ETV Bharat / politics

বড়োভূমিত ইউ পি পি এল-বি পি এফ একেলগ হ'লে ভাল হ'ব: মুখ্যমন্ত্ৰী শৰ্মাৰ ঘোষণা - CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:30 PM IST

Bodoland Territorial Council Election: বি টি আৰৰ পৰিষদীয় নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক-বিৰোধী ৷ বি টি আৰৰ দুটা প্ৰধান ৰাজনৈতিক দল ইউ পি পি এল আৰু বি পিএ ফ দুটা মেৰুত অৱস্থান কৰি আহিছে । ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য ৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই খলকনি তুলিছে সকলোৰে মনত ৷ প্ৰশ্ন উত্থাপন হৈছে, সলনি হ’ব নেকি বড়োভূমিৰ ৰাজনৈতিক সমীকৰণ ?

Bodoland Territorial Council Election
সলনি হ’ব নেকি বড়োভূমিৰ ৰাজনৈতিক সমীকৰণ (ETV Bharat Assam)

গুৱাহাটী, ১৯ আগষ্ট: "বড়োভূমিত ইউ পি পি এল-বি পি এফ একেলগ হ'লে ভাল হ'ব । দুয়োটা দল একেলগ হ'লে বিজেপিৰ একো ক্ষতি নহয় ৷" বি টি আৰৰ সমাগত পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে আজি গুৰুত্বপূৰ্ণ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

বি টি আৰত সঁচাকৈয়ে একলগ হ'ব নেকি ইউ পি পি এল-বি পি এফ ? সলনি হ’ব নেকি বড়োভূমিৰ ৰাজনৈতিক সমীকৰণ ? ইউ পি পি এল আৰু বি পি এফ এককথাত অহি-নকুল সদৃশ । এককথাত হাগ্ৰামা বসুমতাৰী আৰু প্ৰমোদ বড়ো দুয়ো ৰাজনৈতিকভাৱে দুটা মেৰুত অৱস্থান কৰি আহিছে । বাহ্যিক দৃষ্টিত ইউ পি পি এল আৰু বি পি এফৰ মিত্ৰতা এটা একেবাৰে নিমিলা অংক ।

এনেস্থলত দুয়োটা ৰাজনৈতিক দল একত্ৰিত হোৱাটো সম্ভৱনে ? সি যিয়েই নহওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ এই মন্তব্যই বড়োভূমিৰ ৰাজনীতিৰ বিশেষ ইংগিত বহন কৰিছে ।

আজি কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা মত-বিনিময়ত ইউ পি পি এল আৰু বি পিএ ফ একেলগ হোৱা প্ৰসংগত কয়, "দুয়োটা ৰাজনৈতিক দল যদি এক হয়, সেইটো অসমৰ বাবে ভাল খবৰ । গতিকে, আমি সেইটোক আদৰণি জনাম ৷ এইমিত্ৰতাই বি জে পিক কোনো ক্ষতি নকৰে । বি জে পিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে ৷ তেওঁলোক দুয়োটা দল একলগ হ’লে অসমৰ বাবে ভাল খবৰ ।"

উল্লেখ্য যে, এইবাৰ ২০২৫ৰ আৰম্ভণিতে হ’বলগীয়া বি টি আৰৰ পৰিষদীয় নিৰ্বাচনত বি জে পিয়ে ইতিমধ্যে অকলেই নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে ৷ বিপৰীতে বি জে পিৰ আগ্ৰাসনৰ পৰা উদ্ধাৰৰ বাবে ভিতৰুৱাকৈ বি পি এফ আৰু ইউ পি পি এল দুয়োটা দলেই চেষ্টা চলাইছে বুলি ৰাজনৈতিক চৰ্চা চলিছে । এনে পৰিৱেশত মুখ্যমন্ত্ৰীৰ এনে ভাষ্যই আগন্তুক দিনত নতুন ৰাজনৈতিক সমীকৰণৰ কথাকে বহন কৰিছে ।

লগতে পঢ়ক: কংগ্ৰেছৰ প্ৰাৰ্থীৰ কথা মোৰ লগত আলোচনা কিয় কৰে ? সাংবাদিকক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ - CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.