ETV Bharat / politics

প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে - Lok sabha Election 2024 - LOK SABHA ELECTION 2024

Lakhimpur Lok Sabha constituency: অহা পাঁচ বছৰত ভাৰতক বিশ্বৰ তৃতীয় শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বাৰ্থতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়ী কৰোৱাৰ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ জোনাইত উপস্থিত হৈ কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা সোণোৱালৰ ৷

Lakhimpur Lok Sabha constituency
প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 10:27 AM IST

প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

জোনাই, 6 এপ্ৰিল: সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজত তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ । তাৰ সমান্তৰালকৈ 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ 80 নং জোনাই বিধানসভা সমষ্টিৰ জোনাইৰ জোনেকাৰেংস্থিত আবুটানি লত্তাত শুকুৰবাৰে বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "নিৰ্বাচন আহি থাকে আৰু বহু নিৰ্বাচন গ'ল । কিন্তু এইবাৰৰ নিৰ্বাচনটো এইকাৰণে গুৰুত্বপূৰ্ণ যে অহা পাঁচ বছৰৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয়খন সৰ্ববৃহৎ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ চৰকাৰ হ'লেহে সেয়া পূৰণ হ'ব । সেই লক্ষ্যত উপনীত হ’বৰ বাবে এই বিকাশ যাত্ৰাক তীব্ৰ গতি দিয়াৰ বাবে বিজেপিৰ নেতৃত্বত এখন চৰকাৰ দিল্লীত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷"

সোণোৱালে পুনৰ কয়, "দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ 60 বছৰীয়া শাসনৰ সময়ছোৱাত অপশাসন আৰু ভ্ৰষ্টাচাৰ, দুৰ্নীতি,পৰিয়াল কেন্দ্ৰিকতা আৰু সাম্প্ৰদায়িক বিভাজন, বৈষম্যমূলক ৰাজনীতিৰ বাবে ভাৰতবৰ্ষৰ দৰে এখন সম্পদশালী ৰাষ্ট্ৰ অন্ধকাৰত ডুব গৈ আছিল ৷ কিন্তু আজি এইখন ৰাষ্ট্ৰক সু-সংগঠিত কৰি ভাৰতবৰ্ষৰ প্ৰতিটো জাতি, জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ সকলোকে সম মৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰ প্ৰধান কৰাৰ বাবে 2014 চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ যি বিকাশ যাত্ৰা আৰম্ভ কৰিলে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ জনগণ লাভাম্বিত হৈছে ৷ কংগ্ৰেছক অকল ক্ষমতা লাগে ৷"

কিন্তু বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাচতে অসমৰ খিলঞ্জীয়া, ভূমিপুত্ৰসকলৰ মৌলিক সমস্যা ভূমি পট্টা দিয়াৰ কাম আৰম্ভ হ'ল বুলি দাবী কৰি 2016 চনৰ পৰা বৰ্তমানলৈ 6 লাখ লোকক ভূমি পট্টা প্ৰদান কৰি ৰাইজৰ কল্যাণ সাধন কৰা হৈছে বুলি উল্লেখ কৰি প্ৰদান বৰুৱা এগৰাকী অত্যন্ত সক্ৰিয় জনপ্ৰতিনিধি বুলি কয় সোণোৱালে ৷

নিৰ্বাচনী প্ৰচাৰ সভাত ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী টংকেশ্বৰ সোণোৱাল, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, সন্মিলীত গণ শক্তিৰ বিষয়ববীয়া অতুল পেগু, পূৱ জোনাই বিজেপি সভাপতি আদিত্য বৰুৱা, পশ্চিম জোনাই বিজেপি সভাপতি শিৱ দলে, ধেমাজি জিলা বিজেপি উপ-সভাপতি পাৰ্থ ছেত্ৰীৰ লগতে বিজেপি মিত্ৰজোঁট দলৰ বহু নেতা-কৰ্মী উপস্থিত থাকে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ দলত্যাগী কংগ্ৰেছীৰ - AIUDF joining in dhubri

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.