ETV Bharat / sports

অযোগ্য ঘোষিত বিনেশ ফোগাট নিজেই দায়ী: আছুতীয়া সাক্ষাৎকাৰত ক’লে প্ৰথম পেৰালিম্পিক স্বৰ্ণ বিজয়ী মুৰলীকান্ত পেটকাৰে - MURLIKANT PETKAR INTERVIEW

author img

By ETV Bharat Sports Team

Published : Aug 29, 2024, 8:01 PM IST

Murlikant Petkar: ভাৰতৰ প্ৰথম পেৰালিম্পিক স্বৰ্ণপদক বিজয়ী মুৰলীকান্ত পেটকাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত কৈছিল যে, পেৰিছ অলিম্পিক 2024 ত ওজন হ্ৰাসৰ ক্ষেত্ৰত দায়বদ্ধ আছিল বিনেশ ফোগাটৰ প্ৰশিক্ষক ৷ সেয়েহে আন কাকো এইক্ষেত্ৰত দোষ দিব নোৱাৰি ।

MURLIKANT PETKAR INTERVIEW
পদ্মশ্ৰী মুৰলীকান্ত পেটকাৰ (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 29 আগষ্ট: ভাৰতৰ প্ৰথম পেৰালিম্পিক স্বৰ্ণপদক তথা পদ্মশ্ৰী বঁটা বিজয়ী মুৰলীকান্ত পেটকাৰৰ সৈতে ইটিভি ভাৰতৰ হোৱা আছুতীয়া সাক্ষাৎকাৰত কয় যে, পেৰিছ অলিম্পিক 2024 ৰ সময়ত বিনেশ ফোগাট আৰু তেওঁৰ প্ৰশিক্ষকৰ দায়িত্ব আছিল ওজনৰ নিৰন্তৰ পৰীক্ষা কৰা । সোণৰ পদকৰ যুঁজৰ পুৱা নিৰ্ধাৰিত ওজনতকৈ 100 গ্ৰাম বেছি পোৱাৰ পিছত বিনেশক অযোগ্য ঘোষণা কৰা হৈছিল ।

প্ৰথম পেৰালিম্পিক স্বৰ্ণ বিজয়ী মুৰলীকান্ত পেটকাৰৰ আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat)

ঘটনাটোৰ পিছত ফোগাটে ক্ৰীড়াৰ মধ্যস্থতা আদালতত(চি এ এছ) তেওঁক যুটীয়া ৰূপৰ পদক প্ৰদান কৰিবলৈ আবেদন কৰিছিল যদিও আদালতে 14 আগষ্টত এক বিবৃতিযোগে তাক নাকচ কৰে ।

ইটিভি ভাৰতৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত পেটকাৰে কয়, "পেৰিছ অলিম্পিকৰ সময়ত বিনেশ ফোগাট আৰু তেওঁৰ প্ৰশিক্ষকৰ কাম আছিল নিৰ্ধাৰিত নিয়ম অনুসৰি ওজন নিয়ন্ত্ৰণত ৰখাটো ৷ সেয়েহে তাত যি ঘটিছিল, তাৰ বাবে তেওঁলোক দায়বদ্ধ । আন কাৰোবাক দোষ দিয়াটো ভুল" ৷

"খেলুৱৈসকল তাৰকা হৈ থাকোতে তেওঁলোকক প্ৰচাৰ কৰাটো সংবাদ মাধ্যমৰ কাম । প্ৰতিবাৰেই খেলুৱৈসকলৰ প্ৰতি মনোযোগ দিয়াত আৰু বিশ্বক অৱগত কৰাত সহায় কৰিবলৈ ছবি নিৰ্মাণ কৰাটো অপ্ৰয়োজনীয়" বুলি ব্যক্ত কৰে পেটকাৰে ৷

অলিম্পিকৰ সমাপ্তিৰ পিছত 28 আগষ্টৰ পৰা আৰম্ভ হৈছে পেৰিছ পেৰালিম্পিক গেমছ । স্বৰ্ণপদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় পেৰালিম্পিক খেলুৱৈত পৰিণত পেটকাৰে পেৰিছৰ প্ৰতিযোগিতাসমূহত দেশখনে ভাল প্ৰদৰ্শন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে । কেৱল দলটোত ভাল খেলুৱৈ থকাটোৱেই নহয়, প্ৰয়োজন ভাল প্ৰশিক্ষকৰ ৷ যিটোৰ বাবে ভাৰতে শেহতীয়া অলিম্পিক গেমছত পদক হেৰুৱাইছিল ।

"অৱশ্যে, পেৰালিম্পিক ইভেণ্টত ভাৰতে ভাল প্ৰদৰ্শন কৰিব পাৰে । মোক লৈ নিৰ্মিত ছবি 'চন্দু চেম্পিয়ন' - মুক্তিৰ পিছত ভাৰতীয় দলটোক প্ৰদৰ্শন কৰা হৈছিল আৰু খেলুৱৈসকল ইয়াত দেখুওৱা সংগ্ৰামৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল । সেয়েহে মই যথেষ্ট আত্মবিশ্বাসী যে আমি সৰ্বাধিক পদক জিকিম," তেওঁ কয় ।

79 বছৰীয়া ব্যক্তিগৰাকীয়ে লগতে একপ্ৰকাৰ দাবী কৰি কৈছিল যে, ভাৰতত শেহতীয়াকৈ সমাপ্ত হোৱা পেৰিছ অলিম্পিকত কমেও এটা সোণৰ পদক হেৰুৱাই তেওঁ দুখ অনুভৱ কৰি আছে । "140 কোটি জনসংখ্যাৰ দেশ হিচাপে ভাৰতৰ প্ৰদৰ্শনৰ বাবে মই দুঃখিত যে অলিম্পিকত কমেও এটা সোণৰ পদক জিকিব নোৱাৰিলে" বুলি প্ৰাক্তন ভাৰতীয় খেলুৱৈগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে ৷

সাক্ষাৎকাৰৰ শেষত পেটকাৰে কয়, "দেশত ক্ৰীড়াৰ অৱস্থা উন্নত হৈ আছে । বহু ঠাইত ব্যৱস্থা কৰা হৈছে । কিন্তু, দেশৰ পৰিস্থিতি এনে হৈছে যে য'ত সুবিধা আছে, তাত কোনো খেলুৱৈ নাই আৰু য'ত খেলুৱৈ আছে, তাত কোনো সুবিধা নাই । গ্ৰামাঞ্চলত বিশেষকৈ জনজাতীয় এলেকাত ভাল খেলুৱৈ বিচাৰিলে পোৱা যাব ৷ কিন্তু তেনে কোনো সুবিধা নাই । গাঁওবোৰৰ শিশুসকল অধিক চঞ্চল, সেয়েহে চহৰৰ সলনি সৰু গাঁওবোৰত ক্ৰীড়াক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়াস কৰা উচিত," বুলিও তেওঁ সাক্ষাৎকাৰত ব্যক্ত কৰে ৷

লগতে পঢ়ক: শিৱাজী পাৰ্কত প্ৰতিষ্ঠা হ’ব প্ৰশিক্ষক ৰমাকান্ত আচৰেকাৰৰ স্মাৰক: চৰকাৰৰ সিদ্ধান্তত সুখী শচীন তেণ্ডুলকাৰ - Ramakant Achrekar Memorial

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.