ETV Bharat / politics

নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পৰাজিত হৈও সুখী অজয় ৰায়, ৭৩ বছৰৰ পাছত ভোটৰ হাৰে গঢ়িলে অভিলেখ - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 2:26 PM IST

Ajay Rai Vs PM Modi: লোকসভা নিৰ্বাচনত বাৰাণসী লোকসভা সমষ্টিত আকৌ এবাৰ মোদীৰ হাতত পৰাস্ত হ'ল কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায় । পিছে একেৰাহে পৰাজয়ৰ মুখ দেখা অজয় ৰায় এইবাৰ সুখী । কিয়নো এইবাৰ বৃদ্ধি পালে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ভোটৰ হাৰ ।

Congress candidate records vote percentage after 73 years
পৰাজিত হৈয়ো সুখী অজয় ৰায় (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, ৭ জুন: ক্ৰমাগত তৃতীয়টো কাৰ্যকালৰ বাবে শাসনৰ গাদীত বহিবলৈ ওলাইছে নৰেন্দ্ৰ মোদী । অৱশ্যে নিৰ্বাচনৰ সময়ত যি লক্ষ্য লৈ বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, তাৰ পৰা বহু দূৰৈতে থমকি ৰ'ল গেৰুৱা দলটো । নিজে চৰকাৰ গঠন কৰিবৰ জোখাৰে আসনো লাভ নকৰিলেে বিজেপিয়ে । তাতোকৈ ডাঙৰ কথা হৈছে এইবাৰৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয়ৰ ব্যৱধান । তেওঁৰ ক্ৰমাগতভাৱে হ্ৰাস পোৱা এই জয়ৰ ব্যৱধানে নৰেন্দ্ৰ মোদীৰ গ্ৰহণযোগ্যতা সন্দৰ্ভতো ৰাজনৈতিক মহলত চৰ্চা চলিছে ।

বাৰাণসী লোকসভা সমষ্টিৰ ফলাফলে আচৰিত কৰিছে সমগ্ৰ দেশবাসীক । সমষ্টিটোৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় লাভ কৰে যদিও বিপক্ষৰ প্ৰাৰ্থী অজয় ৰায়ৰ পৰাজয়ৰ বিষয়েহে আটাইতকৈ বেছি চৰ্চিত হোৱা পৰিলক্ষিত হৈছে । কিয়নো বিগত বৰ্ষবোৰৰ তুলনাত প্ৰধানমন্ত্ৰী মোদীৰ ভোটৰ ব্যৱধান হ্ৰাস পোৱাৰ বিপৰীতে অজয় ৰায়ৰ ভোটৰ হাৰ এইবাৰ যথেষ্ট বৃদ্ধি হয় ৷

এইবাৰ ১,৫২,৫১৩ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে মোদীয়ে । বিজেপিয়েও প্ৰধানমন্ত্ৰী মোদীক অভিলেখসংখ্যক ভোটত জয়ী কৰাবলৈ চেষ্টা চলাইছিল । কিন্তু সেয়া সম্ভৱ হৈ নুঠিল । সেয়ে এইবাৰ পৰাজিত হৈও সুখী কংগ্ৰেছ নেতা অজয় ৰায় । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান আগবঢ়ায় । ৭৩ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভোটৰ হাৰে অভিলেখৰ সৃষ্টি কৰা বুলিও এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে ।

লগতে পঢ়ক: মোদীৰ তৃতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও ৰাষ্ট্ৰনেতা - Lok Sabha Election Results 2024

৭৩ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কংগ্ৰেছে একেৰাহে তিনিবাৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিচতো বাৰাণসী আসনত অধিক ভোটৰ হাৰ লাভ কৰিছে । কংগ্ৰেছে বাৰাণসীৰ প্ৰতিটো শ্ৰেণীৰ লোকৰে ভোট লাভ কৰিছে । আনহাতে বিজেপিৰ নিজা ভোটাৰো এইবাৰ কংগ্ৰেছৰ ফালে গৈছে বা ভোট দিবলৈ অহা নাই ।

এইগৰাকী হৈছে সেইগৰাকীয়ে অজয় ৰায়, যিয়ে ২০০৯ চনৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হ'বলৈ চেষ্টা কৰি আহিছে । ২০১৪ আৰু ২০১৯ চনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু তেওঁৰ পৰাজয়ৰ পাচত প্ৰশ্ন উত্থাপিত হৈছে যে ৰায়ে কেৱল ভোট ভাঙিবলৈহে কাম কৰি আছিল ।

বাৰাণসীত কংগ্ৰেছ কিমানবাৰ জয়ী হৈছে ?

বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজয়ে ভাৰতীয় জনতা পাৰ্টীৰ যাত্ৰাত আন এক অভিলেখ যোগ কৰিছে । ১৯৫২ চনৰ পৰা ২০২৪ চনলৈকে বাৰাণসীত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে । তেতিয়াৰ পৰা ১৭ টা নিৰ্বাচন অনুষ্ঠিত হৈছে । ইয়াৰে ভিতৰত কংগ্ৰেছে ১৯৫২, ১৯৫৭, ১৯৬২, ১৯৭১, ১৯৮০, ১৯৮৪ আৰু ২০০৪ চনৰ নিৰ্বাচনত জয় লাভ কৰিছে ।

অৰ্থাৎ, কংগ্ৰেছে বাৰাণসী আসনত সাতবাৰ জয়লাভ কৰিছে । বিজেপিয়ে ১৯৯১, ১০০৬, ১৯৯৮, ১৯৯৯, ২০০৯, ২০১৪, ২০১৯ আৰু এইবাৰ ২০২৪ চনত জয়ী হৈছে । এনে পৰিস্থিতিত বিজেপিয়ে মুঠ ৮ বাৰ বাৰাণসীৰ আসনত জয়লাভ কৰিছে ।

এই প্ৰাৰ্থীসকলে কংগ্ৰেছৰ পৰা জয়ী হৈছে

১৯৫২, ১৯৫৭, ১৯৬২, ১৯৭১, ১৯৮০, ১৯৮৪ আৰু ২০০৪ চনত বাৰাণসীত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হৈছে । ইয়াৰ ভিতৰত অধিক ভোট লাভ কৰি জয়ী হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰথমেই নাম আহে শ্যামলালৰ । ১৯৫২ চনৰ পৰা ১৯৬৬ চনলৈ কংগ্ৰেছ সাংসদ ৰঘূনাথ সিঙে বাৰাণসী আসনত জয়লাভ কৰিছিল । ১৯৭১ চনত পণ্ডিত কমলাপতি ত্ৰিপাঠী জয়ী হৈছিল । ১৯৮৪ চনত শ্যামলাল যাদৱ আৰু ২০০৪ চনত ড৹ ৰাজেশ মিশ্ৰ বিজয়ী হৈছিল ।

১৯৮৪ চনত শ্যামলাল যাদৱে ১,৫৩,০৭৬ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল । ১৯৮৯ চনত শ্যামলালে ৯৬,৬৯৩ টা ভোট লাভ কৰিছিল । এই নিৰ্বাচনত তেওঁ দ্বিতীয় স্থানত আছিল । তেওঁ মাত্ৰ ২২.৪৪ শতাংশ ভোট লাভ কৰিছিল । 2009 চনত ৰাজেশ মিশ্ৰই ৬৬,৩৮৬ টা ভোট লাভ কৰিছিল ।

কংগ্ৰেছৰ সপক্ষে অজয় ৰায়ৰ অধিক ভোটৰ শতাংশ বিভাজন :

ভোটগণনাত চাৰিটাকৈ ৰাউণ্ডত আগবাঢ়ি আছিল কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায় । ৰায়ে ৪,৬০,৪৫৭ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬,১২,৯৭০ টা ভোট লাভ কৰিছে । অজয় ৰায়ে ৪০.৪৭ শতাংশ ভোট লাভ কৰে ।

৭৩ বছৰৰ পিচত বাৰাণসী লোকসভা নিৰ্বাচনত যিকোনো কংগ্ৰেছ নেতাৰ এইটো সৰ্বাধিক ভোট শতাংশ হিচাপে বিবেচিত হৈছে । ২০০৪ চনৰ নিৰ্বাচনত ৰায়ে ২,০৬,০৯৪ টা ভোট লাভ কৰিছিল । ২০১৪ চনত তেওঁ ৭৫,৬১৪ টা ভোট লাভ কৰিছিল, ভোটৰ শতাংশ আছিল ৭.৩৪ । ২০১৮ চনৰ লোকসভা নিৰ্বাচনত অজয় ৰায়ে ১,৫২,৫৪৮ টা ভোট লাভ কৰিছিল, ভোটৰ হাৰ আছিল 14.38 শতাংশ ।

লগতে পঢ়ক: এন ডি এৰ জয়তো পৰাজয়ৰ অনুভৱ; '400 পাৰ'ৰ পৰা বিজেপিৰ কেনেদৰে 32 বিয়োগ হ'ল ? - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.