ETV Bharat / sports

টেষ্ট শৃংখলাৰ বাবে দল ঘোষণা বাংলাদেশৰ: কোনে পালে স্থান, কোন পৰিল বাদ - IND VS BAN TEST SERIES

author img

By ETV Bharat Sports Team

Published : Sep 12, 2024, 5:20 PM IST

Bangladesh Team against India: সমাগত টেষ্ট শৃংখলাৰ বাবে দল ঘোষণা কৰিছে বাংলাদেশে ৷ ভাৰতৰ বিৰুদ্ধে 19 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ শৃংখলাটোৰ বাবে ঘোষণা কৰা দলটোৰ নেতৃত্ব বহন কৰিব নাজমুল হোছেইন শান্তোৱে ৷ শান্তোৰ নেতৃত্বত বাংলাদেশে পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰিছিল ৷

IND VS BAN TEST SERIES
ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ দল ঘোষণা (AP Photo)

স্প’ৰ্টছ ডেস্ক, 12 ছেপ্টেম্বৰ: বাংলাদেশে বৃহস্পতিবাৰে ভাৰতৰ বিৰুদ্ধে 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাটোৰ বাবে দল ঘোষণা কৰে । বাংলাদেশৰ দ্বাৰা ঘোষণা কৰা 16 জনীয়া দলটোৰ নেতৃত্বত আছে নাজমুল হোছেইন শান্তো, যিয়ে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলাত দলটোক ঐতিহাসিক জয়ৰ সোৱাদ দিছিল ।

বাংলাদেশৰ দলত সামান্য পৰিৱৰ্তন

শেহতীয়াকৈ পাকিস্তানক ঘৰৰ মাটিতে 2-0 ত পৰাস্ত কৰা বাংলাদেশৰ দলটোত সামান্য পৰিৱৰ্তন ঘটোৱা হৈছে ৷ আঘাতৰ বাবে ভাৰতৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ পৰা বাহিৰ হোৱা ফাষ্ট বলাৰ শ্বৰিফুল ইছলামৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে উইকেটকীপাৰ বেটছমেন জাকেৰ আলী আনিকক ৷

জাকেৰ আলীৰ স্থান লাভ

পাকিস্তানৰ বিৰুদ্ধে প্ৰথম টেষ্টত ককালত আঘাতপ্ৰাপ্ত শ্বৰিফুল এতিয়াও সুস্থ হৈ উঠা নাই ৷ যাৰ বাবে পাকিস্তান এ ৰ বিৰুদ্ধে বাংলাদেশ এ ৰ হৈ শতক অৰ্জন কৰাৰ পিছত আলী আনিকক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

26 বছৰীয়া বেটছমেনজনে টেষ্ট পৰ্যায়ত বৰ্তমানলৈকে কোনো খেল খেলা নাই ৷ কিন্তু তেওঁ বাংলাদেশৰ হৈ 17 খন টি-20 মেচত অংশগ্ৰহণ কৰিছে ৷ তদুপৰি, সদ্যসমাপ্ত টি-20 বিশ্বকাপ 2024 ত 4 খন মেচত বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল আনিকে ।

ভাৰত বনাম বাংলাদেশ টেষ্ট শৃংখলা

ভাৰত আৰু বাংলাদেশৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলাটো 19 ছেপ্টেম্বৰৰ পৰা চেন্নাইত আৰম্ভ হ'ব । দ্বিতীয়খন টেষ্ট 27 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ অনুষ্ঠিত হ'ব কানপুৰত । ভাৰত বৰ্তমান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ শীৰ্ষস্থানত আছে ৷ আনহাতে, পাকিস্তানৰ বিৰুদ্ধে শৃংখলা জয়ৰ পিছত বাংলাদেশে এই তালিকাৰ চতুৰ্থ স্থানত উপনীত হয় ।

টেষ্ট শৃংখলাৰ বাবে বাংলাদেশৰ দলটো

নাজমুল হোছেইন শান্তো(অধিনায়ক), মাহমুদুল হাছান জয়, জাকিৰ হাছান, শ্বাদমান ইছলাম, মমিনুল হক, মুশ্বফিকৰ ৰহিম, চাকিব আল হাছান, লিটন দাস, মেহিদী হাছান মিৰাজ, টাইজুল ইছলাম, নাইম হাছান, নাহিদ ৰাণা, হাছান মাহমুদ, তাস্কিন আহমেদ, চৈয়দ খালেদ আহমেদ, জাকেৰ আলী আনিক ।

লগতে পঢ়ক: বৰষুণৰ পানীৰে পৰিত্যক্ত খেলপথাৰ: চতুৰ্থ দিনৰ বাবেও বাতিল আফগানিস্তান-নিউজিলেণ্ডৰ মেচ - AFG VS NZ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.