ETV Bharat / sports

বিৰাট কোহলীৰ পিচত টি-২০ ত ৪০০০ ৰাণ সংগ্ৰহকাৰীৰ তালিকাত বাবৰ আজম - BABAR AZAM 4000 T20I RUNS

BABAR AZAM: পাকিস্তানৰ অধিনায়ক বাবৰ আজমে টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে ১৩ ৰাণ সংগ্ৰহ কৰাৰ লগে লগে অৰ্জন কৰিলে আন এক কৃতিত্ব । অধিনায়ক হিচাপেও ইতিমধ্য়ে ৰচিছে অভিলেখ ।

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 1:41 PM IST

ETV BHARAT ASSAM
পাকিস্তানৰ অধিনায়ক বাবৰ আজম (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, 31 মে’: পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত দ্বি-পাক্ষিক টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত আলহী দলটো সাত উইকেটত পৰাস্ত হ'লেও অধিনায়ক বাবৰ আজমে ৰচিলে এক অভিলেখ । টি-২০ মেচত ৪০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয়গৰাকী বেটছমেন হিচাপে তেওঁ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয় ।

ইংলেণ্ডৰ বিৰুদ্ধে অ'ভেলত অনুষ্ঠিত মেচখনত পাক অধিনায়ক বাবৰ আজমে ভাৰতীয় তাৰকা বেটাৰ বিৰাট কোহলীৰ একে শাৰীতেই এই কৃতিত্ব অৰ্জন কৰে । ২৯ বছৰীয়া দুৰ্ধৰ্ষ বেটাৰগৰাকীয়ে ৩৬ ৰাণৰ ইনিংছ খেলাৰ সময়তেই এই অভিলেখৰ গৰাকী হ'বলৈ সক্ষম হয় ।

উল্লেখ্য় যে, সোঁহতীয়া বেটাৰগৰাকীয়ে ৩৯৮৭ ৰাণ সংগ্ৰহ কৰি এই অভিলেখৰ বাবে মাত্ৰ ১৩ ৰাণৰ প্ৰয়োজন আছিল । ইংলেণ্ডৰ বিৰুদ্ধে অ'ভেলত অনুষ্ঠিত মেচখনত জৰ্ডানৰ এটা অভাৰত ক'ভাৰ ড্ৰাইভেৰে বাউণ্ডেৰী কোবাই এই প্ৰয়োজনীয় ৰাণখিনি সংগ্ৰহৰ পিচতেই টি-২০ মেচত একাধিক অভিলেখৰ গৰাকী হ'বলৈ সক্ষম হয় ।

ইয়াৰ পূৰ্বে আয়াৰলেণ্ড-পাকিস্তানৰ মাজত অনুষ্ঠিত তৃতীয়খন T-20 মেচত অধিনায়ক বাবৰ আজমে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ সৰ্বাধিক 50-তকৈ অধিক ৰাণ কৰা বেটাৰৰ অভিলেখ অতিক্ৰম কৰিছিল ৷ এই মেচখনত অধিনায়ক বাবৰ আজমে আক্ৰমণাত্মক বেটিঙেৰে 42 টা বলতে 75 ৰাণ সংগ্ৰহ কৰিছিল ৷

পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত টি-২০ত পাকিস্তানে হতাশজনক খেল প্ৰদৰ্শন কৰে । পাকিস্তানে প্ৰথমে বেটিং কৰি ১৫৭ ৰাণ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিচতেই ঘৰুৱা দলটোৱে মাত্ৰ ১৫.৩ অভাৰত এই ৰাণখিনি সংগ্ৰহ কৰি বিজয় সাব্য়স্ত কৰিবলৈ সক্ষম হয় । এই বিজয়ৰ লগে লগে ইংলেণ্ডে চাৰিখনীয়া মেচৰ শৃংখলাটো ২-০ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় । এতিয়া অহা ২ জুনত অনুষ্ঠিত হ'বলগীয়া মেচখনৰ ওপৰত দুয়োটা দলৰেই দৃষ্টি নিৱদ্ধ হৈছে ।

উল্লেখ্য় যে বাবৰে অধিনায়ক হিচাপে টি-২০ত ২৫০০ ৰাণ সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । বাবৰে বৰ্তমানলৈকে ৮১ খন মেচত ২৫২০ ৰাণ সংগ্ৰহ কৰিছে । টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে সংগ্ৰহ কৰা সৰ্বাধিক ৰাণৰ ক্ষেত্ৰত তেওঁ কোহলীকো অতিক্ৰম কৰে । তেওঁ ১৪১ ষ্ট্ৰাইক ৰেটৰে ৬৬০ ৰাণ সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক:পাকিস্তান বনাম ইংলেণ্ডৰ দ্বিতীয়খন টি-২০ ৰ মাজতে পেলেষ্টাইনৰ পতাকা লৈ খেলপথাৰত প্ৰৱেশ যুৱকৰ - Pakistan Vs England 2nd T20I

T-20 ক্ৰিকেটত বিৰাট কোহলীক চেৰ পেলালে পাক অধিনায়ক বাবৰ আজমে - Babar Azam Shatters Records

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.