ETV Bharat / sports

আজি ডন ব্ৰেডমেনৰ ওপজাদিন: অষ্ট্ৰেলিয়ান কিংবদন্তী গৰাকীৰ বিষয়ে কিছু জনা-নজনা তথ্য - DON BRADMAN BIRTHDAY

author img

By ETV Bharat Sports Team

Published : Aug 27, 2024, 4:44 PM IST

Australian cricketer Don Bradman: আজি ক্ৰিকেট জগতৰ মহান বেটছমেন ছাৰ ডন ব্ৰেডমেনৰ জন্মদিন । তেওঁৰ জন্ম হৈছিল 1908 চনত । তেওঁ 1928 চনৰ পৰা 1948 চনলৈ ক্ৰিকেট খেলিছিল ৷ 2001 চনত দেহাৱসান ঘটিছিল কিংবদন্তী খেলুৱৈগৰাকীৰ । ক্ৰিকেটাৰগৰাকীৰ জন্মদিন উপলক্ষে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে বিশেষ কিছু তথ্যৰে ৷

DON BRADMAN BIRTHDAY
ডন ব্ৰেডমেন (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 27 আগষ্ট: "ৱিজাৰ্ড অৱ দ্য বেট", "বছ অৱ দ্য ক্ৰিকেট ৱৰ্ল্ড", "দ্য ডন" আদি বিভিন্ন নামেৰে জনাজাত ছাৰ ড’নাল্ড ব্ৰেডমেনৰ আজি ওপজাদিন ৷ ব্ৰেডমেন যি কেৱল এজন বেটছমেন নহয়, ইয়াৰ পৰিৱৰেত ক্ৰিকেট ইতিহাসৰ এগৰাকী কিংবদন্তী, যাৰ মহানতা জোখাৰ বাবে কোনো মাপকাঠী নাই ।

মহান বেটছমেনসকলৰ মাজত "সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ" একমাত্ৰ বেটছমেনগৰাকীয়ে হৈছে ডন ব্ৰেডমেন, যাৰ টেষ্ট গড় আছিল 99.94 ৷

ব্ৰেডমেনৰ বাবে এটা সৰু ক্ৰিকেট বল ফুটবলৰ দৰেই আছিল । বেটেৰে আঘাত কৰাটো শিশুৰ খেল । বেটিঙৰ ক্ষেত্ৰত তেওঁৰ কৌশল আছিল সুকীয়া । বলাৰে বল দিবলৈ আগুৱাই অহাৰ মুহূৰ্ততে শ্বটবোৰ সাজু কৰি লৈছিল বেটছমেনগৰাকীয়ে । যাৰ বাবে বলাৰসকল ব্ৰেডমেনৰ সন্মুখত ছেদেলি-ভেদেলি হৈ পৰিছিল । 1908 চনৰ 27 আগষ্টত অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছত জন্মগ্ৰহণ কৰা ব্ৰেডমেনে মেচত সদায়ে ব্যতিক্ৰমী প্ৰদৰ্শন অব্যাহত ৰাখিছিল ।

ক্ৰিকেটাৰগৰাকীৰ প্ৰদৰ্শনৰ ধাৰা অসাধাৰণ আছিল ৷ যি সাধাৰণতে এগৰাকী ক্ৰিকেটাৰৰ সামৰ্থৰ বাহিৰত থাকে ৷ এজন লোকে ঈশ্বৰৰ আশীৰ্বাদ আৰু অত্যাধিক মনোযোগৰ বাবেহে সাধাৰণতে এনে অসাধাৰণ প্ৰতিভা লাভ কৰিব পাৰে ৷

কোৱা হয় যে যদি তেওঁ ক্ৰিকেটৰ পৰিৱৰ্তে স্কোয়াছ, টেনিছ, গ’ল্ফ বা বিলিয়ৰ্ড খেলহে বাছনি কৰিছিল, যিবোৰ খেলতো ব্ৰেডমেনে চেম্পিয়ন হোৱাৰ সম্ভাৱনা আছিল । শৈশৱত ব্ৰেডমেনে নিজৰ দৃষ্টিশক্তি, কাৰ্যপ্ৰণালী আৰু গতি অধিক উন্নত কৰিবলৈ ক্ৰিকেট ষ্টাম্পেৰে গ’ল্ফ বল কোবাবলৈ অনুশীলন আৰম্ভ কৰিছিল । ষ্টাম্পত আঘাত কৰাৰ পিছত সেই গ’ল্ফ বলটো ৰি-বাউণ্ড হৈছিল আৰু তাৰপিছত ব্ৰেডমেনৰ ওচৰলৈ ঘূৰি আহিছিল । যি ক্ৰিয়াই খেলুৱৈগৰাকীক শৈশৱৰ পৰাই মনোযোগ বৃদ্ধিৰ লগতে আশ্চৰ্যজনক দৃষ্টিশক্তি, ফুটৱৰ্ক আৰু ক্ষমতা প্ৰদান কৰিছিল ।

ব্ৰেডমেনে এইটোও অনুভৱ কৰিছিল যে সম্ভৱতঃ তেওঁ মনোযোগ দিয়াৰ সামৰ্থৰ ক্ষেত্ৰত সমসাময়িক বেটছমেনতকৈ আগবাঢ়ি আছিল । যিয়ে তেওঁক এগৰাকী কিংবদন্তিত পৰিণত কৰাত সহায় কৰিছিল ৷ 1927 চনত নিউ চাউথ ৱেলছৰ হৈ আত্মপ্ৰকাশ কৰাৰ সময়ত ব্ৰেডমেনে ইতিমধ্যে ক্ৰিকেট জগতক আকৰ্ষিত কৰিবলৈ অতি সোনকালেই অসাধাৰণ প্ৰতিভাৰ আভাস দেখুৱাইছিল ।

মাত্ৰ 20 বছৰ বয়সতে তেওঁ 1928 চনত ব্ৰিছবেনত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট মেচত আত্মপ্ৰকাশ কৰে । 1930 চনৰ এছেজ শৃংখলাত তেওঁ পাঁচখন টেষ্টত 974 ৰাণ সংগ্ৰহ কৰি বিশ্বৰ ক্ৰিকেটক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰে ।

খেলুৱৈগৰাকীৰ প্ৰদৰ্শন দেখিলে সাধাৰণ লোকৰ মনলৈ হয়তো প্ৰশ্ন আহিব যে, বেটছমেনগৰাকীক ৰোধ কৰিবলৈ বলাৰৰ হাতত কোনো বিকল্প ব্যৱস্থা নাছিল নেকি ? তাৰ উত্তৰত ক’ব পাৰি যে, বলাৰসকলে তেওঁক ৰোধ কৰিবলৈ গ্ৰহণ কৰা সকলো প্ৰচেষ্টা ক্ৰিকেটাৰগৰাকীৰ সন্মুখত বিফল হৈছিল ৷

আনকি প্ৰত্যক্ষভাৱে ক্ৰিকেটাৰগৰাকীক বাধা দিব নোৱাৰি প্ৰতিপক্ষই আওপকীয়া নীতিও কাৰ্যকৰী কৰি চাইছিল ৷ পিছে এনে সময়তে ব্ৰেডমেনৰ কেৰিয়াৰত এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আহি পৰে ৷ 1932-33 চনৰ কুখ্যাত "বডীলাইন" শৃংখলাৰ সময়ত এই পৰিৱেশ সৃষ্টি হয় ।

এই শৃংখলাত ইংলেণ্ডে ব্ৰেডমেনৰ ৰাণ সংগ্ৰহ কৰাৰ ক্ষমতা সীমিত কৰাৰ প্ৰচেষ্টাত এক বিতৰ্কিত ৰণনীতিৰ আশ্ৰয় লৈছিল । য'ত দ্ৰুত বলাৰসকলে বেটছমেনজনৰ শৰীৰক লক্ষ্য কৰি লেগ চাইডত ফিল্ডাৰৰ এটা বেষ্টনী তৈয়াৰ কৰিছিল, যাতে বেটৰ কাষতে বলটো ধৰিব পৰা যায় । এই কৌশলটো ব্ৰেডমেনক ভয় খুৱাবলৈ আৰু শ্বৰ্ট-পিটছ বলিঙৰ বিৰুদ্ধে তেওঁ অনুভৱ কৰা দুৰ্বলতাক ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰা হৈছিল ।

এই নীতি কাৰ্যকৰী কৰি ইংলেণ্ডৰ খেলুৱৈসকল কিছু পৰিমাণে সফল হৈছিল । বলাৰসকলৰ এই তীব্ৰ আক্ৰমণত ব্ৰেডমেনে 56.57 গড়ে 396 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । গড় 56.57 এতিয়াও এগৰাকী মহান বেটছমেনৰ বাবে সফলতা, কিন্তু ব্ৰেডমেনৰ ক্ষেত্ৰত ই তেনেই কম আছিল । পৰিস্থিতিটো এনেকুৱা হৈছিল যে, সেই শৃংখলাটোত ব্ৰেডমেনৰ দলটোৰ বেছিভাগ বেটছমেনে 20 ৰ গড় অতিক্ৰম কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল ।

'বডীলাইন' শৃংখলাৰ পিছত কেইটামান ইনিংছত ব্ৰেডমেনৰ খেল উত্থান-পতনৰ মাজেৰে অতিক্ৰম কৰিছিল ৷ কিন্তু পৰৱৰ্তী এছেজ ট্ৰফী জিকি তেওঁ অষ্ট্ৰেলিয়াৰ বিজয়ৰ স্ক্ৰিপ্ট তৈয়াৰ কৰিছিল ৷ বলাৰসকলে ক্ৰিকেটাৰগৰাকীৰ বেটৰ সন্মুখত দিশহাৰা হৈ পৰিছিল ৷ 1948 চনত যেতিয়া ব্ৰেডমেনে তেওঁৰ অন্তিমখন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল, তেতিয়া তেওঁক 100 ৰ গড় বজাই ৰাখিবলৈ মাত্ৰ 4 ৰাণৰ প্ৰয়োজন আছিল ।

ব্ৰেডমেন অসাধাৰণ প্ৰতিভাৰ গৰাকী হোৱা স্বত্বেও 100 ৰ গড় সম্পূৰ্ণ কৰিব নোৱাৰিলে ৷ তাতোকৈ আচৰিত কথা এয়ে যে, অভেল টেষ্টত সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ বুলি গণ্য কৰা ব্ৰেডমেনে শূন্য ৰাণতে পেভিলিয়নমুখী হয় ৷ কিন্তু 99.94 ৰ গড় সংগ্ৰহ কৰা কিংবদন্তী ক্ৰিকেটাৰগৰাকীয়ে টেষ্ট ক্ৰিকেট ভালপোৱা লোকসকলৰ মন-মগজু চিৰদিনৰ বাবে প্ৰভাৱিত কৰিছিল ।

ড’নাল্ড ব্ৰেডমেনে মুঠ 55 খন টেষ্ট মেচ খেলি 6,996 ৰাণ সংগ্ৰহ কৰে । তেওঁৰ শীৰ্ষ স্ক'ৰ আছিল মুঠ 29 টা শতকৰ সৈতে 334 ৰাণ । ব্ৰেডমেনে ভাৰতৰ বিৰুদ্ধে মাত্ৰ পাঁচখন মেচ খেলি 178 ৰ গড়ত 715 ৰাণ সংগ্ৰহ কৰি চাৰিটা শতক অৰ্জন কৰিছিল । তাৰ ভিতৰত আছে এটা দ্বি-শতক ৷

খেলুৱৈগৰাকীৰ সৈতে ভাৰতৰ এটা বিশেষ সম্পৰ্ক থকা বুলি ক’ব পাৰি ৷ ব্ৰেডমেনে শচীন তেণ্ডুলকাৰৰ খেল বহুত ভাল পাইছিল । খেলপথাৰত প্ৰায়ে নিচেই ওচৰৰ পৰা মাষ্টাৰ ব্লাষ্টাৰ খ্যাত শচীন তেণ্ডুলকাৰৰ খেলে খেলুৱৈগৰাকীক নিজৰ খেলৰ কথা সোঁৱৰাই দিয়ে বুলিও প্ৰকাশ কৰিছিল ৷

অৱশ্যে ক্ৰিকেটৰ যিকোনো যুগৰে বেটছমেনৰ তুলনাত "ডন" অথবা মুকুটবিহীন সম্ৰাট বুলি প্ৰমাণিত হৈছিল অষ্ট্ৰেলিয়াৰ এই কিংবদন্তীগৰাকী । ক্ৰিকেটৰ যাদুকৰজনে 2001 চনৰ 25 ফেব্ৰুৱাৰীত 92 বছৰ বয়সত পৰলোকলৈ গমন কৰে ৷

লগতে পঢ়ক: মহিলা টি-20 বিশ্বকাপ 2024 ৰ দল ঘোষণা: মূল একাদশৰ পৰা বাদ পৰিল উমা ছেত্ৰী - WOMENS T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.