ETV Bharat / sports

অৱনী লেখাৰাৰ স্বৰ্ণ, মোনা আগৰৱালৰ ব্ৰঞ্জৰে পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈৰ আধিপত্য - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 30, 2024, 4:13 PM IST

Indian players at paris paralympics: শুকুৰবাৰে পেৰিছ পেৰালিম্পিকৰ মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফলৰ শাখাত ভাৰতৰ হৈ স্বৰ্ণপদক অৰ্জন কৰে অৱনী লেখাৰাই ৷ একেটা শাখাতে ব্ৰঞ্জৰ পদক জয়ী কৰে মোনা আগৰৱালে ৷

PARIS PARALYMPICS 2024
অৱনী লেখাৰা (AFP PHOTOS)

স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: 28 আগষ্টৰ পৰা প্ৰেমৰ চহৰত আৰম্ভ হৈছে পেৰিছ পেৰালিম্পিক 2024 শীৰ্ষক ক্ৰীড়া প্ৰতিযোগিতা ৷ এই অলিম্পিকত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে 84 জনীয়া এটা খেলুৱৈৰ দলে ৷

ভাৰতীয় মহিলা পেৰা-শ্বুটাৰ অৱনী লেখাৰাই পেৰিছ পেৰালিম্পিক 2024 ত শ্বুটিঙত দেশৰ হকে সোণৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিছে । একেখন প্ৰতিযোগিতাতে ভাৰতৰ মোনা আগৰৱালে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে । দুয়োগৰাকী খেলুৱৈয়ে মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ 1 ইভেণ্টত ভাৰতৰ হৈ ক্ৰমে সোণ আৰু ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে ।

অৱনীয়ে অৰ্জন কৰিলে স্বৰ্ণপদক, মোনাই পালে ব্ৰঞ্জ

পেৰিছ পেৰালিম্পিক 2024 ৰ দ্বিতীয় দিনা ভাৰতৰ হৈ অৱনী লেখাৰাই 249.7 পইণ্টৰ সৈতে অভিলেখ স্থাপন কৰি জয় কৰে সোণৰ পদক । আনহাতে, মোনা আগৰৱালে 228.7 পইণ্টৰ সৈতে প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰি অৰ্জন কৰে ব্ৰঞ্জৰ পদক ৷ আনহাতে, কোৰিয়াৰ লি য়ুনৰীয়ে 286.8 পইণ্টৰে দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক জয় কৰে ।

অৱনীৰ একেৰাহে দ্বিতীয়টো সোণৰ পদক

এয়া হৈছে পেৰালিম্পিকত অৱনী লেখাৰাৰ দ্বিতীয়টো স্বৰ্ণপদক ৷ আনহাতে, ব্যক্তিগত শাখাত খেলুৱৈগৰাকীৰ বাবে এয়া তৃতীয়টো পদক ৷ পূৰ্বে, লেখাৰাই টকিঅ’ পেৰালিম্পিক 2020 ত সোণৰ পদক জয় কৰিছিল । খেলুৱৈগৰাকীয়ে একেৰাহে দুটা পেৰালিম্পিকত দেশৰ হৈ স্বৰ্ণপদক অৰ্জন কৰি সৃষ্টি কৰিছে ইতিহাস ।

অৱনী হৈছে পেৰালিম্পিকত দুটাকৈ সোণৰ পদক জয় কৰা একমাত্ৰ ভাৰতীয় ৷ 2012 চনত এক পথ দুৰ্ঘটনাৰ ফলত খেলুৱৈগৰাকীৰ সংগী হৈ পৰিছিল হুইলচেয়াৰ ৷ নিজৰ সাহস আৰু শক্তিৰে 2015 চনত জয়পুৰ শ্বুটিং ৰেঞ্জত প্ৰথমবাৰৰ বাবে খেলি খেলুৱৈগৰাকীয়ে উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল ৷

লগতে পঢ়ক: পেৰিছ পেৰালিম্পিকত হুইলচেয়াৰ বাস্কেটবলক অভিবাদন গুগল ডুডলৰ - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.