স্প’ৰ্টছ ডেস্ক: গোলাঘাটৰ এগৰাকী উদীয়মান যুৱ ক্ৰিকেটাৰ, ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলাখনৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হোৱা প্ৰয়াত বিভাকৰ নাগৰ সোঁৱৰণত, জিলাখনৰ জ্যেষ্ঠ ক্ৰিকেট খেলুৱৈসকলৰ উদ্যোগত আৰু জিলা ক্ৰীড়া সন্থাৰ সহযোগত ফৰকাটিং ক্ৰীড়া সন্থাৰ খেলপথাৰত সদৌ অসম ভিত্তিত টি-20 ক্ৰিকেট খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে ।
দেওবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে খেলখন উদ্বোধন কৰে জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে । তাৰ পূৰ্বে প্ৰয়াত ক্ৰিকেট খেলুৱৈ বিভাকৰ নাগৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ফুটবল খেলুৱৈ তথা পিতৃ হাবুল নাগে ।
ইয়াৰ পাছতে খেলুৱৈসকলৰ সৈতে হোৱা চিনাকি পৰ্বৰ পাছত প্ৰথমখন খেল অনুষ্ঠিত কৰা হয় । দেওবাৰৰ প্ৰথমখন খেল মৰিয়নী আৰু ফৰকাটিং দলৰ মাজত অনুষ্ঠিত কৰা হয় ।
![ALL ASSAM T20 CRICKET TOURNAMENT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-11-2024/22874720_b.jpeg)
প্ৰতিযোগিতাখন উদ্বোধন কৰি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে কয় যে, "বিভাকৰ নাগ সোঁৱৰণী টি-20 ক্ৰিকেট প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠান আৰু এই প্ৰতিযোগিতাখন গোলাঘাট জিলাৰ জ্যেষ্ঠ ক্ৰিকেট খেলুৱৈসকলে অনুষ্ঠিত কৰিছে ৷ যাৰ বাবে মই প্ৰথমতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো ৷ কাৰণ তেওঁলোকৰ সতীৰ্থ খেলুৱৈগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে" ।
![ALL ASSAM T20 CRICKET TOURNAMENT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-11-2024/22874720_c.jpeg)
"ইয়াৰোপৰি প্ৰয়াত বিভাকৰ নাগৰ পিতৃ এগৰাকী ভাল খেলুৱৈ আছিল আৰু পুত্ৰক লৈ বহুতো সপোন দেখিছিল ৷ কিন্তু তেওঁ অকালতে আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া হোৱাত আমি দুখ প্ৰকাশ কৰিছো । গতিকে সংবাদ মাধ্যমৰ ওচৰত আমি এটা কথা অনুৰোধ জনালো যে, বিভাকৰ নাগৰ সোঁৱৰণত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখন সুন্দৰকৈ প্ৰচাৰ কৰি তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাত সহায় কৰে যেন" বুলিও সন্দিকৈয়ে লগতে কয় ।
![ALL ASSAM T20 CRICKET TOURNAMENT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-11-2024/22874720_a.jpeg)
আনহাতে, এই খেল সন্দৰ্ভত এগৰাকী উদ্যোক্তাই জানিবলৈ দিয়া অনুসৰি, "বিভাকৰ নাগ আছিল জিলাখনৰ এগৰাকী উদীয়মান ক্ৰিকেটাৰ ৷ তেওঁ অনুৰ্ধ 16, 19 বছৰ অসম দলৰ হৈ বহুবাৰ খেলত অংশগ্ৰহণ কৰিছিল ৷ তদুপৰি বেংগালুৰুত থকা ACA কেম্পত ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ ৰাহুল দ্ৰাবিড়ৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল ৷ পৰৱৰ্তী সময়ত নাগ নিৰ্বাচিত হৈছিল MRF কেম্পত প্ৰশিক্ষণৰ বাবে ৷ কিন্তু অতি দুখজনকভাৱে আমি তেখেতক 2020 বৰ্ষৰ জুলাই মাহত এক আকস্মিক দুৰ্ঘটনাত চিৰদিনৰ বাবে হেৰুৱালো । সেয়ে তেখেতৰ স্মৃতি জীয়াই ৰাখিবলৈ গোলাঘাট জিলাৰ জ্যেষ্ঠ ক্ৰিকেট খেলুৱৈসকলে সদৌ অসম ভিত্তিত বিভাকৰ নাগ সোঁৱৰণী টি-20 ক্ৰিকেট প্ৰতিযোগিতাখন আৰম্ভ কৰিছো ৷ গতিকে সকলো ৰাইজৰ সহায়-সহযোগ কামনা কৰিছো" ।
![ALL ASSAM T20 CRICKET TOURNAMENT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-11-2024/22874720_d.jpeg)
উল্লেখযোগ্য যে, গোলাঘাটৰ এইগৰাকী উদীয়মান ক্ৰিকেট খেলুৱৈয়ে 2020 বৰ্ষৰ জুলাই মাহত গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তত থকা কাইফুলাংচো জলপ্ৰপাতত বন্ধুৰ সৈতে গা ধুবলৈ যাওঁতে মৃত্যুক আঁকোৱালি হৈছিল ।
লগতে পঢ়ক: টেষ্ট মেচৰ প্ৰথম অভাৰতে হেটট্ৰিক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰগৰাকী কোন ?