স্প’ৰ্টছ ডেস্ক: বহু সময়ত খেলপথাৰত ঘটা বিভিন্ন অবাঞ্চিত ঘটনাৰ বাবে যথেষ্ঠ ক্ষতিৰ সন্মুখীন হ’বলগা হয় খেলুৱৈসকল ৷ আনকি এনে বহু ঘটনাৰ বাবে একাংশ খেলুৱৈয়ে খেলপথাৰতে হেৰুৱাইছে প্ৰাণ ৷
শেহতীয়াকৈ দুটা জনপ্ৰিয় ফুটবল ক্লাবে স্থানীয় লীগৰ এখন মেচত কৰিছিল অংশগ্ৰহণ ৷ প্ৰায় 22 মিনিটৰ খেলৰ অন্তত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে খেলখন ৰেফাৰীয়ে বন্ধ কৰিবলৈ বাধ্য হয় ৷ খেলপথাৰৰ কেইবাটাও স্থানত পানী জমা হোৱাৰ বাবে খেলখন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল ৷ যাৰ বাবে খেলুৱৈসকলে খেলপথাৰৰ পৰা বাহিৰলৈ ওলাই আহে ৷
ঠিক তেনে সময়তে সংঘটিত হৈছিল এই কৰুণ ঘটনা ৷ বৰষুণৰ মাজতে আকস্মিকভাৱে হোৱা বজ্ৰপাতৰ ফলত খেলপথাৰতে মৃত্যু ঘটে এজন ফুটবল খেলুৱৈৰ ৷ এই ঘটনা সংঘটিত হৈছে পেৰুত ৷
প্ৰকৃততে কি ঘটিছিল
পেৰুত জুভেণ্টুড বেলাভিষ্টা আৰু ফেমিলিয়া কোকাৰ মাজত চলি আছিল এখন ফুটবল খেল ৷ এই খেলৰ মাজতে আৰম্ভ হৈছিল ধাৰাসাৰ বৰষুণ ৷ বৰষুণৰ মাজতে খেলুৱৈসকলে খেল অব্যাহত ৰাখিছিল ৷ কিন্তু ৰেফাৰীয়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খেলখন বন্ধ কৰিবলৈ বাধ্য হয় ৷
CRAZY: Lightning killed a football player during a match in Peru and injured five others, they are in hospital with serious burns
— First Source Report (@FirstSourceNew) November 4, 2024
What a crazy and a random thing. Insane. pic.twitter.com/aRZsRCaEJo
তেতিয়া খেলপথাৰত মজুত থকা ফুটবলাৰসকলে খেলপথাৰৰ বাহিৰলৈ আহিবলৈ ধৰে ৷ তেনে সময়তে খেলপথাৰত বজ্ৰ পৰাৰ ফলত বহুকেইগৰাকী খেলুৱৈ আহত হোৱাৰ লগতে এগৰাকী খেলুৱৈৰ থিতাতে মৃত্যু ঘটে ৷
পেৰুৰ লাইভ মেচত ভয়ংকৰ দুৰ্ঘটনা
প্ৰচণ্ড বৰষুণৰ বাবে ৰেফাৰীৰ নিৰ্দেশ মানি খেলুৱৈসকল বাহিৰলৈ আহিবলৈ লোৱাৰ সময়তে সংঘটিত হয় বজ্ৰপাতৰ ঘটনা ৷ বজ্ৰপাতৰ ফলত 39 বছৰীয়া খেলুৱৈ ‘জোজে হুগো দে লা ক্ৰুজ মেছা’ গুৰুতৰভাৱে আহত হৈ মৃত্যুমুখত পৰে ৷
মেছাৰ সতীৰ্থসকলো বজ্ৰপাতৰ ফলত গুৰুতৰভাৱে আহত হয় । ইতিমধ্যে আঘাতপ্ৰাপ্ত খেলুৱৈসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷
মৃত্যুৰে যুঁজিছে এগৰাকী খেলুৱৈয়ে
এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে মেছাই । কিন্তু মেছাৰ সমান্তৰালকৈ আন এজন খেলুৱৈয়েও সম্প্ৰতি জীৱন-মৰণৰ সৈতে যুঁজি আছে ৷ তেওঁ হৈছে গ’লৰক্ষক জুয়ান চোকা ৷
এই ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ বাবে তেওঁক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে । এই আকস্মিক দুৰ্ঘটনাৰ পিছত বাতিল কৰা হৈছিল মেচখন ।
ভাৰততো সংঘটিত হৈছে এনে দুৰ্ঘটনা
পেৰুৰ পূৰ্বে ভাৰততো এনে দুৰ্ঘটনা সংঘটিত হৈছে । চলিত বৰ্ষতে ঝাৰখণ্ডৰ ছিমডেগাত বজ্ৰপাতৰ ফলত তিনিগৰাকী হকী খেলুৱৈৰ মৃত্যু ঘটে । লগতে পাঁচগৰাকী খেলুৱৈ আহত হয় । এই আটাইকেইজন খেলুৱৈয়ে বৰষুণৰ পৰা হাত সাৰিবলৈ গছৰ তলত থিয় হৈ আছিল । তেতিয়াই সংঘটিত হৈছিল বজ্ৰপাতৰ ঘটনা ৷
লগতে পঢ়ক: মহিলা নহয় পুৰুষহে; চিকিৎসা বিজ্ঞানে উদঙালে স্বৰ্ণজয়ী বক্সাৰ ইমান খালিফৰ প্ৰকৃত সত্য