ETV Bharat / sports

লেমিন য়ামাল : ইউৰো কাপত দুভৰিৰ যাদু দেখুৱালে 17 বছৰীয়া স্পেনিছ ফুটবলাৰে - Euro Cup 2024

author img

By ETV Bharat Sports Team

Published : Jul 15, 2024, 12:45 PM IST

LAMINE YAMAL 17 BIRTHDAY : শনিবাৰে জন্মদিন উদযাপন কৰা স্পেইনৰ 17 বছৰীয়া প্ৰডিজি লেমিন য়ামালে 2024 চনৰ ইউৰোপীয় চেম্পিয়নশ্বিপৰ সমগ্ৰ সময়ছোৱাত এক সুন্দৰ প্ৰদৰ্শন কৰিছিল ৷ 17 বছৰীয়া জন্মদিন উদযাপনৰ ঠিক এদিন পিচতে শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ বঁটা লাভ কৰে য়ামালে ।

Euro Cup 2024
Lamine Yamal Wins Best Young Player (AP)

স্প’ৰ্টছ ডেস্ক, 15 জুলাই : যুৱ খেলুৱৈ লেমিন য়ামালে এইবাৰ ইউৰো কাপত ফুটবল প্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ বিশেষকৈ ফ্ৰান্সৰ বিৰুদ্ধে ছেমিফাইনেলত তেওঁৰ প্ৰদৰ্শনে সকলোকে আকৰ্ষিত কৰে আৰু য়ামালক লৈ চৰ্চা চলা দেখা যায় ৷ ইউৰোপীয়ান চেম্পিয়নশ্বিপ 2024 ত স্পেইনৰ হৈ খেলপথাৰত নমা যুৱ তথা দুৰ্দান্ত খেলুৱৈ য়ামালে টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ সন্মান লাভ কৰে ৷ 17 বছৰীয়া জন্মদিনৰ পিচ দিনাই এই সন্মান লাভ কৰে য়ামালে ৷

‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে বিবেচিত হোৱা নিকো উইলিয়ামছক য়ামালে দিয়া উৎকৃষ্ট পাছটো ফাইনেল খেলখনৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত বুলি প্ৰমাণিত হয় ৷ কিয়নো স্পেইনৰ হৈ প্ৰথমগৰাকী খেলুৱৈয়ে আৰম্ভনি গ’লটো দিয়ে আৰু অৱশেষত বিকল্প খেলুৱৈ মাইকেল অয়াৰজাবালে 87 মিনিটত বিজয়ী গ’লটো দি প্ৰতিযোগিতাখনত 2-1 গ’লত জয়লাভ কৰে । অয়াৰজাবালৰ গ’লটোৱে খেলখন পেনাল্টি শ্বুটলৈ যোৱাৰ পৰা ৰক্ষা কৰে ৷

মেচৰ শেষত হোৱা বাৰ্তালাপত 17 বছৰীয়া য়ামালে কয়, ‘‘এইটো হৈছে মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ জন্মদিনৰ উপহাৰ ৷ মোৰ এটা সপোন সঁচা হ’ল ৷ তেওঁলোকে সমতা স্থাপন কৰাত খেলখন কঠিন পৰ্যায়লৈ গৈছিল ৷ কিন্তু আমি তীব্ৰ যুঁজ দি জয়ী হ’লোঁ ৷’’

ইংলেণ্ডৰ বিকল্প খেলুৱৈ ক’ল পামৰে একমাত্ৰ গ’লটো দি সমতা স্থাপন কৰিছিল যদিও 87 মিনিটত স্পেইনৰ মাইকেল অয়াৰজাবালে বিজয়ী গ’লটো দিয়ে । 47 মিনিটত য়ামালে উইলিয়ামছক প্ৰথমটো গ’ল দিবলৈ সহায় কৰে । ইংলেণ্ডৰ গ’লৰক্ষক জৰ্ডান পিকফোৰ্ডকো দুটা শক্তিশালী ছেভ কৰিবলৈ বাধ্য কৰে য়ামালে ।

“য়ামাল অবিশ্বাস্য, যিদৰে আপোনালোক সকলোৱে এই প্ৰতিযোগিতাখনৰ সময়ত দেখিছে । আকাশখনেই তাৰ বাবে সীমা ৷ এজন ভাল খেলুৱৈ হোৱাৰ লগতে তেওঁ এজন মহান ব্যক্তিও ।’’ - নিকো উইলিয়ামছে কয় ।

য়ামাল ইউৰোপীয় চেম্পিয়নশ্বিপৰ ফাইনেলত খেলা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় । বাৰ্চিলোনাৰ হৈ খেলা য়ামালে নিজৰ আদৰ্শ হিচাপে লিয়নেল মেছিৰ পদাংক অনুসৰণ কৰিছে । স্পেনিছ লীগৰ আটাইতকৈ কম বয়সীয়া গ’লদাতাও য়ামাল । তেওঁ প্ৰথম ইউৰোপীয় চেম্পিয়নশ্বিপত চাৰিটা এছিষ্ট আৰু এটা গ’ল দি খেলখন সামৰে ।

লগতে পঢ়ক: 2-1 গ’লত ইংলেণ্ডক হৰুৱাই চতুৰ্থবাৰলৈ ইউৰো কাপৰ খিতাপ জিনিলে স্পেইনে - Euro Cup 2024

লগতে পঢ়ক: কোপা আমেৰিকাৰ খিতাপ দখল আৰ্জেন্টিনাৰ; 1-0 ত পৰাস্ত কলম্বিয়া - Copa America 2024

লগতে পঢ়ক: কোকৰাঝাৰৰ বডোফা প্ৰেক্ষাগৃহত উন্মোচন হ'ব ডুৰাণ্ড কাপৰ ট্ৰফী : ভাৰতীয় সেনাই চলাইছে প্ৰস্তুতি - Durand Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.