ETV Bharat / sports

ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে দলত যোগদান কৰিব গম্ভীৰৰ দুই পুৰণি বন্ধুৱে - Indian Team Coaching Staff

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:27 PM IST

New coaching staff: গৌতম গম্ভীৰ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হোৱাৰ পিচত প্ৰশিক্ষক-কৰ্মচাৰীত যোগদান কৰিবলৈ ওলাইছে দুজন নতুন সহায়ক । ক্ৰিকবাজত প্ৰকাশিত এক বাতৰি অনুসৰি অভিষেক নায়াৰ আৰু ডাচ ক্ৰিকেটাৰ ৰিয়ান টেন ড’শ্বেটে শ্ৰীলংকা ভ্ৰমণৰ পৰা দলটোৰ সৈতে প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছে । পঢ়ক সম্পূৰ্ণ খবৰ..

New Coaching Staff
ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে দলত যোগদান কৰিব গম্ভীৰৰ এই দুই পুৰণি বন্ধুৱে (IANS PHOTO)

স্পৰ্টছ ডেস্ক, ২০ জুলাই : ভাৰতীয় পুৰুষ ক্ৰিকেট দলে ২৭ জুলাইৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে এদিনীয়া আৰু টি-২০ খেলিব । এই ভ্ৰমণৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে । টি-২০ বিশ্বকাপৰ পিচত প্ৰথমবাৰৰ বাবে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক এদিনীয়া শৃংখলাত দেখা যাব । গৌতম গম্ভীৰৰ প্ৰশিক্ষকতাত প্ৰথমখন মেচ খেলিব টিম ইণ্ডিয়াই । শেহতীয়াকৈ ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হোৱাৰ পিচত গম্ভীৰক টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

শ্ৰীলংকা ভ্ৰমণত ভাৰতীয় দলটোক সহায় কৰাৰ বাবে প্ৰশিক্ষক-কৰ্মচাৰীৰ পদত নতুন লোকে যোগদান কৰিবলৈ ওলাইছে । ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ অভিষেক নায়াৰ আৰু প্ৰাক্তন ডাচ ক্ৰিকেটাৰ ৰিয়ান টেন ড’শ্বেটে ভাৰতীয় দলত যোগদান কৰিব । অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই বি চি চি আইয়ে ।

লগতে পঢ়ক: প্ৰশিক্ষক গোটত নিজৰ পছন্দৰ কৰ্মচাৰী বিচাৰে গৌতম গম্ভীৰে - Indian Coach Gautam Gambhir

ইয়াৰ সমান্তৰালকৈ টি দিলীপে ভাৰতীয় দলৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে দলটোৰ সেৱা আগবঢ়াই যাব । দিলীপে এজন দক্ষ ফিল্ডিং প্ৰশিক্ষক হিচাপে নিজৰ সুনাম গঢ়ি তোলাৰ লগতে শ্ৰেষ্ঠ ফিল্ডাৰ বঁটাৰ পৰম্পৰাও আৰম্ভ কৰিছিল ।

ডাচ ক্ৰিকেটাৰ ৰিয়ান আৰু অভিষেক নায়াৰে গৌতম গম্ভীৰৰ সৈতে কলকাতা নাইট ৰাইডাৰ্ছৰ সহায়ক-কৰ্মচাৰী হিচাপে কাম কৰিছে । পূৰ্বে কে কে আৰত ৰিয়ানে ফিল্ডিং প্ৰশিক্ষকৰ ভূমিকা পালন কৰিছিল, গতিকে এতিয়া টি দিলীপৰ টিম ইণ্ডিয়াত থকাৰ সময়ত ৰিয়ানে দলটোৰ হৈ কেনেধৰণৰ ভূমিকা পালন কৰিব সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক: বেটিং প্ৰশিক্ষকৰ পদ বিলোপ কৰাৰ সম্ভাৱনা বি চি চি আইৰ; বলিং প্ৰশিক্ষকৰ দৌৰত মৰ্নে মৰ্কেল - Indian Cricket Team

নতুন বলিং প্ৰশিক্ষকগৰাকীক লৈ কিছু অস্পষ্টতা অব্যাহত আছে যদিও মৰ্ণে মৰ্কেল শক্তিশালী প্ৰাৰ্থী হোৱাৰ বাবে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰগৰাকীয়ে গম্ভীৰৰ প্ৰশিক্ষক দলত ভূমিকা গ্ৰহণ কৰাৰ যথেষ্ট সম্ভাৱনা আছে । ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি সোমবাৰে দিলীপ আৰু নাইৰে দলটোৰ সৈতে যাত্ৰা কৰিব যদিও টেন ড’শ্বেটে কেতিয়া আৰু কেনেকৈ দলটোত যোগদান কৰিব সেয়া স্পষ্ট হোৱা নাই । বৰ্তমান তেওঁ চলি থকা মেজৰ লীগ ক্ৰিকেট (এম এল চি)ত এম নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষক কৰ্মচাৰীৰ অংশ হিচাপে আমেৰিকাত আছে ।

ভাৰতীয় দলটোৱে সোমবাৰে দিনৰ ১ বজাত চাৰ্টাৰ বিমানেৰে মুম্বাইৰ পৰা কলম্বো অভিমুখে ৰাওনা হ’ব । ২২ জুলাইত মুম্বাইৰ আন্ধেৰীৰ এখন পাঁচ তাৰকাযুক্ত হোটেলত সংবাদ মাধ্যমৰ সন্মিলন অনুষ্ঠিত হ’ব পাৰে । য’ত টি-২০ৰ নৱনিযুক্ত অধিনায়ক সূৰ্যকুমাৰ যাদৱকো অন্তৰ্ভুক্ত কৰা হ’ব ।

লগতে পঢ়ক: শ্ৰীলংকা ভ্ৰমণৰ সময়ত ভাৰতীয় দলে লাভ কৰিব নতুন প্ৰশিক্ষক - Indian team new coach

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.