ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰাৰ সম্ভাৱনা বাবৰ আজম

Babar Azam: ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা দ্বিতীয় টেষ্টৰ পৰা বাদ পৰিব পাৰে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম ৷

author img

By ETV Bharat Sports Team

Published : Oct 13, 2024, 3:57 PM IST

BABAR AZAM
পাকিস্তানী ক্ৰিকেটাৰ বাবৰ আজম (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 13 অক্টোবৰ: পাকিস্তান ক্ৰিকেটত অব্যাহত আছে বিপৰ্যয় ৷ দলটোৱে এটাৰ পিছত আনটো ক্ৰমাগত পৰাজয়ৰ সন্মুখীন হৈছে । যাৰ বাবে সমগ্ৰ দেশতে অনুৰাগীসকলে তীব্ৰ সমালোচনা কৰিছে দলটোক ৷

শেহতীয়াকৈ মুলতানত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন টেষ্টত লজ্জাজনক পৰাজয়ৰ পিছত দ্বিতীয় টেষ্টত কিছু সালসলনি কৰাৰ কথা চিন্তা কৰা হৈছে ৷ দলটোত সালসলনি কৰিলে বাদ পৰাৰ সম্ভাৱনা আছে প্ৰাক্তন অধিনায়ক বাবৰ আজম ৷

বিগত কেইমাহমানৰে পৰা ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত অতি দুৰ্বল প্ৰদৰ্শন কৰি আহিছে বাবৰে । আনকি প্ৰথম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে পিটচখন বেটিং অনুকূল হোৱাৰ পাছতো তেওঁ মাত্ৰ 30 আৰু 5 ৰাণহে সংগ্ৰহ কৰিছিল ।

মুলতান টেষ্টত পাকিস্তানৰ পৰাজয়ৰ কেইঘণ্টামান পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এখন নতুন বাছনি সমিতি গঠন কৰে ৷ ব’ৰ্ডে দ্বিতীয় টেষ্টৰ বাবে বাবৰক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লৈছে ৷

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, আলিম দাৰ, আকিব জাভেদ আৰু আজহাৰ আলীক লৈ গঠিত বাছনি সমিতিয়ে দুৰ্বল প্ৰদৰ্শনৰ বাবে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লৈছে । অৱশ্যে, তেওঁক কিমান দিন দলৰ বাহিৰত ৰখা হ'ব আৰু ৰাষ্ট্ৰীয় দললৈ উভতি আহিবলৈ তেওঁ নিজকে প্ৰমাণ কৰিব লাগিব নে নাই, সেয়া জনা নাযায় । অৱশ্যে, পাকিস্তানত তেওঁক কোহলীৰ সৈতে তুলনা কৰা হয় ।

প্ৰথম টেষ্টত পাকিস্তানে ইংলেণ্ডৰ বিৰুদ্ধে এটা ইনিংছ আৰু 49 ৰাণত পৰাজয়বৰণ কৰে ৷ পাকিস্তানে প্ৰথমে বেটিং কৰি 500 তকৈও অধিক ৰাণ সংগ্ৰহ কৰা স্বত্বেও ইংলেণ্ডৰ হাতত পৰাজয়বৰণ কৰে ৷

ইংলেণ্ডৰ হৈ হেৰী ব্ৰুকে তিনিটা আৰু জ’ ৰুটে দুটা শতক অৰ্জন কৰি পাকিস্তানক সহজে পৰাস্ত কৰে । ইংলেণ্ডৰ বেটছমেনসকলৰ সন্মুখত পাকিস্তানৰ বলাৰসকলো হৈছিল দিশহাৰা ৷ আয়োজক দলটোৰ 6 জনতকৈ অধিক বলাৰে 100 ৰাণতকৈ অধিক ৰাণ ব্যয় কৰিছিল ৷ মূলতান টেষ্টত লজ্জাজনক পৰাজয়ৰ পিছত দলটোত এক অস্থিৰতাই বিৰাজ কৰিছে ৷

লগতে পঢ়ক: ১৩৩ ৰানত বাংলাদেশক হৰুৱাই টীম ইণ্ডিয়াই ৰচিলে কেবাটাও অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.