ETV Bharat / sports

বাংলাদেশৰ বিৰুদ্ধে ঘৰৰ মাটিতে 10 উইকেটত পৰাস্ত পাকিস্তান - PAK VS BAN 1ST TEST

author img

By ETV Bharat Sports Team

Published : Aug 25, 2024, 6:53 PM IST

Ban vs Pak: দুখন মেচৰ শৃংখলাৰ প্ৰথমখন টেষ্টত বাংলাদেশে পাকিস্তানক 10 উইকেটত পৰাস্ত কৰে । মেহিদী হাছান মিৰাজে দুটা ইনিংছত মুঠ পাঁচটা উইকেট দখল কৰি বাংলাদেশৰ জয়ত সহায় কৰে ৷ আনহাতে, মুশফিকুৰ ৰহিমে অপৰাজিত 191 ৰাণৰ এটা সুন্দৰ ইনিংছ আগবঢ়াই, যাৰ ফলত বাংলাদেশে পাকিস্তানক ঘৰৰ মাটিতে অনায়াসে পৰাস্ত কৰে ।

PAK VS BAN 1ST TEST
খেলপথাৰত উৎফুল্লিত বাংলাদেশৰ ক্ৰিকেটাৰসকল (AP PHOTOS)

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট: পাকিস্তানৰ বিৰুদ্ধে দুখন মেচৰ শৃংখলাৰ প্ৰথমখন টেষ্টত বাংলাদেশে 30 ৰাণৰ সহজ লক্ষ্য আগত লৈ 10 উইকেটত জয় লাভ কৰে ৷ টেষ্ট ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে এয়া বাংলাদেশৰ প্ৰথমটো জয় আছিল । এই পৰাজয়ৰ সৈতে পাকিস্তানে নিজৰ ঘৰৰ মাটিত হতাশাজনক প্ৰদৰ্শন অব্যাহত ৰাখিছে ।

বাংলাদেশৰ বিৰুদ্ধে 10 উইকেটত পৰাস্ত পাকিস্তান

এই মেচখনত বাংলাদেশে টছত জয়ী হৈ আয়োজক দলক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । চাউদ চাকিল(141) আৰু মহম্মদ ৰিজৱানৰ(171 নট আউট) অংশীদাৰিত্বৰ বাবে পাকিস্তানে 448/6 ৰাণত প্ৰথম ইনিংছ ঘোষণা কৰে । বাংলাদেশৰ হৈ শ্বৰিফুল ইছলাম আৰু হাছান মাহমুদে দুটাকৈ উইকেট দখল কৰে ৷ আনহাতে, মেহিদী হাছান মিৰাজ আৰু চাকিব আল হাছানে এটাকৈ উইকেট দখল কৰে ।

বাংলাদেশৰ হৈ ৰহিমৰ 191 ৰাণৰ দৰ্শনীয় ইনিংছ

উইকেটকীপাৰ মুশফিকুৰ ৰহিমৰ 191 ৰাণৰ দৰ্শনীয় ইনিংছৰ বাবে বাংলাদেশে প্ৰথম ইনিংছত মুঠ 565 ৰাণ সংগ্ৰহ কৰে । লিটন দাস, মেহিদী হাছান মিৰাজ আৰু মমিনুল হকে অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে নাছিম শ্বাহে পাকিস্তানৰ হৈ তিনিটা উইকেট দখল কৰে । প্ৰথম ইনিংছত বাংলাদেশৰ 117 ৰাণৰ অগ্ৰগতি আছিল ।

বাংলাদেশৰ আগত 30 ৰাণৰ সহজ লক্ষ্য

প্ৰথম ইনিংছত বাংলাদেশক পিছ পেলাই পাকিস্তানে দ্বিতীয় ইনিংছত 146 ৰাণ সংগ্ৰহ কৰে । বাংলাদেশৰ হৈ মেহিদী হাছান মিৰাজে চাৰিটা উইকেট দখল কৰে । পাকিস্তানে বাংলাদেশক 30 ৰাণৰ লক্ষ্য বান্ধি দিছিল । ভ্ৰমণকাৰী দলটোৱে কোনো উইকেটৰ পতন নঘটাকৈ 30 ৰাণৰ সহজ লক্ষ্যত উপনীত হয় ৷ ইয়াৰ লগে লগে বাংলাদেশে শৃংখলাটোত 1-0 ৰ অগ্ৰগতি লাভ কৰে ।

লগতে পঢ়ক: অ’ল্ড ট্ৰেফৰ্ডত প্ৰথমখন টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে 5 উইকেটত ধৰাশায়ী শ্ৰীলংকা - ENGLAND VS SRI LANKA 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.