ETV Bharat / sports

দুলীপ ট্ৰফীৰ খেলত নীতিশ কুমাৰ ৰেড্ডীৰ দৰ্শনীয় কেচ: সামাজিক মাধ্যমত ভাইৰেল - DULEEP TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Sep 8, 2024, 5:45 PM IST

India A vs India B: ভাৰতৰ যুৱ অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে এটা সুন্দৰ কেচ আয়ত্ব কৰি দৃষ্টি আকৰ্ষণ কৰিছে সকলো ক্ৰিকেট অনুৰাগীৰে । এই মুহূৰ্তটোৰ ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

DULEEP TROPHY 2024
নীতিশ কুমাৰৰ দৰ্শনীয় কেচ (BCCI Domestic x screen shot)

স্প’ৰ্টছ ডেস্ক, 8 ছেপ্টেম্বৰ: সম্প্ৰতি অব্যাহত আছে দুলীপ ট্ৰফী 2024 ৰ খেলসমূহ ৷ প্ৰতিযোগিতাখনৰ প্ৰথম লীগৰ খেলখন বেংগালুৰু ভাৰত এ বনাম ভাৰত বি-ৰ মাজত এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । অত্যন্ত ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে এই খেলখন । দুপৰীয়াৰ আহাৰ বিৰতিৰ সময়লৈকে খেলখন জিকিবলৈ ভাৰতক 63 অভাৰত প্ৰয়োজন 199 ৰাণ ।

নীতিশ কুমাৰ ৰেড্ডীৰ দৰ্শনীয় কেচ

ভাৰত এ-ৰ দ্বিতীয় ইনিংছৰ সময়ত ভাৰত বি-ৰ অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে এটা দৰ্শনীয় কেচৰে আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি । দৰাচলতে ময়ংক আগৰৱালে দ্বিতীয় ইনিংছত ভাৰত এ ৰ হৈ শুভমান গিলৰ সৈতে ইনিংছ আৰম্ভ কৰিছিল । সেই সময়ত ফাষ্ট বলাৰ যশদয়ালে বলিং কৰি আছিল, আনহাতে, ভাৰত বি-ৰ হৈ খেলি থকা হায়দৰাবাদৰ যুৱ অলৰাউণ্ডাৰ নীতিশে স্পিলত ফিল্ডিং কৰি আছিল ।

যশদয়ালৰ বলটো কোণৰ পৰা বাহিৰলৈ গৈ ময়ংক আগৰৱালাৰ বেটৰ কাষলৈ স্লিপৰ ফালে গৈছিল ৷ একে সময়তে নীতিশ কুমাৰ ৰেড্ডীয়ে এয়াৰ ফৰৱাৰ্ডত ডাইভিং কৰোতে বলটো ধৰিছিল । ইয়াৰ লগে লগে ময়ংকৰ ইনিংছ সমাপ্ত হয়, ক্ৰিকেটাৰগৰাকীয়ে 4 টা বলত 3 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । তেওঁ প্ৰথম ইনিংছত 36 ৰাণ সংগ্ৰহ কৰিছিল ।

এতিয়ালৈকে খেলৰ স্থিতি

ভাৰত এ আৰু ভাৰত বি-ৰ মাজত অনুষ্ঠিত হোৱা এই খেলখনত অভিমন্যু ঈশ্বৰণৰ অধিনায়কত্বত ভাৰত বি-য়ে প্ৰথমে বেটিং কৰি প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰে 321 ৰাণ । ইয়াৰ পিছত শুভমন গিলৰ অধিনায়কত্বত ভাৰত এ-য়ে প্ৰথম ইনিংছত 231 ৰাণ সংগ্ৰহ কৰে ।

ভাৰত বি-য়ে প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰে আৰু দ্বিতীয় ইনিংছত সংগ্ৰহ কৰে 184 ৰাণ । ইয়াৰ লগে লগে ভাৰত এ-ৰ সন্মুখত নিৰ্ধাৰণ কৰি দিয়া হয় 275 ৰাণৰ লক্ষ্য ৷ বৰ্তমানলৈকে ভাৰত এ-য়ে দ্বিতীয় ইনিংছত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 76 ৰাণ আৰু দলটোক জিকিবলৈ 199 ৰাণৰ প্ৰয়োজন ৷ আনহাতে, খেলখনত ভাৰত বি-ক জিকিবলৈ 6 টা উইকেটৰ প্ৰয়োজন ।

লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ আহিব ভাৰত: পি চি বি ৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য - CHAMPIONS TROPHY 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.