ETV Bharat / sports

এছিয়ান হকী চেম্পিয়নছ ট্ৰফী: পোনপটীয়াকৈ ক’ত উপভোগ কৰিব পাৰিব ভাৰত-পাকিস্তানৰ খেল - ASIAN HOCKEY CHAMPIONS TROPHY 2024 - ASIAN HOCKEY CHAMPIONS TROPHY 2024

India vs Pakistan: ভাৰত আৰু পাকিস্তানৰ মাজত এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ এখন খেল শনিবাৰে অনুষ্ঠিত হ'ব । এই খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ ক’ত, কেনেদৰে হ’ব, সকলো তথ্যৰ বাবে পঢ়ক বিতং খবৰ ৷

ASIAN HOCKEY CHAMPIONS TROPHY 2024
এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Sep 13, 2024, 7:45 PM IST

স্প’ৰ্টছ ডেস্ক, 13 ছেপ্টেম্বৰ: পেৰিছ অলিম্পিক 2024 ৰ ব্ৰঞ্জ পদক বিজয়ী ভাৰতীয় পুৰুষ হকী দলে চীনত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নছ ট্ৰফী 2024 ত অব্যাহত ৰাখিছে সুন্দৰ প্ৰদৰ্শন ৷ দলটোৱে বৰ্তমানলৈকে চাৰিখনকৈ খেলত অংশগ্ৰহণ কৰি আটাইকেইখন খেলতে জয় লাভ কৰিছে ৷ ইতিমধ্যে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে ভাৰতে ৷

ভাৰতে শনিবাৰে অনুষ্ঠিত হ’বলগীয়া দলটোৰ পৰৱৰ্তী খেলখনত মুখামুখি হ’ব চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে ৷ হাই প্ৰফাইল খেলখনৰ সন্দৰ্ভত কিছু কথা এই প্ৰতিবেদনত আগবঢ়োৱা হ’ল ৷

প্ৰতিযোগিতাখনত দুয়োটা দলৰ প্ৰদৰ্শন

হৰমনপ্ৰীত সিঙৰ নেতৃত্বাধীন ভাৰতীয় পুৰুষ হকী দলে চলিত এছিয়ান চেম্পিয়নছ ট্ৰফী 2024 ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে । ভাৰতে আয়োজক দেশ চীনৰ বিৰুদ্ধে 3-0 গ’লৰ জয়েৰে অভিযান আৰম্ভ কৰি পৰৱৰ্তী সময়ত জাপান, মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াক পৰাস্ত কৰে ৷

জাপানৰ বিৰুদ্ধে 5-1 গ’লত, মালয়েছিয়াৰ বিৰুদ্ধে 8-1 গ’লত আৰু পৰৱৰ্তী খেলখনত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 3-1 গ’লত ৰোমাঞ্চকৰ জয় লাভ কৰে ভাৰতে ।

আনহাতে, এই প্ৰতিযোগিতাৰ পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে পাকিস্তান ৷ দলটোৱে খেলা চাৰিখন খেলৰ ভিতৰত দুখনত এতিয়ালৈকে জয়ী হৈছে । পাকিস্তানে মালয়েছিয়াৰ বিৰুদ্ধে 2-2 ত অমীমাংসিতভাৱে তেওঁলোকৰ অভিযান আৰম্ভ কৰিছিল ৷

পৰৱৰ্তী সময়ত কোৰিয়াৰ বিৰুদ্ধেও দলটোৱে অমীমাংসিতভাৱে খেল খেলে । অৱশ্যে পাকিস্তানে শেহতীয়া দুখন খেলত যথেষ্ট উন্নতি দেখুৱাইছে । তেওঁলোকে জাপানক 2-1 গ’লত পৰাস্ত কৰাৰ লগতে আয়োজক চীনক 5-1 গ’লত পৰাস্ত কৰে ।

ভাৰত বনাম পাকিস্তানৰ শেহতীয়া ফলাফল

ভাৰত আৰু পাকিস্তান দুয়োটা দলৰ মাজত শেহতীয়াকৈ খেলা খেলসমূহৰ ফলাফল লক্ষ্য কৰিলে দেখা যায় যে, ভাৰতে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে । যেতিয়া দুয়োটা দলে শেষবাৰৰ বাবে মুখামুখি হৈছিল, ভাৰতে পাকিস্তানক 10-2 গ’লত পৰাস্ত কৰিছিল । ইয়াৰ কেইমাহমান আগতে চেন্নাইত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে 4-0 গ’লত জয়লাভ কৰে ।

  • ভাৰত বনাম পাকিস্তান এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ খেলখন ক'ত অনুষ্ঠিত হ'ব ?

ভাৰত বনাম পাকিস্তান এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ ৰাউণ্ড-ৰবিন মেচখন চীনৰ আভ্যন্তৰীণ অংশ মংগোলিয়াৰ হুলুনবুইৰৰ মোকি প্ৰশিক্ষণ ঘাটিত অনুষ্ঠিত হ'ব ।

  • ভাৰত বনাম পাকিস্তান এছিয়ান চেম্পিয়নছ ট্ৰফীৰ খেলখন কেতিয়া ?

ভাৰত আৰু পাকিস্তানৰ মাজত এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ খেলখন শনিবাৰে অৰ্থাৎ 14 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ।

  • ভাৰত বনাম পাকিস্তান এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ খেলখন কিমান সময়ত আৰম্ভ হ'ব ?

ভাৰত বনাম পাকিস্তান এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ খেলখন ভাৰতীয় সময় অনুসৰি দুপৰীয়া 1.15 বজাত আৰম্ভ হ'ব ।

  • কোনটো টিভি চেনেলে ভাৰত বনাম পাকিস্তান এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ খেলখন সম্প্ৰচাৰ কৰিব ?

ভাৰত বনাম পাকিস্তান এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ খেলখন ছ’নী স্প’ৰ্টছ টেন 1 আৰু টেন 1 এইচ ডি চেনেলত সম্প্ৰচাৰ কৰা হ'ব ৷

লগতে পঢ়ক: অপ্ৰতিৰোধ্য ভাৰত: দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 3-1 গ’লত জয় - ASIAN HOCKEY CHAMPIONS TROPHY 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.