ETV Bharat / sports

বিশ্বৰ সৰ্বাধিক ফ’লৱাৰ্ছ থকা ব্যক্তি হিচাপে অভিলেখ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ - RONALDO 1 BILLION FOLLOWERS

author img

By ETV Bharat Sports Team

Published : Sep 13, 2024, 3:08 PM IST

Cristiano Ronaldo: পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে নিজৰ নামত গঢ়িছে আন এক বৃহৎ অভিলেখ । ৰ’নাল্ডোৱে সামাজিক মাধ্যমৰ জৰিয়তে এক বিলিয়ন ফ’লৱাৰ্ছ লাভ কৰি ৰচিছে ইতিহাস ।

RONALDO 1 BILLION FOLLOWERS
তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 13 ছেপ্টেম্বৰ: বিশ্বৰ অন্যতম সফল ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো কেৰিয়াৰৰ আৰম্ভণিৰে পৰা খেলপথাৰৰ লগতে বাহিৰতো অভিলেখ ভংগ কৰাৰ বাবে জনাজাত । পৰ্তুগালৰ ফুটবল তাৰকাগৰাকীয়ে পুনৰ এবাৰ সৃষ্টি কৰিছে ইতিহাস ৷ সকলো প্ৰকাৰৰ সামাজিক মাধ্যমৰ প্লেটফৰ্মত 1 বিলিয়ন ফ’লৱাৰ্ছ(অনুসৰণকাৰী) লাভ কৰা বিশ্বৰ প্ৰথমগৰাকী ব্যক্তিত পৰিণত হৈছে তাৰকা ফুটবলাৰগৰাকী ।

ৰ’নাল্ডোৰ সামাজিক মাধ্যমত এক বিলিয়ন ফ’লৱাৰ্ছ

ৰ’নাল্ডো হৈছে ইনষ্টাগ্ৰামত আটাইতকৈ বেছি অনুসৰণ কৰা ব্যক্তি । ৰ’নাল্ডোৰ ইনষ্টাগ্ৰামত আছে 639 মিলিয়নতকৈও অধিক অনুসৰণকাৰী বা ফ’লৱাৰ্ছ ৷ ফেচবুকত আজিৰ তাৰিখত ৰ’নাল্ডোৰ 170 মিলিয়নতকৈও অধিক অনুসৰণকাৰী আছে ।

আনহাতে, অন্যতম সামাজিক মাধ্যম এক্সত ৰ’নাল্ডোৰ 113 নিযুতৰো অধিক অনুসৰণকাৰী আছে (পূৰ্বতে টুইটাৰ বুলি জনা গৈছিল) ।

ৰ’নাল্ডোৱে শেহতীয়াকৈ মুকলি কৰিছিল এটা ইউ টিউব চেনেল, যাৰ নাম "ইউআৰ ক্ৰিষ্টিয়ানো" ৷ চেনেলটোৱে মুকলিৰ এসপ্তাহৰ ভিতৰত লাভ কৰে 50 মিলিয়ন গ্ৰাহক ৷ জনপ্ৰিয় ফুটবলাৰগৰাকীৰ খ্যাতি এই কথাৰ পৰা অনুমান কৰিব পাৰি ৷ ইউ টিউবত এক মিলিয়ন গ্ৰাহকৰ সংখ্যা স্পৰ্শ কৰিবলৈ তেওঁক প্ৰয়োজন হৈছিল মাত্ৰ 90 মিনিট সময় ৷

পোষ্টৰ জৰিয়তে প্ৰকাশ এই তথ্য

জনপ্ৰিয় ফুটবল তাৰকাগৰাকীয়ে এই খবৰ ঘোষণা কৰি সামাজিক মাধ্যম এক্সত লিখিছিল এনেদৰে, "আমি ইতিহাস সৃষ্টি কৰিছো - এক বিলিয়ন অনুসৰণকাৰী ! এইটো কেৱল এটা সংখ্যা নহয় – ই আমাৰ খেল আৰু তাৰ বাহিৰৰ প্ৰতি থকা আবেগ, আবেগ আৰু মৰমৰ এক প্ৰমাণ" ৷

"মাদেইৰাৰ ৰাজপথৰ পৰা পৃথিৱীৰ সৰ্ববৃহৎ পৰ্যায়লৈকে, মই সদায় মোৰ পৰিয়াল আৰু আপোনালোকৰ হৈ খেলি আহিছো ৷ এতিয়া আমাৰ ওচৰত এক বিলিয়ন লোক একেলগে থিয় হৈ আছে । আপোনালোক সকলো উত্থান-পতনৰ মাজেৰে প্ৰতিটো পদক্ষেপতে মোৰ সৈতে আছে । এই যাত্ৰাটো আমাৰ যাত্ৰা আৰু আমি একেলগে দেখুৱাইছো যে, আমি কি লাভ কৰিব পাৰো, তাৰ কোনো সীমা নাই" ।

অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন

ৰ’নাল্ডোৱে এই পোষ্টটোত তেওঁৰ সকলো অনুৰাগীক ধন্যবাদ জনাইছে । "মোৰ ওপৰত বিশ্বাস কৰাৰ বাবে, আপোনালোকৰ সমৰ্থনৰ বাবে আৰু মোৰ জীৱনৰ অংশ হোৱাৰ বাবে আপোনালোকক ধন্যবাদ । সৰ্বশ্ৰেষ্ঠটো এতিয়াও আহিবলৈ বাকী আছে ৷ আমি একেলগে আগবাঢ়ি যাম, জিকিম আৰু ইতিহাস ৰচনা কৰিম" ৷

900 টা গ’ল প্ৰদান কৰা প্ৰথমগৰাকী ফুটবলাৰ

সামাজিক মাধ্যমৰ ৰেকৰ্ডৰ উপৰিও ৰ’নাল্ডোৱে আন এটা বৃহৎ অভিলেখ গঢ়ি তুলিছে । সেয়া হৈছে, কেইদিনমান পূৰ্বে তেওঁ কেৰিয়াৰৰ 900 টা গ’ল প্ৰদানকাৰী প্ৰথমগৰাকী ফুটবলাৰত পৰিণত হৈছিল । তেওঁ পৰ্তুগালৰ নেশ্যনছ লীগৰ খেলখনত ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে জয়সূচক গ'ল প্ৰদান কৰি এই কৃতিত্ব অৰ্জন কৰে ।

লগতে পঢ়ক: অপ্ৰতিৰোধ্য ক্ৰিষ্টিয়ানো ৰ’নাল্ডো: ইউ টিউবৰ গ্ৰাহকৰ সংখ্যাই ভংগ কৰিছে সৰ্বকালৰ অভিলেখ - CRISTIANO RONALDO YOUTUBE CHANNEL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.