ETV Bharat / sports

জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা : দলত অন্তৰ্ভুক্ত ৰিয়ান পৰাগ - Riyan Parag in India Team

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 6:47 PM IST

India's squad for tour of Zimbabwe: জিম্বাব’ৱেৰ বিৰুদ্ধে খেলিবলগীয়া টি-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা ৷ শুভমন গিলক অধিনায়কৰ দায়িত্ব ৷ ৰিয়ান পৰাগেও স্থান লাভ কৰিছে দলত ৷

INDIA TOUR ZIMBABWE
India's squad for tour of Zimbabwe (BCCI twitter)

স্প’ৰ্টছ ডেস্ক, 24 জুন: টি-20 বিশ্বকাপ চলি থকাৰ মাজতে বি চি চি আয়ে ঘোষণা কৰিলে অহা জুলাই মাহত জিম্বাব’ৱে ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় ক্ৰিকেট দলটোৰ খেলুৱৈৰ তালিকা ৷ অসমৰ বাবে বিশেষ সুখবৰ কঢ়িয়াই আনিছে এই তালিকাখনে ৷ কিয়নো এই তালিকাত নাম সন্নিবিষ্ট হৈছে অসম সন্তান তথা সম্ভাৱনাপূৰ্ণ মিডল অৰ্ডাৰ বেটছমেন ৰিয়ান পৰাগৰ ৷ আজি বি চি চি আয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে খেলুৱৈৰ তালিকা ৷

পুৰুষ ক্ৰিকেট দলৰ নিৰ্বাচক সমিতিয়ে 15 জন খেলুৱৈৰ নাম ঘোষণা কৰিছে ৷ ভাৰতে অহা জুলাই মাহৰ প্ৰথম সপ্তাহত জিম্বাব’ৱে ভ্ৰমণ কৰিব আৰু হাৰাৰেত 5 খনীয়া টি-20 শৃংখলাত অংশ ল’ব ৷

লগতে পঢ়ক: আই পি এলত অভিলেখ সৃষ্টি ৰিয়ান পৰাগৰ; প্ৰতিভাৰ দিলে উমান - RIYAN PARAG IPL RUNS

বি চি চি আইৰ দ্বাৰা প্ৰকাশ কৰা তালিকা অনুসৰি ভাৰতীয় দলৰ খেলুৱৈসকল হৈছে- শুভমন গিল (অধিনায়ক), যশস্বী জয়ছোৱাল, ঋতুৰাজ গাইকোৱাড, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু চেমচন (Wk), ধ্ৰুৱ জুৰেল (Wk), ৰিয়ান পৰাগ, নিতীশ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, আৱেশ খান, খলীল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে ৷

খেলৰ সূচী-

ক্ৰমতাৰিখ/বাৰস্থানসময়
প্ৰথম টি-206 জুলাই 2024, শনিবাৰহাৰাৰে স্প’ৰ্টছ ক্লাৱ দিনৰ 1 বজাত (ভাৰতীয় সময় বিয়লি 4.30 বজাত)
দ্বিতীয় টি-20 7 জুলাই 2024, দেওবাৰহাৰাৰে স্প’ৰ্টছ ক্লাৱ দিনৰ 1 বজাত (ভাৰতীয় সময় বিয়লি 4.30 বজাত)
তৃতীয় টি-2010 জুলাই 2024, বুধবাৰহাৰাৰে স্প’ৰ্টছ ক্লাৱ দিনৰ 1 বজাত (ভাৰতীয় সময় বিয়লি 4.30 বজাত)
চতুৰ্থ টি-2013 জুলাই 2024, শনিবাৰহাৰাৰে স্প’ৰ্টছ ক্লাৱ দিনৰ 1 বজাত (ভাৰতীয় সময় বিয়লি 4.30 বজাত)
পঞ্চম টি-2014 জুলাই 2024, দেওবাৰহাৰাৰে স্প’ৰ্টছ ক্লাৱ দিনৰ 1 বজাত (ভাৰতীয় সময় বিয়লি 4.30 বজাত)

ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে অসমৰ ক্ৰীড়াপ্ৰেমী ৷ সকলোৱে তেওঁক অভিনন্দন জনাইছে ৷

লগতে পঢ়ক: ব্যৰ্থতা আৰু সমালোচনা সফলতাৰ আধাৰ : ৰাজকীয় প্ৰত্যাৱৰ্তনেৰে প্ৰমাণ কৰিলে ৰিয়ান পৰাগে - Riyan Parag

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.