ETV Bharat / sports

সমুখ সমৰত লাভলীনা-ছুন্নিভা; লাভলীনাক লৈ আশাবাদী আদিগুৰু প্ৰশান্ত কুমাৰ দাস - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 12:02 PM IST

Updated : Jul 31, 2024, 1:16 PM IST

Lovlina in Paris Olympics 2024: বুধবাৰে পেৰিছ অলিম্পিকত নৰৱে'ৰ বক্সাৰৰ বিৰুদ্ধে ৰিঙত নামিব অসমকন্যা লাভলীনা বৰগোঁহাই । উৎসাহ-উৎকণ্ঠাৰ সীমা নাই সৰুপথাৰ তথা ধনশিৰিবাসীৰ মনত । লাভলীনাই সফলতা লাভ কৰিব বুলি আশাবাদী অলিম্পিক বিজয়ীগৰাকীৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাস ৷ লাভলীনা সন্দৰ্ভত ইটিভি ভাৰতৰ আগত আৰু কি কি ক’লে প্ৰশান্ত কুমাৰ দাসে ? জানো আহক...

Paris Olympics 2024
লাভলীনালৈ শুভেচ্ছা (ETV Bharat Assam)

সৰুপথাৰ, 31 জুলাই: টকিঅ' অলিম্পিকত পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁই বুধবাৰে পেৰিছ অলিম্পিকৰ 75 কেজি মহিলা শাখাৰ বক্সিং ৰিঙত অৱতীৰ্ণ হ’ব ৷ দেশ তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই অনাৰ বাবে অসম কন্যাগৰাকীয়ে লাভ কৰিছে আন এক সুযোগ ।

উৎসাহ-উৎকণ্ঠাৰ সীমা নাই সৰুপথাৰ তথা ধনশিৰিবাসীৰ মনত (ETV Bharat Assam)

আজি বিয়লি 3.50 মিনিটত বক্সিং ৰিঙত অৱতীৰ্ণ হ’ব অসমৰ লাভলীনা ৷ লাভলীনাই নৰৱে‘ৰ বক্সাৰ ছুন্নিভা হফষ্টেডৰ বিৰুদ্ধে খেলিব প্ৰথমখন খেল । ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গৃহ চহৰতো দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা । সৰুপথাৰতো শুভেচ্ছামূলক অনুষ্ঠান ‘গ' ফ’ৰ গ’ল্ড লাভলীনা’ শুভেচ্ছামূলক বাক্যৰে বিভিন্নজনে শুভেচ্ছা প্ৰদান কৰিছে লাভলীনাক ।

লাভলীনা সন্দৰ্ভত ক’বলৈ গৈ অলিম্পিক বিজয়ীগৰাকীৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয়, "মই আশা কৰো যে আজিৰ খেলখনত লাভলীনাই ভাল প্ৰদৰ্শন কৰিব আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব ৷ লগতে লাভলীনা যে দুবাৰকৈ অলিম্পিকৰ বাবে নিৰ্বাচিত হৈছে তাৰ বাবে মই তেওঁক অভিনন্দন জনাইছো ৷ সেয়া অসমবাসীৰ লগতে ভাৰতবাসীৰ বাবেও এক গৌৰৱৰ বিষয় ৷ দুবাৰকৈ অলিম্পিক খেলাটো ইমান সহজ নহয় ৷ তাই পেৰিছ অলিম্পিকলৈ মনোনীত হোৱাৰ পাচতে সোণৰ মেডেল যাতে লাভ কৰিব পাৰে তাৰে লক্ষ্য বান্ধি লৈছিল বুলি মোৰ আগত কৈছিল ৷ তাইৰ আশা বাস্তৱত পৰিণত হওঁক ৷"

উল্লেখ কৰা প্ৰয়োজন যে, বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুলৰ প্ৰাংগন খেলপথাৰৰ পৰাই বক্সিঙৰ যাত্ৰা আৰম্ভ হৈছিল লাভলীনাৰ । টকিঅ' অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ৰ পিছত দ্বিতীয়বাৰৰ বাবে পেৰিছ অলিম্পিকত অংশ ল'ব লাভলীনাই । এইবাৰৰ অলিম্পিক গেমছত অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশ ল’ব লাভলীনা বৰগোহাঁয়ে । মহিলা 75 কেজি শাখাত অংশ ল'ব অসম কন্যা লাভলীনা বৰগোহাঁয়ে ।

লগতে পঢ়ক: লাভলীনা বৰগোঁহাইলৈ সৰুপথাৰত শুভেচ্ছামূলক অনুষ্ঠান - Paris Olympics 2024

এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিলেই অলিম্পিকত লাভলীনাৰ দ্বিতীয় পদক নিশ্চিত ! - Paris Olympics 2024

লাভলীনা বৰগোঁহাই : স্কুলৰ খেলপথাৰৰ পৰা অলিম্পিকৰ ক্ৰীড়াংগনলৈ অদম্য সপোনৰ এক জীয়া বাস্তৱ - PARIS OLYMPICS 2024

Last Updated : Jul 31, 2024, 1:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.