ETV Bharat / sports

ৰোহিত শৰ্মাক আউট কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান: কোনে ক’লে এই কথা ? - IND vs PAK T20 World Cup 2024

India vs Pakistan: ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ বহু প্ৰত্যাশিত মেচখনৰ পূৰ্বে পাকিস্তানৰ বেগী বলাৰ মহম্মদ আমিৰে ৰোহিত শৰ্মা সন্দৰ্ভত এটা বিস্ফোৰক বক্তব্য আগবঢ়াইছে । পঢ়ক সম্পূৰ্ণ খবৰ ।

India vs Pakistan
MOHAMMAD AMIR ON ROHIT SHARMA (AP Photos)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:55 PM IST

নিউজ ডেস্ক, ৭ জুন : ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ খেলখনলৈ মাত্ৰ ২ দিন বাকী আছে । অহা ৯ জুন দেওবাৰে ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত দুয়োটা তীব্ৰ প্ৰতিদ্বন্দ্বী দলৰ মাজত এখন ডাঙৰ মেচ অনুষ্ঠিত হ’ব । সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে এই খেলখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এই মেচত জয়ী হোৱাৰ বাবে দুয়োখন দেশৰ খেলুৱৈৰ ওপৰত সম্পূৰ্ণ হেঁচা আছে । ইফালে পাকিস্তানৰ বেগী বলাৰ মহম্মদ আমিৰে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক সন্দৰ্ভত এটা ডাঙৰ বক্তব্য কৰিছে ।

ৰোহিত শৰ্মা বিশ্বমানৰ খেলুৱৈ

অৱসৰৰ পৰা উভতি আহি পাকিস্তানৰ টি-২০ দলত স্থান দখল কৰা বাওঁহাতৰ বেগী বলাৰ মহম্মদ আমিৰে ভাৰত-পাকিস্তানৰ এই ডাঙৰ মেচখনৰ পূৰ্বে হিটমেনক প্ৰশংসা কৰিছে । ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত আমিৰে কয় যে, ৰোহিত শৰ্মা এজন বিশ্বমানৰ খেলুৱৈ । যেতিয়া তেওঁ ক্ৰীজত থিতাপি লয় তেতিয়া তেওঁক বলিং কৰাটো অতি কঠিন আৰু বিপদজনক হৈ পৰে । তেওঁ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ ঈৰ্ষণীয় পৰিসংখ্যা - T20 World Cup 2024

ৰোহিতক আউট কৰাটো কঠিন

নিজৰ বিধ্বংসী বলিঙেৰে বিশ্বৰ খেলুৱৈক স্তম্ভিত কৰা আমিৰে ভাৰতীয় অধিনায়ক ৰোহিতৰ বিষয়ে কয়, ‘‘যেতিয়া তেওঁ নিজৰ ফৰ্মত আহে তেতিয়া তেওঁক আউট কৰাটো কঠিন হৈ পৰে । আৰম্ভণিতেহে তেওঁলোক আউট কৰাৰ সুযোগ থাকে । আৰম্ভণিতে পেডত বা ব’ল্ড কৰিহে তেওঁক আউট কৰিব পাৰি । কিন্তু, যদি তেওঁ ১৫-২০ টা বল খেলে, তেন্তে তেওঁ এজন বিপজ্জনক বেটাৰ হৈ পৰে ।

লগতে পঢ়ক: হাৰিছ ৰৌফৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ গুৰুতৰ অভিযোগ আমেৰিকান ক্ৰিকেটাৰৰ - T20 World Cup 2024

আমিৰৰ বিৰুদ্ধে ৰোহিতৰ দুৰ্বল স্ক’ৰ

সমগ্ৰ বিশ্বৰ শক্তিশালী বলাৰক পানী খুওৱা ৰোহিত শৰ্মাৰ বেট মহম্মদ আমিৰৰ সন্মুখত স্তব্ধ হৈ পৰে । টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আমিৰৰ ৭ টা বলৰ মুখামুখি হৈছে ৰোহিত । এই সময়ছোৱাত তেওঁ মাত্ৰ ১ ৰান সংগ্ৰহ কৰি ২ বাৰ উইকেট হেৰুৱাইছে । এতিয়া ৯ জুনত ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া মেচখনত আমিৰ আৰু ৰোহিতৰ ভিতৰত কোনে কাৰ ওপৰত শ্ৰেষ্ঠ বুলি প্ৰমাণিত হ’ব সেয়া চাবলৈ আগ্ৰহী হৈ আছে দৰ্শক ।

লগতে পঢ়ক: ৰাহুল দ্ৰাবিড়ক প্ৰশিক্ষক হৈ থাকিবলৈ সৈমান কৰাবলৈ চেষ্টা কৰিছিলো : ৰোহিত শৰ্মা - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.