ETV Bharat / sports

37 সংখ্যক ৰাষ্ট্ৰীয় চাব ​​জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমলৈ 6 টাকৈ স্বৰ্ণ পদক

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 7:08 AM IST

Taekwondo Tournament in Raipur : বহিঃৰাজ্যত অসম সন্তানৰ কৃতিত্ব ৷ 6 টাকৈ স্বৰ্ণ পদকেৰে ৰাজ্যলৈ গোৰৱ কঢ়িয়ালে অসম সন্তানে ৷ ৰায়পুৰত অনুষ্ঠিত হৈ থকা 37 সংখ্যক ৰাষ্ট্ৰীয় চাব ​​জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ খেলুৱৈয়ে লাভ কৰিবলৈ সক্ষম হৈছে 6 টাকৈ স্বৰ্ণ পদক ৷

assam-won-six-gold-in-national-sub-junior-taekwondo-tournament-in-raipur
37 সংখ্যক ৰাষ্ট্ৰীয় চাব ​​জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতা

স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰী : ছত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হৈ থকা 37 সংখ্যক ৰাষ্ট্ৰীয় চাব ​​জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ খেলুৱৈয়ে লাভ কৰিবলৈ সক্ষম হৈছে 6 টাকৈ স্বৰ্ণ পদক ৷ প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনা অসমৰ খেলুৱৈ এই পদক লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, ছত্তীশগড়ৰ খেলুৱৈসকলে তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ।

37 সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত দুগৰাকী টাইকোৱাণ্ডো খেলুৱৈ লৱাংলে সিংহ আৰু সুপালি চন্দাই নিজৰ নাম জিলিকাবলৈ সক্ষম হয় । 2 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ ছত্তীশগড়ৰ ৰায়পুৰত আয়োজন কৰা এই চেম্পিয়নশ্বিপত সমগ্ৰ দেশৰ খেলুৱৈসকলৰ ক্ৰীড়া দক্ষতাৰ আকৰ্ষণীয় প্ৰদৰ্শন দেখিবলৈ পোৱা যায় ।

সুক্ষ্মতা আৰু নিখুঁততাৰে অসমক প্ৰতিনিধিত্ব কৰি ব্যক্তিগত শাখাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ব্ৰঞ্জৰ পদক লাভ কৰে লৱাংগলে সিংহই । ব্যক্তিগত পূমছাই শাখাত সুপালী চন্দাই ব্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন কৰে তথা ৰাষ্ট্ৰীয় মঞ্চত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

হাইলাকান্দি জিলা ক্ৰীড়া সন্থাৰ সভাপতি গৌতম ৰায়ে দুয়োগৰাকী পদক বিজয়ীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । এনে ব্যতিক্ৰমী প্ৰতিভাক প্ৰশিক্ষণ আৰু গঢ় দিয়াৰ বাবে হাইলাকান্দি জিলা টাইকোৱাণ্ডো এছ’চিয়েশ্যনৰ অদম্য প্ৰচেষ্টাক ৰায়ে প্ৰশংসা কৰে ।

হাইলাকান্দি জিলা টাইকোৱাণ্ডো সন্থাৰ সভাপতি মনজিৎ দাসে নিপুণ খেলুৱৈসকলৰ বাবে প্ৰাইজমানি ঘোষণা কৰে । সিংহ আৰু চন্দাই কৰা কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়াই নহয় জিলাখনৰ উদীয়মান প্ৰতিভাসমূহক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্য এই প্ৰাইজমানি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কয় ।

ৰায়পুৰত অনুষ্ঠিত হোৱা ছাব-জুনিয়ৰ নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত নিজৰ ৰাজ্যক সুখ্যাতিৰে প্ৰতিনিধিত্ব কৰি জিলাখনৰ 6 গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে পদক দখল কৰাৰ বাতৰিয়ে ৰাজ্যৰ ক্ৰীড়া জগতলৈ আশাৰ বাতৰি কঢ়িয়াই আনিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: লখিমপুৰত ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.