ETV Bharat / sports

ভাৰতত 5 টাকৈ উইকেট দখলকাৰী প্ৰথমগৰাকী বাংলাদেশী বলাৰত পৰিণত হাছান মাহমুদ - HASAN MAHMUD - HASAN MAHMUD

Hasan Mahmud creates History: ইতিহাস ৰচিলে বাংলাদেশৰ সোঁহতীয়া দ্ৰুত বলাৰ হাছান মাহমুদে । ভাৰতৰ বিৰুদ্ধে চেন্নাই টেষ্টৰ প্ৰথম ইনিংছত 5 টাকৈ উইকেট দখল এই অভিলেখ গঢ়ে মাহমুদে ৷

HASAN MAHMUD
হাছান মাহমুদ (AP and AFP Photo)
author img

By ETV Bharat Sports Team

Published : Sep 20, 2024, 4:30 PM IST

স্প’ৰ্টছ ডেস্ক, 20 ছেপ্টেম্বৰ: চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ আজি দ্বিতীয়টো দিন ৷ মেচখনৰ প্ৰথম দিনটোত বিধ্বংসী বলিঙৰ জৰিয়তে ইতিহাস ৰচে বাংলাদেশৰ যুৱ দ্ৰুত বলাৰ হাছান মাহমুদে । মাহমুদৰ বলিঙত তিষ্ঠিব নোৱাৰি ছেদেলি-ভেদেলি হৈ পৰে ভাৰতৰ টপ অৰ্ডাৰ বেটছমেনসকল ৷

হাছান মাহমুদৰ ইতিহাস ৰচনা

ভাৰতত এখন টেষ্ট মেচৰ এটা ইনিংছতে 5 টাকৈ উইকেট দখল কৰা বাংলাদেশৰ প্ৰথমজন বলাৰত পৰিগণিত হয় হাছান মাহমুদ । বলাৰগৰাকীৰ বিধ্বংসী বলিঙৰ বাবে বাংলাদেশে টীম ইণ্ডিয়াক আটাইকেইটা উইকেটৰ বিনিময়ত প্ৰথম ইনিংছত 376 ৰাণত বান্ধি ৰাখিবলৈ সক্ষম হয় ৷

নতুন বলৰ সৈতে সঠিকভাৱে বলিং কৰাৰ বাবে বিখ্যাত বাংলাদেশৰ সোঁহতীয়া দ্ৰুত বলাৰ মাহমুদে প্ৰথম ইনিংছত 22.2 অভাৰত 83 ৰাণৰ বিনিময়ত দখল কৰে 5 উইকেট ৷ ইয়াৰ উপৰিও 2007 চনৰ পিছত 17 বছৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ বিৰুদ্ধে 5 টাকৈ উইকেট দখল কৰা এছিয়াৰ ফাষ্ট বলাৰত পৰিগণিত হয় বাংলাদেশৰ হাছান মাহমুদ ।

ভাৰতীয় শিবিৰত চাঞ্চল্যৰ সৃষ্টি

চেন্নাই টেষ্টত বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন শান্তোৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । মাহমুদে উদ্বোধনী টেষ্ট মেচখনতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা, শুভমন গিল আৰু বিৰাট কোহলীৰ দৰে শীৰ্ষ বেটছমেনসকলৰ উইকেট দখল কৰি ভাৰতীয় শিবিৰত চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।

ইয়াৰ পাছতেই 24 বছৰীয়া খেলুৱৈগৰাকীয়ে প্রথম দিনৰ দ্বিতীয় চেছনৰ আৰম্ভণিতে পুনৰ প্রত্যাৱর্তন ঘটাই বিপজ্জনক বেটছমেন ঋষভ পন্তৰ উইকেট দখল কৰে ৷ সেই সময়ত ভাৰতৰ দলীয় স্ক’ৰ আছিল 4 উইকেটত 96 ৰাণ ৷ অৱশ্যে ইয়াৰ পিছতে ভাৰতীয় দলটোৱে এক সন্তোষজনক স্থিতিত উপনীত হয় ৷ সেই সময়ত ভাৰতে সপ্তমটো উইকেটত 199 ৰাণৰ বৃহৎ অংশীদাৰিত্বৰে বাংলাদেশক ঠেলি দিয়ে বেকফুটত ।

টেষ্টত 5 উইকেট দখল কৰা প্ৰথমগৰাকী বাংলাদেশী বলাৰ

শুকুৰবাৰে চেন্নাই টেষ্টৰ দ্বিতীয় দিনা মাহমুদে যশপ্ৰীত বুমৰাহৰ ৰূপত দখল কৰে পঞ্চমটো উইকেট ৷ টেষ্ট ইনিংছত 83 ৰাণৰ বিনিময়ত 5 টা উইকেট দখল কৰা প্ৰথমগৰাকী বাংলাদেশী বলাৰ হৈছে হাছান মাহমুদ । ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ এজন বলাৰৰ এয়া হৈছে পঞ্চম শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন ।

দ্বিতীয়বাৰৰ বাবে 5 টা উইকেট দখল

মাহমুদৰ বাবে শেহতীয়া দুটা ইনিংছত 5 টা উইকেট দখল কৰাটো আছিল বলাৰগৰাকীৰ দ্বিতীয়টো কৃতিত্ব । ইয়াৰ পূৰ্বে তেওঁ পাকিস্তানৰ বিৰুদ্ধে 43 ৰাণ ব্যয় কৰি প্ৰথমখন টেষ্টত 5 টা উইকেট দখল কৰিছিল ৷

লগতে পঢ়ক: চেন্নাই টেষ্টত বুুমৰাহৰ ধুমুহা; সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল - IND VS BAN 1ST TEST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.