ETV Bharat / sports

চেন্নাই টেষ্টত বাংলাদেশৰ বিৰুদ্ধে 280 ৰাণত বিজয়ী ভাৰত; অশ্বিনলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা - IND VS BAN 1ST TEST

author img

By ETV Bharat Sports Team

Published : 2 hours ago

IND vs BAN Test Result: চেন্নাইত অনুষ্ঠিত ভাৰত-বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্টত দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে ভাৰতে । এই মেচখনত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে 280 ৰাণত জয় লাভ কৰে ৷

IND VS BAN 1ST TEST
চেন্নাই টেষ্টত ভাৰতৰ জয় (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ: দুখন মেচৰ টেষ্ট শৃংখলাৰে ভাৰত ভ্ৰমণলৈ অহা বাংলাদেশে প্ৰথমখন টেষ্টত টীম ইণ্ডিয়াৰ বিৰুদ্ধে পৰাজয়বৰণ কৰে ৷ মেচৰ চতুৰ্থদিনা 280 ৰাণত বাংলাদেশৰ বিৰুদ্ধে জয় লাভ কৰে ভাৰতীয় ক্ৰিকেট দলটোৱে ৷ ভাৰতে প্ৰথম ইনিংছত 376 ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰাৰ পিছত প্ৰত্যুত্তৰত বাংলাদেশে আটাইকেইটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 149 ৰাণ ৷

দ্বিতীয় ইনিংছত বাংলাদেশৰ বিৰুদ্ধে 515 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ভাৰতে ৷ এই লক্ষ্য অনুসৰণ কৰি বাংলাদেশে সংগ্ৰহ কৰিবলৈ সক্ষম হয় মাত্ৰ 234 ৰাণ ৷

ভাৰতৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে দ্বিতীয় ইনিংছত দখল কৰিছিল 6 টা উইকেট । ইয়াৰোপৰিও ৰবীন্দ্ৰ জাদেজাই 3 টা আৰু যশপ্ৰীত বুমৰাহে এটা উইকেট দখল কৰে । বেটে-বলে উজ্বলি উঠা অশ্বিনক আগবঢ়োৱা হয় প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷ অশ্বিনে প্ৰথম ইনিংছত শতক অৰ্জন কৰাৰ লগতে দ্বিতীয় ইনিংছত দখল কৰিছিল 6 টাকৈ উইকেট ৷

ভাৰতৰ প্ৰথম ইনিংছ

ভাৰতে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰিছিল 376 ৰাণ । অৱশ্যে, মেচৰ আৰম্ভণিতে অতি কম সময়ৰ ব্যৱধানত টীম ইণ্ডিয়াই হেৰুৱাইছিল 6 টাকৈ গুৰুত্বপূৰ্ণ উইকেট ৷ পৰৱৰ্তী সময়ত অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ সহায়ত দলটো সাম্ভাব্য বিপদৰ পৰা বাহিৰ হৈ শক্তিশালী স্থিতিত উপনীত হয় ৷ প্ৰথম ইনিংছত ভাৰতৰ হৈ অশ্বিনে 113 ৰাণ আৰু জাদেজাই 86 ৰাণ সংগ্ৰহ কৰি মুঠ 199 ৰাণৰ অংশীদাৰিত্ব গঢ়ি তোলে ৷

দ্বিতীয় টেষ্ট

ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্ট কানপুৰত অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে কৰি তোলা হৈছে যাৱতীয় প্ৰস্তুতি ৷

লগতে পঢ়ক: শুভমন গিলৰ পঞ্চমটো টেষ্ট শতক; ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ - INDIA VS BANGLADESH 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.