পাকিস্তান সপ্তমবাৰৰ বাবে ভাৰতৰ হাতত পৰাজিত হৈছে । ইয়াৰ লগে লগে পাকিস্তান প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা অধিক আছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ হাততো পৰাস্ত হৈছিল দলটো ।