গুৱাহাটী, ১৮ মাৰ্চ : নিৰ্বাচন সমাগত ৷ তৎপৰ হৈ পৰিছে শাসক-বিৰোধী সকলো দল ৷ আগন্তুক লোকসভা নিৰ্বাচনত অসমত বি জে পি মিত্ৰজোঁটৰ আসন ১২ খনলৈ বৃদ্ধি হ'ব বুলি বি জে পিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে দাবী কৰে । গুৱাহাটীৰ বাজপেয়ী ভৱনত এখন বৈঠকত অংশগ্ৰহণ কৰাৰ পিচত সাংবাদিকক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
সোণোৱালে কয় যে যোৱাবাৰ লোকসভা নিৰ্বাচনত বি জে পি ৯ খন আসনত জয়ী হৈছিল । এইবাৰ এই সংখ্যা ১২ খনলৈ বৃদ্ধি হ'ব । আকৌ উত্তৰ পূৰ্বাঞ্চলত ২২ খন আসনত এন ডি এ জয়লাভ কৰিব । তেওঁ কয়, ‘‘অসমত বি জে পি দলৰ ২০১৪ চনত প্ৰত্যাহ্বান আছিল । পিচত ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত অগপৰ লগত বি জে পিয়ে যৌথভাৱে প্ৰচাৰ কৰিছিল । যাৰ বাবে ২০১৯ চনত ৯ খন আসন পাইছিলো । সেই সময়ত মই মুখ্যমন্ত্ৰী আছিলোঁ ।’’
ইয়াৰ লগতে তেওঁ আৰু কয় যে নৰেন্দ্ৰ মোদীয়ে ১০ বছৰত সফলতাৰে কাম কৰি দেশত শক্তিশালী বাতাবৰণ সৃষ্টি কৰিছে ৷ ৰাইজে তৃতীয় বাৰৰ বাবে দেশত এন ডি এ চৰকাৰ থকা বিচাৰিছে । এই কথা স্পষ্ট হৈ পৰিছে । যাৰ বাবে অসমত লোকসভাত এন ডি এৰ আসন ১২ খনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । লুৰীণজ্যোতি গগৈৰ প্ৰতিদ্বন্দ্বিতাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়,‘‘ বিৰোধীক আমি শ্ৰদ্ধা কৰো । গণতন্ত্ৰত বিৰোধী লাগিব ।’’
লগতে পঢ়ক : পুৰণি সতীৰ্থৰ সহযোগিতা বিচাৰি অগপৰ কাৰ্যালয়ত সোণোৱাল