ETV Bharat / sports

কিংবদন্তী বেটছমেনৰ অভিলেখ ভংগ কৰি ছিক্সাৰ কিঙত পৰিণত যশস্বী জয়ছোৱাল - BORDER GAVASKAR TROPHY 2024

এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ স্থাপন হৈছে ভাৰতীয় ক্ৰিকেটাৰ যশস্বী জয়ছোৱালৰ নামত ৷ পঢ়ক সবিশেষ...

BORDER GAVASKAR TROPHY 2024
যশস্বী জয়ছোৱাল (AP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 23, 2024, 7:32 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ বাওঁহতীয়া অ’পেনাৰ যশস্বী জয়ছোৱালে পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত জয়ছোৱালে গঢ়িছে বহু অভিলেখ ৷

এই খেলখনত যশস্বী জয়ছোৱালে 193 টা বলত 7 টা চাৰি আৰু দুটা ছয়েৰ সহায়ত সংগ্ৰহ কৰিছে অপৰাজিত 90 ৰাণ ৷ দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ক্ৰিজত বৰ্তি আছে ক্ৰিকেটাৰগৰাকী ৷

BORDER GAVASKAR TROPHY 2024
ছিক্সাৰ কিং যশস্বী জয়ছোৱাল (AP Photo)

সমান্তৰালকৈ নিজৰ নামত গঢ়িছে বৃহৎ অভিলেখ ৷ জয়ছোৱাল হৈ পৰিছে এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ছয় কোবোৱা বেটছমেন । ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে পূৰ্বে নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেণ্ডন মেককুলামৰ নামত থকা এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ।

লিয়নৰ বলত জয়ছোৱালৰ দৰ্শনীয় ছয়

পাৰ্থ টেষ্টত ভাৰতৰ দ্বিতীয় ইনিংছৰ 52 নং অভাৰৰ চতুৰ্থ বলত যশস্বী জয়ছোৱালে নাথান লিয়নৰ বলত এটা ছয় কোবাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ জয়ছোৱালে লং-অনৰ ওপৰেৰে ছয়টো কোবাইছিল ৷ ছয়টো 86 মিটাৰ দূৰত্বত ওফৰি পৰিছিল ৷

মেককুলামৰ অভিলেখ ভংগ

2024 চনত জয়ছোৱালে কোবোৱা এয়া 34 নং ছয় আছিল । ইয়াৰ সৈতে জয়ছোৱাল এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ছয় কোবোৱা বেটছমেনত পৰিণত হয় । সমান্তৰালকৈ ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে নিউজিলেণ্ডৰ ব্ৰেণ্ডন মেককুলামৰ অভিলেখ ভংগ কৰে ।

মেককুলামে 2014 চনত টেষ্ট ক্ৰিকেটত এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক 33 টা ছয় কোবাইছিল ৷ যশস্বী জয়ছোৱালে 12 খন মেচত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে ব্ৰেণ্ডন মেককুলামে 9 খন মেচ খেলি এই খিতাপ অৰ্জন কৰিছিল ।

এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ছয় কোবোৱা বেটছমেনসকল

  1. যশস্বী জয়ছোৱাল (ভাৰত) – 34 টা ছয়* (2024)
  2. ব্ৰেণ্ডন মেককুলাম (নিউজিলেণ্ড) – 33 (2014)
  3. বেন ষ্টকছ (ইংলেণ্ড) – 26 (2022)
  4. এডাম গিলক্ৰিষ্ট (অষ্ট্ৰেলিয়া) – 22 (2005)
  5. বীৰেন্দ্ৰ ছেহৱাগ (ভাৰত) – 22 (2008)
  6. এণ্ড্ৰিউ ফ্লিনটফ (ইংলেণ্ড) – 21 (2004)

লগতে পঢ়ক: অষ্ট্ৰেলিয়াৰ বলাৰক ধূলিস্যাৎ কৰি বৃহৎ অভিলেখ কে এল ৰাহুল-জয়ছোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.