ETV Bharat / sports

মুম্বাইত দুবাহুৰ শক্তিৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সংস্কৃতাই - ASIAN ARM WRESTLING CUP 2024

এছিয়ান পাঞ্জা কাপ ২০২৪ত লখিমপুৰৰ সংস্কৃতা বৰাই লাভ কৰিলে ৰূপৰ পদক ।

Sanskrita Bora won silver
মুম্বাইত দুবাহুৰ শক্তিৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সংস্কৃতাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 5:54 PM IST

লখিমপুৰ : লখিমপুৰৰ যুৱতী সংস্কৃতা বৰাই বহিঃৰাজ্যত প্ৰদৰ্শন কৰিলে দুবাহুৰ শক্তি । দুবাহুৰ শক্তিৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি আজুৰি আনিলে সন্মান । মুম্বাইত দুবাহুৰ শক্তি প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে লখিমপুৰৰ যুৱতীগৰাকীয়ে ।

এছিয়ান পাঞ্জা কাপত ৰূপৰ পদক লাভ

মুম্বাইত দুবাহুৰ শক্তিৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সংস্কৃতাই (ETV Bharat)

লখিমপুৰ নগৰৰ খেলমাটিৰ সুন্দৰ নগৰ নিবাসী এইগৰাকী সংস্কৃতা বৰা । ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়া যাদৱ বৰা আৰু পূৰ্ণিমা গগৈ বৰাৰ দ্বিতীয় কন্যা সংস্কৃতা । লখিমপুৰৰ ভেলি ভিউ স্কুলৰ একাদশ শ্রেণিৰ ছাত্রী সংস্কৃতা এগৰাকী পাঞ্জা খেলুৱৈ । তেওঁ চলিত মাহৰ ১৯ তাৰিখৰ পৰা মুম্বাইত অনুষ্ঠিত এছিয়ান পাঞ্জা কাপ ২০২৪ ত অংশগ্রহণ কৰি সোঁহাত আৰু বাঁওহাতৰ খেলত প্ৰতিপক্ষক পৰাস্ত কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । পিপ'লছ আৰ্মৰেষ্টলিং ফেডাৰেচন অৱ ইণ্ডিয়াই আয়োজন কৰা এই প্ৰতিযোগিতাত অংশগ্রহণ কৰি সংস্কৃতাই দুবাহুৰ শক্তিৰে প্ৰতিপক্ষক পৰাস্ত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে তেওঁ বিগত সময়ত ৰাজ্যিক ভিত্তিত আয়োজিত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰাৰ পাছতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছিল । নাগপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰাৰ পাছত এইবাৰ তেওঁ এছিয়ান কাপত অংশগ্রহণ কৰি সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয় । সংস্কৃতাই ক'ভিড মহামাৰীৰ পাছত অষ্টম শ্ৰেণীৰ পৰাই পাঞ্জা খেলৰ প্ৰতি আকৰ্ষিত হৈ অনুশীলন আৰম্ভ কৰে ।

কানন বৰগোঁহাইৰ তত্বাৱধানত লখিমপুৰৰ আৰ্ম পুলাৰ ক্লাবত যোগদান কৰি তেওঁ অনুশীলন আৰম্ভ কৰে । পাঞ্জা খেলৰ অনুশীলন, প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ সমানে তেওঁ পঢ়াশুনাও কৰি গৈছে । খেলৰ জৰিয়তে বিশ্ব জয়ৰ সপোন আছে সংস্কৃতাৰ । সেই সপোন লৈয়ে সংস্কৃতা আগবাঢ়ি গৈছে । ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ দেখুৱাইছে দুবাহুৰ শক্তি । সংস্কৃতাৰ সফলতাত আনন্দিত পিতৃ-মাতৃৰ লগতে আত্মীয় ।

লগতে পঢ়ক :29 জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব বৰদলৈ ট্ৰফী: বুজাবুজিৰ চুক্তি সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.