ETV Bharat / politics

বদৰুদ্দিন আজমল-ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধুবুৰীৰ নিৰ্বাচনী যুঁজত শুকুৰ আলী - Lok Sabha Election 2024

Sukur Ali contest LS election: বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব শুকুৰ আলী ৷ অসম জন মর্চা দলৰ পৰা ধুবুৰী সমষ্টিত শুকুৰ আলীৰ প্ৰাৰ্থিত্ব লাভ ৷

SUKUR ALI CONTEST LS ELECTION
ধুবুৰীত লোকসভা সমষ্টিত শুকুৰ আলীয়ে খেলিব নিৰ্বাচন
author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 7:42 PM IST

ধুবুৰীত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব শুকুৰ আলী

নগাঁও, 1 এপ্ৰিল : পুনৰ নিৰ্বাচন খেলিব শুকুৰ আলীয়ে ৷ লোকসভা নিৰ্বাচনত সামাজিক মাধ্যমত প্ৰায়েই চৰ্চাত থকা শুকুৰ আলীয়ে এইবাৰ ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ বতমান ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শুকুৰ আলী ৷ অসম জন মৰ্চা দলৰ হৈ সামাজিক মাধ্যমত ভাইৰেল হৈ জনপ্ৰিয় হোৱা শুকুৰ আলীয়ে এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা যুঁজিব ৷

ধুবুৰীৰ শুকুৰ আলীক আপুনি নিশ্চয় চিনি পায়, নোপোৱাৰো কাৰণ নাই ৷ কাৰণ সামাজিক মাধ্যমত ভাইৰেল হৈয়েই থাকে শুকুৰ আলী ৷ কেতিয়াবা যদি ইংৰাজীত কথা কৈ ভাইৰেল কেতিয়াবা আকৌ নিৰ্বাচন খেলি ভাইৰেল হয় শুকুৰ আলী ৷ এইবাৰ পুনৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হবলৈ সাজু হৈছে একেগৰাকী শুকুৰ আলী ৷

অসম জন মর্চা দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে শুকুৰ আলীয়ে ৷ ধুবুৰী লোকসভা সমষ্টিত এইবাৰ অসম জন মর্চা দলৰ পৰা শুকুৰ আলীয়ে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা সাংসদ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ৷

2019-ৰ লোকসভা নিৰ্বাচনৰ সময়ত ৰাজনৈতিক পথাৰত ভুমুকি মাৰিছিল শুকুৰ আলীয়ে ৷ প্ৰথমে নিৰ্দলীয় হিচাপে 2019-ৰ লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ ৷ পৰৱৰ্তী সময়ত শুকুৰ আলীয়ে বিজেপি দলত যোগদান কৰি দলটোৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে বিধানসভা নিৰ্বাচন আৰু বি টি আৰ নিৰ্বাচনত প্ৰচাৰ চলাইছিল ৷

আনহাতে নগাঁও লোকসভা সমষ্টিত অসম জন মর্চা দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে অধিবক্তা ছাইফুল ইছলামে ৷ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা দলটোৰ প্ৰাৰ্থিত্ব লাভ কৰিছে চেলিম আহমেদে ৷ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰ্বও ইতিমধ্যে আৰম্ভ হৈছে ৷ সোমবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰথমগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন ৷ সোমবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে অসম জন মর্চা দলৰ প্ৰাৰ্থী ছাইফুল ইছলামে ৷

উল্লেখ্য যে, অসম জন মর্চা দলে অসমৰ তিনিটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, কংগ্ৰেছৰ ৰকিবুল হুছেইন ধুবুৰীৰ স্থানীয় নোহোৱাৰ বাবে শুকুৰ আলীক অসম জন মৰ্চাই প্ৰাৰ্থীত্ব প্ৰদান কৰে বুলি উল্লেখ কৰে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ছাইফুল ইছলামে ৷ অসম জন মর্চা দলৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী শুকুৰ আলীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ সমান্তৰালকৈ নগাঁও লোকসভা সমষ্টিতো একেটা দলৰ প্ৰাৰ্থী ছাইফুল ইছলামেও আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷

লগতে পঢ়ক : কাৰ বাবে অসমত গঠন হ’ল বিজেপি চৰকাৰ; বাখ্যা শুনক বদৰুদ্দিন আজমলৰ মুখেৰে - Ajmal Controversial Statement

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.