স্প’ৰ্টছ ডেস্ক: টি-20 ক্ৰিকেটৰ ইতিহাসত সদায়ে লিপিবদ্ধ হৈ ৰ’ব চৈয়দ মুস্তাক আলী ট্ৰফীৰ নাম ৷ ভাৰতৰ এই ঘৰুৱা প্ৰতিযোগিতাখন সাক্ষী হৈ ৰৈছে বহু অভিলেখৰ ৷ তাৰমাজতে আছে সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখৰ লগতে টি 20 ক্ৰিকেটত সৰ্বাধিক ছয়ৰ অভিলেখ ৷
অৱশ্যে প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত অংশগ্ৰহণ কৰা ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক এই খেলখনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ।
টি-20 ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক স্ক'ৰ
বৃহস্পতিবাৰে ইন্দোৰত ক্ৰুণাল পাণ্ডিয়াৰ নেতৃত্বত বৰোদাই ছিকিমৰ বিৰুদ্ধে এখন মেচত অংশগ্ৰহণ কৰে ৷ সেই খেলখনত বৰোদাই নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 349 ৰাণ ৷ যিটো আছিল টি-20 ক্ৰিকেটৰ ইতিহাসত কোনো দলে সংগ্ৰহ কৰা সৰ্বাধিক স্ক'ৰ ৷
Record Alert 🚨
— BCCI Domestic (@BCCIdomestic) December 5, 2024
349 runs 😮, 37 sixes 🔥
Baroda have rewritten the history books in Indore! They smashed 349/5 against Sikkim, the highest total in T20 history, & set a new record for most sixes in an innings - 37 👏#SMAT | @IDFCFIRSTBank
Scorecard: https://t.co/otTAP0gZsD pic.twitter.com/ec1HL5kNOF
বৰোদা ভাৰতৰ ঘৰুৱা টি-20 প্ৰতিযোগিতাত 300 ত কৈ অধিক ৰাণ সংগ্ৰহকাৰী প্ৰথমটো দলত পৰিণত হৈছে ৷ পূৰ্বে পঞ্জাৱে 2023 চনত অন্ধ্ৰৰ বিৰুদ্ধে 275 ৰাণ সংগ্ৰহ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল ৷
বৰোদাৰ বেটছমেনসকলৰ দৰ্শনীয় বেটিং
বৰোদাৰ অপেনাৰ শাশ্বত ৰাৱত (16 টা বলত 43 ৰাণ) আৰু অভিমন্যু সিঙে (17 টা বলত 53 ৰাণ) দৰ্শনীয় প্ৰদৰ্শনৰে দলৰ ইনিংছ মুকলি কৰিছিল ৷ যুটিটোৱে মাত্ৰ 31 টা বলত 92 ৰাণৰ অংশীদাৰিত্ব গঢ়ি তোলে ৷
পনিয়াই আৰম্ভণিৰ পৰাই সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি 5 টা চাৰি আৰু 15 টা ছয়ৰে 42 টা বলত শতক অৰ্জন কৰে ৷ ইয়াৰ পিছত শিৱালিক শৰ্মাই 17 টা বলত 55 ৰাণ সংগ্ৰহ কৰাৰ লগতে বিষ্ণু চোলাংকীয়ে 16 টা বলত 50 ৰাণ সংগ্ৰহ কৰে ।
বৰোদাই ভংগ কৰে জিম্বাব’ৱেৰ অভিলেখ
ইয়াৰ পূৰ্বে টি-20 ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ আছিল জিম্বাব’ৱেৰ নামত ৷ যিয়ে চলিত বৰ্ষৰ অক্টোবৰত গাম্বিয়াৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল 344 ৰাণ ৷ এই খেলখনত ছিকন্দৰ ৰাজাই 43 টা বলত 133 ৰাণৰ ইনিংছ খেলে ৷
টি-20 ক্ৰিকেটত সৰ্বাধিক স্ক'ৰ
- বৰোদা 349/5 বনাম ছিকিম - 2024
- জিম্বাব’ৱে 344/4 বনাম গাম্বিয়া - 2024
- নেপাল 314/3 বনাম মংগোলিয়া - 2023
- ভাৰত 297/6 বনাম বাংলাদেশ - 2024
লগতে পঢ়ক: মহিলাই গ্ৰহণ কৰিব নোৱাৰে চিকিৎসা বিজ্ঞানৰ শিক্ষা; তালিবানৰ বিৰোধিতা আফগান ক্ৰিকেটাৰৰ