ETV Bharat / sports

প্লেয়িং 11 ত কিয় স্থান নাপালে এম এছ ধোনীয়ে: দীনেশ কাৰ্তিকে কাৰণ দৰ্শাই বিচাৰিলে ক্ষমা - KARTHIK ALL TIME INDIA PLAYING 11

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 1:49 PM IST

Dinesh Karthik On Ms Dhoni Snub: ভাৰতৰ প্ৰাক্তন খেলুৱৈ দীনেশ কাৰ্তিকে তেওঁৰ সৰ্বকালৰ ভাৰতীয় ক্ৰিকেট দলটোৰ নাম শেহতীয়াকৈ ঘোষণা কৰিছিল, য’ত স্থান লাভৰ পৰা বঞ্চিত হৈছিল এম এছ ধোনী ৷ অনুৰাগীসকলৰ দ্বাৰা যথেষ্ঠ সমালোচনাৰ সন্মুখীন হোৱা কাৰ্তিকে অৱশেষত ক্ষমা বিচাৰি এই সিদ্ধান্তৰ কাৰণ কৰিলে ৰাজহুৱা ৷

KARTHIK ALL TIME INDIA PLAYING 11
দীনেশ কাৰ্তিক আৰু এম এছ ধোনী (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 23 আগষ্ট: ভাৰতৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকে মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগীসকলৰ ওচৰত বিচাৰিছে ক্ষমা ৷ কিছুদিন পূৰ্বে প্ৰকাশিত প্লেয়িং 11 ৰ তালিকাত স্থান লাভৰ পৰা বঞ্চিত হৈছিল ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনী ৷ যাৰ বাবে ক্ষুব্ধ হৈ পৰিছিল ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীসকল ৷

সেয়ে দীনেশ কাৰ্তিকে অনুৰাগীসকলক ক্ষমা বিচাৰি কয় যে, যদি তেওঁক এই সিদ্ধান্ত গ্ৰহণৰ বাবে পুনৰ এক সুযোগ প্ৰদান কৰে, তেন্তে নিশ্চিতভাৱে ধোনীক এই তালিকাত স্থান দিয়া হ’ব ৷

কিছুদিন পূৰ্বে কাৰ্তিকে তেওঁৰ সৰ্বকালৰ ভাৰতৰ প্লেয়িং 11 ৰ নাম প্ৰকাশ কৰিছিল, কিন্তু দলত নাম নাছিল এম এছ ধোনীৰ । ধোনীক দলত অন্তৰ্ভুক্ত নকৰাৰ বাবে কাৰ্তিক যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল ৷ কিয়নো ক্ৰিকেটাৰগৰাকীৰ এই সিদ্ধান্তই অনুৰাগীসকলক হতচকিত কৰি তুলিছিল ।

দীনেশ কাৰ্তিকে অনুৰাগীসকলক বিচাৰিলে ক্ষমা

অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰি দীনেশ কাৰ্তিকে অলপতে ক্ৰিকবাজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল যে, কোনো বিশেষ কাৰণৰ বাবেহে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছিল ৷ যোৱা বছৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলা কাৰ্তিকে কৈছিল যে, এইটো তেওঁৰ এটা ডাঙৰ ভুল আছিল আৰু দলত স্থান দিয়াৰ সময়ত এজন উইকেটকীপাৰ বাছনি কৰিবলৈ পাহৰি গৈছিল ।

তেওঁ লগতে আঙুলিয়াই দিছিল যে, যদিও বহুতে ধাৰণা কৰিছিল যে তেওঁ ৰাহুল দ্ৰাবিড়ক দলত উইকেটকীপাৰ হিচাপে বাছনি কৰিছিল ৷ তেওঁ কেনেদৰে উইকেটকীপাৰ হিচাপে সৰ্বকালৰ দলত আংশিক সময়ৰ ষ্টাম্পাৰ বাছনি কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ।

দীনেশ কাৰ্তিকে ক’লে গুৰুত্বপূৰ্ণ এই কথা

কার্তিকে কৈছিল, "ভাতৃসকল, এয়া এটা ডাঙৰ ভুল আছিল । এইটো সঁচাকৈয়ে এটা ভুল আছিল । মই অনুভৱ কৰিছিলো যেতিয়া এই তালিকা প্ৰকাশ পাইছিল ৷ এনেধৰণৰ আন বহুতো ঘটনা ঘটিছিল, যেতিয়া মই এই একাদশ বাছনি কৰিছিলো ৷ মই উইকেটকীপাৰজনৰ কথা একেবাৰেই পাহৰি গৈছিলো । সৌভাগ্যক্ৰমে ৰাহুল দ্ৰাবিড়ো আছিল আৰু সকলোৱে ভাবিছিল যে, মই এজন আংশিক সময়ৰ উইকেটকীপাৰ বাছনি কৰিছো ৷ কিন্তু সঁচাকৈয়ে, মই ৰাহুল দ্ৰাবিড়ক উইকেটকীপাৰ বুলি ভবা নাছিলো । আপোনালোকে বিশ্বাস কৰিবনে যে, এজন উইকেটকীপাৰ হোৱাৰ বাবেই মই এজন উইকেটকীপাৰৰ কথা পাহৰি গৈছিলো ? এইটো এটা ডাঙৰ ভুল" ৷

তামিলনাডুৰ কাৰ্তিকে লগতে কয় যে, ধোনী যিকোনো ফৰ্মেটত অপৰিৱৰ্তনীয় আৰু তেওঁক এতিয়ালৈকে এজন শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ মান্যতা দিয়া হয় ৷ যদি দল সলনি কৰাৰ সুযোগ তেওঁক দিয়া হয়, তেন্তে ধোনীক 7 নম্বৰত অন্তৰ্ভুক্ত কৰি দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিব ৷

"মোৰ বাবে এয়া স্পষ্ট যে, কেৱল ভাৰততে নহয়, বিশ্বৰ যিকোনো স্থানতে অনুষ্ঠিত যিকোনো ফৰ্মেটৰ ক্ৰিকেটতে ধোনী অপ্ৰতিৰোধ্য ৷ মই ভাবো তেওঁ সৰ্বকালৰ এজন শ্ৰেষ্ঠ ক্ৰিকেটাৰ । যদি মই সেই দলটো পুনৰ সলনি কৰিবলগা হয়, তেন্তে মই এটা পৰিৱৰ্তন কৰিম ৷ এয়া হৈছে- ধোনীক 7 নম্বৰত অন্তৰ্ভুক্ত কৰি দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিম" ৷

দীনেশ কাৰ্তিকৰ সকলো ফৰ্মেটৰ সৰ্বকালৰ ভাৰতীয় প্লেয়িং 11:

বীৰেন্দ্ৰ সেহৱাগ, ৰোহিত শৰ্মা, ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, যুৱৰাজ সিং, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, অনিল কুম্বলে, যশপ্ৰীত বুমৰাহ আৰু জাহিৰ খান আৰু দ্বাদশ খেলুৱৈ হিচাপে হৰভজন সিং ।

লগতে পঢ়ক: দীনেশ কাৰ্তিক-এম এছ ধোনীৰ মাজত মনোমালিন্য ! কিহৰ বাবে ধোনীয়ে নাপালে প্লেয়িং-11 ত স্থান - KARTHIK ALL TIME INDIA PLAYING 11

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.