ETV Bharat / sports

দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈও আজি অকলশৰীয়া ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া - HAPPY BIRTHDAY HARDIK PANDYA

Hardik Pandya Birthday: 31 বছৰত ভৰি দিলে ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ৷

HAPPY BIRTHDAY HARDIK PANDYA
শুভ জন্মদিন হাৰ্দিক পাণ্ডিয়া (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Oct 11, 2024, 1:54 PM IST

স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ: ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই শুকুৰবাৰে ভৰি দিলে 31 বছৰত । 1993 চনৰ 11 অক্টোবৰত জন্মগ্ৰহণ কৰা হাৰ্দিকক তেওঁৰ জন্মদিনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) অফিচিয়েল সামাজিক মাধ্যমৰ একাউণ্ট এক্সৰ জৰিয়তে প্ৰদান কৰিছে শুভেচ্ছা ৷

বি চি চি আইয়ে ক্ৰিকেটাৰগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাই লিখিছিল, "আই চি চি পুৰুষ টি 20 বিশ্বকাপ 2024 বিজয়ী দলৰ সদস্য, অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়ালৈ জন্মদিনৰ শুভেচ্ছা" ৷ হাৰ্দিকে টি 20 বিশ্বকাপৰ ফাইনেল মেচত ডেথ অভাৰত কৰিছিল বলিং ৷ খেলুৱৈগৰাকীয়ে বলিং কৰা অভাৰৰ সময়তে ভাৰতৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰলৈ যোৱা খেলখনলৈ ঘূৰি আহিছিল ছন্দ ৷

বিশ্বকাপৰ ফাইনেলত হাৰ্দিকে বিপদজনক বেটছমেন হেনৰিখ ক্লাছেনক আউট কৰি মেচখনৰ গতিপথ কৰিছিল সলনি ৷ যাৰ বাবে ভাৰতে 17 বছৰৰ পিছত টি 20 বিশ্বকাপ জিকিবলৈ সক্ষম হৈছিল ৷ হাৰ্দিকে 3 অভাৰত মাত্ৰ 20 ৰাণ ব্যয় কৰি তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ৷

দুবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱা স্বত্বেও অকলশৰীয়া

শেহতীয়াকৈ পত্নী নাতাশাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছৰে পৰা অকলশৰীয়া জীৱন অতিবাহিত কৰিছে ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে । টি 20 বিশ্বকাপৰ পিছত হাৰ্দিকে সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ ৰাজহুৱা কৰিছিল ৷ অৱশ্যে, ক্ৰিকেটাৰগৰাকীয়ে ছাৰ্বিয়ান অভিনেত্ৰী নাতাশা ষ্টেনক’ভিচৰ সৈতে দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল ৷ প্ৰতিবাৰেই ভিন্ন ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল হাৰ্দিক-নাতাশা ৷ দুয়োৰে বৈবাহিক জীৱনৰ সাক্ষীস্বৰূপে পুত্ৰ অগ্যস্ত তেওঁলোকৰ মাজলৈ আহে ৷ সম্প্ৰতি হাৰ্দিক-নাতাশাই পৃথকে পৃথকে বাস কৰি আছে ৷

আই পি এল 2024 ত সন্মুখীন হৈছিল ট্ৰ’লৰ

হাৰ্দিক পাণ্ডিয়াক আই পি এল 2024 ত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল । যাক লৈ মুম্বাই ইণ্ডিয়ানছৰ অন্যান্য সদস্যসকলৰ লগতে ৰোহিত শৰ্মাৰ অনুৰাগীসকল ক্ষুব্ধ হৈছিল । এই সমগ্ৰ ছিজনত বেট-বল দুয়োটাতে ব্যৰ্থ প্ৰদৰ্শন কৰে হাৰ্দিক পাণ্ডিয়াই ৷ যাৰ বাবে হাৰ্দিকৰ অধিনায়কত্বৰ ওপৰত উত্থাপিত হৈছিল প্ৰশ্ন । সমগ্ৰ আই পি এল ছিজনত খেলপথাৰৰ পৰা সামাজিক মাধ্যমলৈকে ট্ৰ'ল কৰা হৈছিল ক্ৰিকেটাৰগৰাকীক ।

সম্প্ৰতি বাংলাদেশৰ বিৰুদ্ধে খেলি আছে হাৰ্দিকে

হাৰ্দিক পাণ্ডিয়াক বৰ্তমান বাংলাদেশৰ বিৰুদ্ধে তিনিখন মেচৰ টি 20 শৃংখলাত খেলি থকা দেখা গৈছে । য’ত পাণ্ডিয়াই তেওঁৰ বেটিং, বলিং আৰু ফিল্ডিঙত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছে । প্ৰথমখন মেচত হাৰ্দিকে খেলা ন’ লুক শ্বট আৰু দ্বিতীয়খন মেচত লোৱা দৰ্শনীয় কেচটো এই মুহূৰ্তত ক্ৰিকেট অনুৰাগীৰ আলোচ্য বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক: সামাজিক মাধ্যত ভাইৰেল হাৰ্দিক পাণ্ডিয়াৰ ন’ লুক শ্বট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.