ETV Bharat / sports

অমনৰ পদক প্ৰয়াত পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি : অলিম্পিকত ব্ৰঞ্জ অৰ্জনৰ পিচত খুৰাকৰ মন্তব্য - Paris Olympics 2024

author img

By ANI

Published : Aug 10, 2024, 7:09 AM IST

Aman Sehrawat Wins Bronze : অলিম্পিকৰ অভিষেকতে অমন চেহৰাৱতে শুকুৰবাৰে পুৱেৰ্টো ৰিকোৰ ডাৰিয়ান ক্ৰুজৰ বিৰুদ্ধে ১৩-৫ পইণ্টৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে । এইটো হৈছে ২০২৪ পেৰিছ অলিম্পিক গেমছত ভাৰতৰ প্ৰথমটো কুস্তিৰ পদক ।

Aman Sehrawat Wins Bronze
অমনৰ খুৰাক আৰু ৰাষ্ট্ৰীয় প্ৰশিক্ষক (ANI Photo)

স্পৰ্টছ ডেস্ক, ১০ আগষ্ট : চলিত পেৰিছ অলিম্পিকত সফলতা অৰ্জনৰ পিছত অমন চেহৰাৱতৰ খুৰাক সুধীৰে প্ৰকাশ কৰে যে অলিম্পিকত ভাৰতীয় মল্লযোদ্ধাগৰাকীৰ ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো তেওঁৰ প্ৰয়াত পিতৃ-মাতৃৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি ।

উল্লেখ্য যে অলিম্পিক অভিষেকতে অমন চেহৰাৱতে শুকুৰবাৰে পুৱেৰ্টো ৰিকোৰ ডাৰিয়ান ক্ৰুজৰ বিৰুদ্ধে ১৩-৫ পইণ্টৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে । এইটো হৈছে ২০২৪ পেৰিছ অলিম্পিক গেমছত ভাৰতৰ প্ৰথমটো কুস্তিৰ পদক ।

এ এন আইৰ সৈতে হোৱা এক বাৰ্তালাপত সুধীৰে অমনৰ প্ৰত্যাহ্বানমূলক যাত্ৰাৰ কথা উল্লেখ কৰি উল্লেখ কৰে যে মল্লযোদ্ধাগৰাকীয়ে ১০ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাবলগীয়া হৈছিল । তাৰ পিচত যথেষ্ট সংগ্ৰামৰ মাজেৰে তেওঁ পাৰ হ'বলগা হৈছে । লগতে তেওঁ আশা ব্যক্ত কৰে যে এই ২১ বছৰীয়া যুৱ প্ৰতিভাগৰাকীয়ে এদিন অলিম্পিকত সোণৰ পদক জয় কৰিব ।

"তেওঁ অলপৰ বাবে সোণৰ পদক হেৰুৱাইছে । কিন্তু তেওঁ দেশৰ হৈ ব্ৰঞ্জৰ পদক জিকিছে । আমি কেৱল প্ৰাৰ্থনা কৰোঁ যে তেওঁ পৰৱৰ্তী অলিম্পিকত সোণৰ পদক জিকিব... অমনৰ জীৱন সংগ্ৰামেৰে ভৰি আছে । তেওঁ ১০ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল । আজি তেওঁ ব্ৰঞ্জৰ পদক জয় কৰি পিতৃ-মাতৃক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।" সুধীৰে কয় ।

উল্লেখ্য যে মেচখনৰ সময়ত পুৱেৰ্টো ৰিকান কুস্তিবিদগৰাকীয়ে প্ৰথমতে ভৰিৰ ওপৰত লক্ষ্য কৰি এক পইণ্ট লাভেৰে অগ্ৰগতি লাভ কৰে । অৱশ্যে অমনে ডাৰিয়ান ক্ৰুজৰ কান্ধক লক্ষ্য কৰি লৈ পইণ্ট অৰ্জন কৰি শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰে । আনহাতে, ডাৰিয়ান ক্ৰুজে দুই পইণ্টেৰে পুনৰ অগ্ৰগতি লোৱাৰ পিচত অমনে খেল পুনৰ নিজৰ নিয়ন্ত্ৰণলৈ আনে । মেচখনৰ বাবে 37 ছেকেণ্ড সময় বাকী থকা অৱস্থাত অমনে অতিৰিক্ত পইণ্ট লাভ কৰে আৰু কাৰিকৰী শ্ৰেষ্ঠতাৰে বাউটটো জয় কৰে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে পেৰিছ অলিম্পিকত ভাৰতীয় অলিম্পিয়ান হিচাপে অমন এক অনন্য কৃতিত্বৰ অধিকাৰী হয় । তেওঁ অলিম্পিক কুস্তিত ভাৰতৰ পদক জয়ৰ ধাৰা অব্যাহত ৰাখে । আহাতে, ২১ বছৰ আৰু ২৪ দিনত অলিম্পিক পদক জয় কৰি অলিম্পিক পদক জয় কৰা সৰ্বকনিষ্ঠ ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় । ইয়াৰ পূৰ্বে শ্বাটলাৰ পি ভি সিন্ধুৱে ২০১৬ চনৰ ৰিঅ' অলিম্পিক গেমছত ২১ বছৰ ৪ মাহত অলিম্পিক পদক জয় কৰিছিল ।

আনহাতে, অমন চেহৰাৱতৰ ব্ৰঞ্জ জয়ৰ পিচত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় কুস্তি প্ৰশিক্ষক জগমন্দৰ সিঙে । তেওঁ কয় যে তেওঁৰ পৰা সোণৰ পদক আশা কৰিছিল যদিও তৃতীয় স্থানতে সন্তুষ্ট হ'বলগা হয় ।

এ এন আইৰ সৈতে বাৰ্তালাপত জগমন্দৰে কয় যে শুকুৰবাৰে ব্ৰঞ্জৰ পদকৰ মেচখনত অমনে উত্তম প্ৰদৰ্শন কৰিছিল । ৰাষ্ট্ৰীয় কুস্তি প্ৰশিক্ষকগৰাকীয়ে লগতে প্ৰকাশ কৰে যে ভৱিষ্যতে দেশৰ বাবে স্বৰ্ণ জয় কৰা প্ৰতিশ্ৰুতি দিছে অমনে ।

"প্ৰদৰ্শন ভাল আছিল । আমি সোণৰ পদক আশা কৰি আছিলোঁ, কিন্তু আমি ব্ৰঞ্জতে সন্তুষ্ট হ'বলগা হ'ল । কিন্তু মই প্ৰতিশ্ৰুতি দিছোঁ যে আগন্তুক সময়ত আমি দেশৰ বাবে সোণৰ পদক আনিম... অমনে প্ৰতিশ্ৰুতি দিছে যে তেওঁ ভৱিষ্যতে স্বৰ্ণ জিকিব... ।" জগমন্দৰ সিঙে কয় ।

ইফালে ৰাষ্ট্ৰীয় কুস্তি প্ৰশিক্ষক বীৰেন্দ্ৰ সিঙে প্ৰকাশ কৰে যে অমনে ছেমি ফাইনেল বাউটৰ পিচত নিজৰ ওজন ৪.৫০ কিলোগ্ৰাম বৃদ্ধি কৰিছিল । "আমি সুখী... অমনে দেশৰ জনসাধাৰণৰ প্ৰত্যাশাৰ পূৰণ কৰিলে... কালি সন্ধিয়া ছেমি ফাইনেল শেষ হোৱাৰ পিচত অমনৰ ওজন প্ৰায় ৪.৫০ কিলোগ্ৰাম বৃদ্ধি পাইছিল । ফলত আমি ডেৰ ঘণ্টাৰ বাবে প্ৰশিক্ষণ লৈছিলোঁ । এক ঘণ্টাৰ বিৰতিৰ মূৰত ট্ৰেডমিল, চাউনা বাথৰ প্ৰশিক্ষণ কৰিছিলোঁ...।" বীৰেন্দ্ৰ দাহিয়াই কয় ।

লগতে পঢ়ক :কুস্তিত ব্ৰঞ্জ অৰ্জনেৰে অলিম্পিক পদক বিজয়ী সৰ্বকনিষ্ঠ ভাৰতীয়ত পৰিণত অমন চেহৰাৱত - Paris Olympics 2024
লগতে পঢ়ক :বিনেশ ফোগাটে এতিয়াও ৰূপৰ পদক লাভ কৰিব পাৰিবনে ? সিদ্ধান্ত কেতিয়া আহিব জানক - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.