ETV Bharat / sports

পৰ্তুগাল বনাম ক্ৰ’ৱেছিয়া: ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ 900 গ’ল সম্পূৰ্ণ - CRISTIANO RONALDO 900 GOALS

author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 4:45 PM IST

Cristiano Ronaldo created history: প্ৰবীণ তথা জনপ্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে বৃহস্পতিবাৰে ইতিহাস সৃষ্টিৰে গঢ়িছে অভিলেখ ৷ লগতে এনে কৰা বিশ্বৰ প্ৰথমগৰাকী ফুটবল খেলুৱৈত পৰিণত হৈ পৰিছে ৰ’নাল্ডো । পঢ়ক বিতং খবৰ...

CRISTIANO RONALDO 900 GOALS
ঐতিহাসিক সেই মুহূৰ্ত (ANI Photos)

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: পৰ্তুগালৰ কিংবদন্তী ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে বৃহস্পতিবাৰে লিছবনত ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে উৱেফা নেশ্যনছ লীগৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত সৃষ্টি কৰে ইতিহাস । এই খেলখনত ৰ’নাল্ডোৱে কেৰিয়াৰৰ 900 তম গ’লটো প্ৰদান কৰে । ইয়াৰ লগে লগে ফুটবল ইতিহাসৰ একমাত্ৰ খেলুৱৈত পৰিণত হয় ৰ’নাল্ডো, যিয়ে 900 বা ততোধিক গ’ল প্ৰদান কৰিছে ৷

CRISTIANO RONALDO 900 GOALS
জনপ্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো (ETV Bharat)

ৰ’নাল্ডোৱে উদযাপন কৰে এই মুহূৰ্ত

এই খেলখনত পৰ্তুগালে ক্ৰ’ৱেছিয়াক 2-1 গ’লত পৰাস্ত কৰে । খেলখনৰ মাজতে ৰ’নাল্ডোৱে এটা গ’ল প্ৰদান কৰি আৱেগিক হৈ পৰে ৷ ততালিকে খেলুৱৈগৰাকীয়ে এটা কোণৰ ফালে দৌৰি গৈ মুখত হাত ৰাখি মাটিত পৰি এই ঐতিহাসিক মুহূৰ্তটো উপভোগ কৰে ৷ উক্ত সময়ত খেলপথাৰৰ চৌদিশে ফুটবলাৰগৰাকীৰ নামৰ প্ৰতিধ্বনি শুনা যায় ৷

পৰ্তুগালৰ হৈ 39 বছৰীয়া খেলুৱৈগৰাকীৰ এয়া 131 তম গ’ল আছিল । ইয়াৰ লগে লগে ফুটবলাৰগৰাকীৰ নামত সৰ্বাধিক আন্তৰ্জাতিক গ’ল প্ৰদান কৰাৰ অভিলেখ ইতিহাসৰ পাতত লিপিবদ্ধ হৈছিল ৷

পৰ্তুগালৰ অধিনায়কজনৰ নামত ইতিমধ্যে লিপিবদ্ধ আছে 769 টা গ’লৰ অভিলেখ ৷ যিয়ে সমগ্ৰ বিশ্বৰ ক্লাবৰ হৈ খেলি আছে । তেওঁৰ চিৰ প্ৰতিদ্বন্দ্বী লিয়’নেল মেছিৰ নামত আছে দ্বিতীয় সৰ্বাধিক 842 টা গ'ল প্ৰদানৰ অভিলেখ ৷ আনহাতে, ব্ৰাজিলৰ কিংবদন্তী পেলে 765 টা গ’লৰ সৈতে এই তালিকাৰ তৃতীয় স্থানত আছে ।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, খেলখনৰ পিছত ৰ’নাল্ডোৱে কৈছিল, "ইয়াৰ অৰ্থ বহুত । এইটো এটা মাইলৰ খুঁটি আছিল, যিটো মই দীৰ্ঘদিন ধৰি লাভ কৰিবলৈ বিচাৰিছিলো । মই জানিছিলো যে, মই এই সংখ্যাত উপনীত হ'ম ৷ কাৰণ মই খেলি থকাৰ লগে লগে এইটো স্বাভাৱিকভাৱে হ’ব । এইটো আৱেগিক আছিল কাৰণ এইটো এটা মাইলৰ খুঁটি । কিন্তু কেৱল মই আৰু মোৰ চাৰিওফালৰ লোকসকলেহে জানে যে, প্ৰতিদিনে কাম কৰা, শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হোৱা আৰু 900 টা গ'ল কৰা কিমান কঠিন" ৷

ৰ’নাল্ডোৱে শেহতীয়াকৈ নিজৰ নামত মুকলি কৰিছে এটা ইউ টিউব চেনেল, যাৰ আছে 1 নিযুত গ্ৰাহক ৷ জনপ্ৰিয় ফুটবলাৰগৰাকীয়ে খেলপথাৰৰ সমানে সমানে ইউ টিউব জগততো স্থাপন কৰিছে অভিলেখ ৷

লগতে পঢ়ক: অপ্ৰতিৰোধ্য ক্ৰিষ্টিয়ানো ৰ’নাল্ডো: ইউ টিউবৰ গ্ৰাহকৰ সংখ্যাই ভংগ কৰিছে সৰ্বকালৰ অভিলেখ - CRISTIANO RONALDO YOUTUBE CHANNEL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.