ETV Bharat / sports

ভাৰতীয় হকী দলৰ দুৰ্বাৰ গতিৰ সন্মুখত 5-1 ত ধৰাশায়ী জাপান - ASIAN HOCKEY CHAMPIONS TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Sep 9, 2024, 5:06 PM IST

India vs Japan Hockey: চীনত চলি থকা এছিয়ান হকী চেম্পিয়নছ ট্ৰফীত ভাৰতৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৷ দলটোৱে জাপানৰ বিৰুদ্ধে এখন মেচত 5-1 গ’লত জয়লাভ কৰে ৷ এই জয়ে ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ পুনৰ এবাৰ খিতাপ দখলৰ উদ্দেশ্যৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাতো নিশ্চিত কৰে ৷

ASIAN HOCKEY CHAMPIONS TROPHY 2024
ভাৰতীয় হকী দল (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 9 ছেপ্টেম্বৰ: ভাৰতীয় পুৰুষ হকী দলে এছিয়ান হকী চেম্পিয়নছ ট্ৰফীত অব্যাহত ৰাখিছে সুন্দৰ প্ৰদৰ্শন । ভাৰতৰ হৈ সুখজিৎ সিং (প্ৰথম মিনিট, শেষ মুহূৰ্তত), অভিষেক (দ্বিতীয় মিনিট), সঞ্জয় (17 মিনিট) আৰু উত্তম সিঙে (54 মিনিট) ত গ’ল প্ৰদান কৰে । মেচখনত জাপানৰ হৈ মাৎসুমোটোৱে (41 মিনিট) একমাত্ৰ গ’লটো কৰে ।

ভাৰতৰ চমকপ্ৰদ আৰম্ভণি

পেৰিছ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ভাৰতীয় দলে জাপানৰ বিৰুদ্ধে অংশ লোৱা মেচখনত চমকপ্ৰদ আৰম্ভণি কৰে ৷ জাপানে নিজৰ ৰণনীতি কাৰ্যকৰী কৰাৰ পূৰ্বে ভাৰতে মেচৰ প্ৰথমটো গ’ল প্ৰদান কৰি দলটোৰ ওপৰত চাপ প্ৰয়োগ কৰে ৷

মেচখনৰ প্ৰথমটো মিনিটত সুখজিতে ভাৰতৰ হৈ প্ৰথম গ’লটো দিয়ে । দ্বিতীয় মিনিটত অভিষেকে আন এটা গ’ল কৰি ভাৰতক 2-0 ৰ অগ্ৰগতি প্ৰদান কৰে ৷

হাফ টাইমলৈকে 3-0 অগ্ৰগতিৰে ভাৰত

টীম ইণ্ডিয়াই দ্বিতীয় কোৱাৰ্টাৰত শক্তিশালী স্থিতি অব্যাহত ৰাখি জাপানক যথেষ্ট চাপত পেলায় ৷ মেচখনৰ 17 মিনিটত ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে, যাৰ ওপৰত সঞ্জয়ে এটা সুন্দৰ গ’ল প্ৰদান কৰি দলটোক 3-0 লৈ আগুৱাই নিয়ে ।

জাপানে এই কোৱাৰ্টাৰত গ’ল দিয়াৰ আপ্ৰাণ চেষ্টা চলাই ব্যৰ্থ হয় । হাফ টাইমলৈ ভাৰতে জাপানৰ বিৰুদ্ধে 3-0 ৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে ।

তৃতীয় কোৱাৰ্টাৰত জাপানৰ প্ৰত্যাৱৰ্তন

হাফ টাইমত 3-0 ত পিছ পৰাৰ পিছত জাপানে তৃতীয় কোৱাৰ্টাৰত প্ৰত্যাৱৰ্তন ঘটায় ৷ মেচৰ 41 মিনিটত জাপানৰ হৈ মাৎসুমোটোৱে প্ৰথম তথা একমাত্ৰ গ’লটো কৰে । তৃতীয় কোৱাৰ্টাৰত মেচখন 3-1 গ’লৰ ব্যৱধানত সামৰণি পৰে ।

ভাৰতৰ বিৰুদ্ধে 5-1 গ'লত পৰাস্ত জাপান

চতুৰ্থ কোৱাৰ্টাৰত দুয়োটা দলৰ মাজত কঠিন যুঁজ পৰিলক্ষিত হয় ৷ মেচৰ 54 মিনিটত ভাৰতৰ হৈ উত্তম সিঙে এটা সুন্দৰ ফিল্ড গ’ল প্ৰদান কৰে ৷ খেলখনৰ অন্তিম মুহূৰ্তত সুখজিৎ সিঙে আন এটা গ’ল কৰি জাপানৰ বিৰুদ্ধে ভাৰতৰ জয় নিশ্চিত কৰে । ভাৰতে মেচখনত 5-1 গ’লৰ ব্যৱধানত জয় লাভ কৰে ৷

অভিষেক হিৰো অৱ দ্য মেচ নিৰ্বাচিত

ভাৰতীয় হকী দলটোৰ তাৰকা ফৰৱাৰ্ড খেলুৱৈ অভিষেক আছিল এই মেচখনৰ বিজয়ৰ নায়ক । মেচখনৰ দ্বিতীয় মিনিটত অভিষেকে বহুকেইগৰাকী জাপানী খেলুৱৈক বাধা প্ৰদান কৰি এটা সুন্দৰ ফিল্ড গ’ল কৰিছিল ৷ সমগ্ৰ মেচখনতে সুন্দৰ প্ৰদৰ্শন অব্য়াহত ৰাখিছিল অভিষেকে ৷ যাৰ বাবে তেওঁক প্ৰদান কৰা হয় হিৰো প্লেয়াৰ অৱ দ্য মেচ বঁটা ৷

প্ৰথমখন খেলত চূৰ্ণ-বিচূৰ্ণ চীন

ভাৰতীয় দলটোৱে দেওবাৰে তেওঁলোকৰ প্ৰথমখন মেচত আয়োজক চীনক 3-0 গ'লত পৰাস্ত কৰি এছিয়ান হকী চেম্পিয়নছ ট্ৰফীত সুন্দৰ আৰম্ভণি কৰিছিল । ভাৰতৰ হৈ সুখজিৎ সিঙে(14 মিনিট), উত্তম সিং(27 মিনিট) আৰু অভিষেকে (32 মিনিট) ত গ’ল প্ৰদান কৰে ।

একেদিনাৰ আন এখন মেচত জাপানে কোৰিয়াৰ বিৰুদ্ধে 5-5 গ’লৰ ড্ৰ’ৰ সৈতে প্ৰথমখন মেচত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024: ভাৰতৰ বিৰুদ্ধে 4-0 ত পৰাস্ত আয়োজক চীন - ASIAN HOCKEY CHAMPIONS TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.